লাডাখঃ কৰ’না ভাইৰাছক লৈ দেশজুৰি সতৰ্কতামূলক পদক্ষেপ অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় সেনাৰ জোৱানৰ দেহত পজিটিভ ধৰা পৰিছে। ইতিমধ্যে কৰ’না আক্ৰান্ত সেনা জোৱানজনক আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। 

কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা ভাৰতীয় সেনাবাহিনীৰ জোৱানজন লাডাখত কৰ্মৰত হৈ আছিল। "Snow Warriors" নামেৰে জনাজাত লাডাখ স্কাউটৰ জোৱানজনৰ পিতৃ যোৱা ২৭ ফেব্ৰুৱাৰীত ইৰাণৰ পৰা দেশলৈ উভতিছিল। পিতৃ উভতাৰ সময়ত কেজুৱেল লিভত ঘৰতে আছিল জোৱানজন। ইয়াৰ পিছতে যোৱা ২ মাৰ্চত পুনৰ কৰ্তব্যত যোগ দিছিল তেওঁ।

ইৰাণৰ পৰা উভতাৰ পিছৰে পৰা লাডাখ হাৰ্ট ফাউণ্ডেশ্যনত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল জোৱানজনৰ পিতৃক। যোৱা ৬ মাৰ্চত জোৱানজনৰ পিতৃৰ দেহত ধৰা পৰিছিল কৰ’নাৰ সংক্ৰমণ। ইয়াৰ পিছতে জোৱানজনকো কোৱাৰেণ্টাইনত ৰখা হয় আৰু সোমবাৰে স্বাস্থ্য পৰীক্ষাত পজিটিভ ধৰা পৰে।

কৰ্তব্যত যোগদান কৰিলেও কোৱাৰেণ্টাইনৰ সময়ছোৱাত জোৱানজনে ঘৰতে থাকি পৰিয়ালক বিভিন্ন ঘৰুৱা কামত সহায় কৰিছিল বুলিও বাতৰি পোৱা গৈছে। সেয়ে জোৱানজনৰ পত্নী আৰু দুটি সন্তানৰ লগতে ভনীয়েককো চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় প্ৰশাসনে। 

ইফালে, ভাৰতীয় সেনাৰ এটি সূত্ৰৰ উধৃতিৰে কেবাটাও সংবাদ প্ৰতিষ্ঠানে পুণেৰ সেনা প্ৰতিষ্ঠানত এগৰাকী সেনা বিষয়াৰ দেহত কৰ’নাৰ উপসৰ্গ দেখা দিয়াত কোৱাৰাণ্টাইনত ৰখা হৈছে বুলিও বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে সেনা বিষয়াগৰাকীৰ দেহত পজিটিভ ধৰা পৰা নাই। 

উল্লেখ্য যে, এই পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৪৭ গৰাকী। ইয়াৰে ৩জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। আনহাতে আক্ৰান্তসকলৰ বহুতেই আৰোগ্য লাভ কৰাৰো বাতৰি আহিছে।