পাঞ্জাবাৰীঃ ২৬ মে’ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্ষপুৰ্তি অনুষ্ঠানৰ বাবে বিজেপি দল, চৰকাৰ, আৰক্ষী প্ৰশাসন, আমোলা সকলোৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷

মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হবলগীয়া বৰ্ষপুৰ্তি অনুষ্ঠানৰ সুৰক্ষাৰ বাবে আৰক্ষী-প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে খানাপাৰাতেই ৰাইজে আশীৰ্বাদ দিছিল নতুন চৰকাৰখনক।

'এবছৰ পূৰ্বে বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো ৰাইজে মিলি এই মহাস্থানতেই আমাক আশীৰ্বাদ দিছিল৷ আশীৰ্বাদ শিৰত লৈ আমি এবছৰ কাল সম্পূৰ্ণ কৰিলো।’- এনেদৰে মন্তব্য কৰি ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি এবছৰ আগৰ দিনটোলৈ মনত পৰিছেনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সোণোৱালে সাংবাদিকসকলৰ সহযোগীতাৰ বাবে কৃতজ্ঞতা যাঁচি কয় যে দুৰ্নীতি-ভ্ৰষ্ট্ৰাচাৰ ৰোধ কৰি কৰ্ম সংস্কৃতি ঘূৰাই অনাটো বিজেপি চৰকাৰ খনৰ বাবে এক আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। এই ক্ষেত্ৰত কিছু পৰিমাণে সফল হোৱা বুলিও মতপোষণ কৰে সোণোৱালে।

উল্লেখযোগ্য যে, অমৰেন্দ্ৰ নাথৰ দুৰ্নীতি সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয় যে দু্‌ৰ্নীতিত লিপ্ত কোনোৱে সাৰি যাব নোৱাৰে।

আনহাতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ তদাৰক কৰি থকা জ্যেষ্ঠ আৰক্ষী বিষয়া কুল শইকীয়াই এইমছ বাবে নগাঁৱত, আৰু কমতাপূৰৰ দাবীত বিটিএডিত হ’ব পৰা আন্দোলনক ৰুধিবলৈ আৰক্ষী সকলো প্ৰকাৰে সাজু থকা বুলি মত ব্যক্ত কৰে৷