newsnextone.com | কোকৰাঝাৰঃ যোৱা কেইবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত এজন যুৱক৷ সংগীত সাধনাত ব্যস্ত যুৱকজনে সংগীতৰ বাহিৰে যেন আন একোকে বুজি নাপায়৷ যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষমও হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লাভ কৰিছে৷ অসমৰ অন্যতম প্ৰতিভাৱান কণ্ঠশিল্পী সুৰজিৎ মহন্তৰ কথাকে কৈছোঁ৷

তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱকগৰাকীৰ এটি ভিডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উদিয়মান কণ্ঠশিল্পী সুৰজিৎ মহন্তই উপহাৰ দিছে ‘হঠাতে এদিন’ নামেৰ এটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰ শীৰ্ষক গীতটো ইতিমধ্যে সমাদৰ লাভ কৰিছে৷ কণ্ঠশিল্পী সুৰজিৎ মহন্তই ‘হঠাতে এদিন’ কণ্ঠদান কৰা গীতটোৰ পৰিচালক ৰিপুঞ্জয় কায়স্থ আৰু সৌৰভ ভট্টাচাৰ্যই প্ৰতিবন্ধকতা যে সফলতাৰ অন্তৰায় নহয় সেই বাৰ্তা প্ৰেৰণ কৰাত সফল হৈছে।

নৱাগতা জীৱন মাধুৰী নেওগ আৰু বিকাশ শইকীয়াই অভিনয় কৰা গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছে বুলি জানিব পৰা গৈছে৷ ইউটিউবত মুকলি কৰা হৈছে গীতটো৷ অসমৰ অন্যতম প্ৰতিভাৱান কণ্ঠশিল্পী সুৰজিৎ মহন্তৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘হঠাতে এদিন’ নামৰ গীতটি অলপতে ইউটিউবৰ যোগেদি মুকলি কৰা হয়। সাংস্কৃতিক জগতত বৰ্তমান চলি থকা কঠিনতম সময়ছোৱাতে ‘হঠাতে এদিন’ নামৰ গীতৰ ভিডিঅ'টোৱে সংস্কৃতিপ্ৰেমী ৰাইজৰ অন্তৰ চুই গৈছে। প্ৰচলিত ধাৰাৰ বিপৰীতে সম্পূৰ্ণ নতুনত্বৰে সুৰজিৎ মহন্তৰ ‘হঠাতে এদিন’ গীতৰ ভিডিঅ'ৰ যোগেদি সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে। 

অৱশ্যে হঠাতে এদিন নামৰ গীতটিৰ ভিডিঅ'ত অভিনয় কৰা নৱাগতা জীৱন মাধুৰী নেওগ আৰু বিকাশ শইকীয়াৰ সামান্য জঠৰতা পৰিলক্ষিত হৈছে যদিও গোলাঘাট আৰু যোৰহাটৰ বিভিন্ন মনোৰম স্থানত দৃশ্যগ্ৰহণ কৰা ভিডিঅ'ৰ কাহিনী উচ্চ মানদণ্ডৰ হৈছে। 

সস্তীয়া নাচ গান, হুলস্থুলীয়া সংগীতৰ বিপৰীতে মুম্বাইৰ বিৰাজ কুমাৰ মহন্তৰ সংগীত ব্যৱস্থাপনা উচ্চ মানদণ্ডৰ আৰু ৰিতুৰাজ দত্তই সম্পাদনা কৰা ভিডিঅ'টো প্ৰকৃতাৰ্থত অপূৰ্ব বুলি চিহ্নিত হৈ ৰব। পৰিয়ালৰ সকলোৱে একেলগে বহি চাব পৰা হঠাতে এদিন নামৰ গীতৰ ভিডিঅ'টোৱে ইউটিউৱত ইতিমধ্যে যথেষ্ট সহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।