গুৱাহাটীঃ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয় গান্ধীৰ শনিবাৰে জন্মদিন৷ মহানগৰীৰ ৰাজীৱ ভৱনত পুৱাই প্ৰকাণ্ড কেক কাটি পালন কৰিলে কংগ্ৰেছ নেত্ৰীৰ জন্মদিন৷ বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ দ্বিজেন শৰ্মাৰ আদিৰ উপস্থিতিত কেক কাটিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷

দেশৰ বিভিন্ন প্ৰান্তত দেশৰ প্ৰভাৱশালী নেত্ৰীৰ ৭২ সংখ্যক জন্মদিন পালন কৰে কংগ্ৰেছ দলে৷ ইটালীৰ লুচিয়ানাত ১৯৪৬ চনৰ ৯ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা ছোনীয়া গান্ধী প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ বোৱাৰী হৈ আহিছিল গান্ধী পৰিয়াললৈ৷ নেহেৰু পৰিয়ালৰ বৰ্তমান অন্যতম সদস্য৷ প্ৰায় ১৬ বছৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে তেওঁ৷

ৰাজীৱ গান্ধী মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱাত পত্নী ছোনীয়া গান্ধী দেশৰ প্ৰভাৱশালী মহিলা হৈ পৰিছিল৷আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপে ইটালীৰ কন্যাই ৰাজনীতিৰ অ, আ শিকিবলৈ আৰম্ভ কৰে৷ শাহু ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত স্বামী ৰাজনীতিত আহিব লগা হয়৷

পিছত স্বামী ৰাজীৱ গান্ধীক আততায়ীয়ে গুলীয়াই হত্যা কৰাৰ পিছত ছোনীয়াই ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ পৰিব লগা হৈছিল৷ দহ বছৰ কেন্দ্ৰত চৰকাৰ চলোৱাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল ছোনীয়াই৷ প্ৰায় ১৯৯৮ চনৰ পৰা সন্মুখৰ পৰা দলক নেতৃত্ব দি যোৱা ০৪ ডিচেম্বৰত দলৰ সভাপতিপৰ দায়িত্ব পুত্ৰ ৰাহুলে লাভ কৰে৷