নতুন দিল্লীঃ কংগ্ৰেছ দলৰপৰা নিৰ্বাচিত সাংসদসকলৰ শনিবাৰে এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দলৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীও উপস্থিত থাকে৷

উক্ত বৈঠকত ছোনীয়া গান্ধীক কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়৷ 

কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে ছোনীয়া গান্ধীক নিৰ্বাচিত কৰা হৈছে, সেইদৰে ১২ কোটিৰো অধিক জনতাই কংগ্ৰেছক ভোটদান কৰাক আমি কৃতজ্ঞতা জনাইছো৷ জনসাধাৰণৰ আস্থাকলৈ দলে কাম কৰি যাব৷ এনেদৰে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰণদীপ সুৰেজৱালাই টুইটাৰৰ যোগেদি জনতালৈ এক বাৰ্তা প্ৰেৰণ কৰে৷

আনহাতে উক্ত বৈঠকখনত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, আনন্দ শৰ্মা, গোলাম নবী আজাদৰ দৰে কংগ্ৰেছ দলৰ আগশাৰীৰ নেতা সকল উপস্থিত থাকে৷ উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ সৰ্বমুঠ ৫২ গৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈছে।