ৰিঅ' ডি জেনেৰিঅ': 'মই দুঃখিত, একাংশ লোক মৰিবই, এয়াই জীৱন।’-সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এই মন্তব্য আগবঢ়াইছে এগৰাকী ৰাষ্ট্ৰ প্ৰধানে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে আমাজনৰ বৰ্ষাৰণ্যক বনজুইয়ে এফালৰ পৰা ছাৰখাৰ কৰাৰ পিছতো নিশ্চুপ হৈ থকা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰো।

যিসময়ত সমগ্ৰ বিশ্বৰ অধিকাংশ দেশে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউন ঘোষণা কৰিছে সেই সময়তে ব্ৰাজিলত অৰ্থনীতি স্তব্ধ হৈ পৰাৰ দোহাই দি এতিয়াও কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই বলছ’নাৰো প্ৰশাসনে। ইয়াৰ পৰিৱৰ্তে শুকুৰবাৰে নিশা চৰকাৰী টেলিভিছনক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে একাংশ ৰাজ্যত থকা বিৰোধী দলৰ চৰকাৰে তেওঁৰ লগতে ব্ৰাজিলৰ বদনাম কৰিবলৈ কৰ’নাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বঢ়াই কৈছে।

'পথ দুৰ্ঘটনা হ’ল বুলিয়েই কোনোবাই গাড়ী নিৰ্মাণ কৰা কোম্পানী বন্ধ কৰি দিব জানো? নিশ্চয় নিদিয়ে। বেমাৰত মানুহ মৰেই, কাৰণ মানুহ মৰণশীল। কৰ’নাতো একাংশ মানুহ মৰিব, সকলো নমৰে, সকলোৰে কৰ’না হ’বও নোৱাৰে। গতিকে গোটেই দেশখনেই বন্ধ কৰি দিয়াৰ কোনো ভিত্তি থাকিব নোৱাৰে।’-ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য।

দেশখনৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ পৰামৰ্শমতে কেবাখনো প্ৰদেশৰ স্থানীয় চৰকাৰে কম জৰুৰী সেৱা আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখি সতৰ্ক হ’বলৈ আহ্বান জনাইছে। একাংশ লোকে ৰাষ্ট্ৰপতি বলছ’নাৰো প্ৰশাসনক বাকী দেশসমূহৰ দৰেকৈ সমগ্ৰ ব্ৰাজিলকে লকডাউন ঘোষণা কৰিবলৈ দাবী জনাইছে যদিও বিভিন্ন যুক্তিৰে সেয়া খণ্ডন কৰা দেখা গৈছে ৰাষ্ট্ৰপতিগৰাকীক।

টেলিভিছনক দিয়া সাক্ষাৎকাৰটোত ৰাষ্ট্ৰপতি বলছ’নাৰোৱে আৰু কয় যে ছাও পাউলো প্ৰদেশখনত কৰ’নাত অলপ বেছিকৈ লোক আক্ৰান্ত হৈছে আৰু মৃত্যুমুখতো পৰিছে। দেশখনৰ অৰ্থনীতিৰ মূল কেন্দ্ৰ হিচাপে পৰিচিত প্ৰদেশখন জনসংখ্যাবহুল হোৱা বাবেই সংখ্যা বেছি হ’ব পাৰে বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। চৰকাৰী পৰিসংখ্যা অনুযায়ী এই প্ৰদেশখনত  ১২৩৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে ৬৮জন। কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে এই সংখ্যা স্থানীয় চৰকাৰে বেছিকৈ বঢ়াই কৈছে বুলি দাবী কৰে।
 
'আমি তাত প্ৰকৃততে কি ঘটি আছে সেয়া ভালকৈ নিৰীক্ষণ কৰাৰ পিছতহে সকলো কব পাৰিম। এয়া ৰাজনৈতিক লাভালাভৰ বাবে কৰা সংখ্যাৰ খেল নহয়। সংখ্যাৰে মানুহক ভয় খুৱাই লাভ নাই।’-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।

ইয়াৰ এদিন পূৰ্বে ছাও পাউলোৰ গৱৰ্ণৰ, একালৰ বলছ’নাৰোৰ সহযোগী তথা বৰ্তমানৰ বিৰোধী আৰু ২০২২চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সাম্ভাৱ্য প্ৰাৰ্থী জোৱাও ডৰিয়াই অভিযোগ কৰিছিল যে ৰাষ্ট্ৰপতিগৰাকীয়ে টিভিৰ বিজ্ঞাপনৰ জৰিয়তে ভুল তথ্য বিয়পোৱাৰ চেষ্টা চলাইছে। 'ব্ৰাজিল কেন নট ষ্টপ’ শ্লগানেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে লকডাউনৰ বিৰোধিতা কৰি দেশবাসীক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলিও অভিযোগ কৰিছে গৱৰ্ণৰগৰাকীয়ে।

কৰ'নাক ৰুধিবলৈ কি ব্যৱস্থা লৈছে ব্ৰাজিল চৰকাৰে?

লকডাউনৰ বিৰোধিতা কৰিলেও ব্ৰাজিলৰ বলছ’নাৰো প্ৰশাসনে বিদেশৰ পৰা অহা লোকৰ প্ৰৱেশত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলক লৈও আৰোপ কৰিছে একাধিক নিষেধাজ্ঞা। ইয়াৰ লগতে কেন্দ্ৰীয় বেংকেও একাধিক নীতি-নিয়মৰ পৰিৱৰ্তন ঘটাইছে।

আনহাতে বিত্তমন্ত্ৰী পাওলো গুৱেডছে অসংগঠিত শ্ৰমিক আৰু স্ব-নিয়োজিত লোকসকলক সহায় কৰিবলৈ মোকলাই দিছে ৪৫ বিলিয়ন ব্ৰাজিলিয়ান টকা। কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৩ মাহত মুঠ ৭০০ বিলিয়ন ব্ৰাজিলিয়ান টকা খৰছ কৰা হ’ব বুলিও জনাইছে বিত্তমন্ত্ৰীগৰাকীয়ে।

ইফালে, দেশখনৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে যে ব্ৰাজিলত শুকুৰবাৰলৈকে মুঠ ৩৪১৭ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৰোগবিধত মৃত্যুমুখত পৰিছে ৯৩ জনকৈ লোকে। ইমানৰ পিছতো লকডাউনৰ বিৰোধিতা কৰাত ৰাষ্ট্ৰপতি বলছ’নাৰোক ছ’চিয়েল মিডিয়াযোগে সমালোচনাৰে থকা-সৰকা কৰি তুলিছে নেটিজেনসকলে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতি বলছ’নাৰোৰ সমৰ্থকসকলে প্ৰত্যুত্তৰ হিচাপে তীব্ৰ গতিত অব্যাহত ৰাখিছে 'ব্ৰাজিল কেন নট ষ্টপ’ হেছটেগেৰে আন এক সুকীয়া ছ’চিয়েল মিডিয়া কেম্পেইন।

বলছ’নাৰো বিৰোধীসকলে 'ব্ৰাজিল কেন নট ষ্টপ’ অভিযানক ইটালীৰ মিলানত যোৱা ফেব্ৰুৱাৰী মাহত একাংশ লোকে আৰম্ভ কৰা 'MilanWillNotStop’ৰে তুলনা কৰি দেশখনলৈ সৰ্বনাশ মাতি আনিছে বুলি দাবী কৰিছে। এনেদৰে ব্ৰাজিলত কৰ’না ভাইৰাছক লৈ তুংগত উঠিছে শাসক-বিৰোধীৰ ৰাজনীতি। শাসক-বিৰোধীৰ এই ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত পণবন্দী স্বৰূপ হৈ পৰিছে সাধাৰণ ব্ৰাজিলিয়ানসকল।