এতিয়াও অনিৰ্বাপিত বাঘজানৰ জুই। কেনে আছে সাহায্য শিবিৰসমূহ? নিৰীহ জনসাধাৰণৰ এতিয়া কি বিলৈ হৈছে? সকলো সামৰি ঘটনাস্থলীৰ পৰা NNOৰ তিনিচুকীয়া জিলাৰ ব্যুৰ' বিকাশজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন।


কেনে আছে জুইয়ে ছাৰখাৰ কৰা বাঘজান? কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু দুজনকৈ কেবিনেট মন্ত্ৰীৰ পদধূলাই কি দিলে চকুলো ছাই হৈ পৰা বাঘজানবাসীক? আগৰ প্ৰতিবেদনত আমি উল্লেখ কৰিছিলো যে ভাৰতীয় প্ৰযুক্তিৰ ব্যৰ্থতাৰ বাবেই বাঘজান কাণ্ড সংঘটিত হ’বলৈ পালে আৰু গোটেই দুৰ্ঘটনাটোৰ ক্ষেত্ৰত অইল কতৃৰ্পক্ষ ধোৱা তুলসীৰ পাত নহয়৷ ২৭ মে’ত বাঘজান বিজিআৰৰ ৫ নং খাদৰপৰা কাৰিকৰী বিজুতিৰ ফলস্বৰূপে অহৰহ গেছ, তেল নিৰ্গত হৈ এটা বিস্তৃত অঞ্চল ভয়ানকভাবে প্ৰদূষিত হোৱাৰ পিছত পুনৰ অগ্নিকাণ্ড সংঘটিত হৈ বাঘজানৰ প্ৰায় দহোধিক ঘৰ-বাৰী জুইত জাহ যোৱাৰ উপৰি বাঘজানবাসী ৰাইজৰ চাহ বাগান, তামোল বাৰীকে ধৰি জুইয়ে পুৰি ছাৰখাৰ কৰি পেলায়৷ 

কিন্তু মন কৰিবলগীয়া যে বাঘজান বিজিআৰৰ ৫ নং খাদৰপৰা গেছ নিৰ্গত হোৱাৰ সুদীৰ্ঘ তেৰদিনলৈকে অইল কতৃৰ্পক্ষই গেছ-তেল নিগৰ্মন ৰোধ কৰিবলৈ সক্ষম নহ’ল অন্যহাতে যোৱা ৯ জুনত খাদটোত জুই লাগি ধন-জনৰ ব্যাপক ক্ষতি হোৱাৰ পিছতো আজিৰ তাৰিখলৈকে জুই নিৰ্বাপণৰ ক্ষেত্ৰত এখোজো আগবাঢ়িবলৈ সক্ষম হোৱা নাই৷

বাঘজান কাণ্ড আৰু পাৰ্শ্ব প্ৰতিক্ৰিয়াসমূহ

বাঘজান বিজিআৰৰ ৫ নং খাদত জুই লগাৰ পিছত বিস্তৰ ক্ষয়-ক্ষতি সংঘটিত হোৱাৰ পিছত কেৱল জুইতে বিষয়টো সমাপ্ত হোৱা নাই৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ এদিন পিছতে সমগ্ৰ বাঘজান, দাঁতিকাষৰীয়া নতুন গাঁও, ক’লীয়াপানী, ন-মতাপুং, হাতীবাট, গৰিয়াটিং আদি গাঁওৰ ৰাইজে এক অদ্ভূত ভূ-কম্পনৰ উমান পায় আৰু সেই ভূ-কম্পন এতিয়াও অব্যাহত আছে৷ সেই ভূ-কম্পনৰ মাত্ৰা অধিক হোৱাত নতুন ৰঙাগড়া, বালিজান, গটং মিলনপুৰ গাঁও অঞ্চলৰ প্ৰায় আঠ শতাধিক মানুহে ১০ জুনৰ ৰাতিয়েই গুইজানস্থিত গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় লয়গৈ৷ মন কৰিবলগীয়া যে গেছ-তেল নিগৰ্মণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ দিনধৰি বাঘজানকে ধৰি নতুন গাঁও অঞ্চলৰ বহু লোকে নিৰাপত্তাৰ স্বাৰ্থত আশ্ৰয় শিবিৰৰ সলনি দূৰণিবটীয়া অঞ্চলৰ আত্মীয়-কুটুম্বৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছে৷

ইফালে আগৰ প্ৰতিবেদনত আমি উল্লেখ কৰিছিলো যে বাঘজানত সংঘটিত দুৰ্ঘটনাৰ ফলস্বৰূপে সমগ্ৰ অঞ্চলটোৰ ধন-জন, সা-সম্পত্তি, মাগুৰি-মতাপুং পক্ষীবিল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যৰ ব্যাপক ক্ষতিসাধন হৈছে৷ কিন্তু সমগ্ৰ অঞ্চলটোত গেছ-তেল নিগৰ্মন আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তৃণভূমি, মাগুৰি-মতাপুং বিলৰ জলস্তৰত যি ব্যাপক প্ৰদূষণ সংঘটিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত এটা বিশেষ কেমিকেলৰ দ্বাৰা তেলৰ চামনি নিষ্কাষণ কৰাৰ কথা সদৰী কৰা হৈছিল যদিও আজিকোপতি অইল কতৃৰ্পক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ 

স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে যে ৰাতি হ’লেই খাদটোৰ অগ্নিকুণ্ডৰ পৰা ওলোৱা চকু ছাট মাৰি ধৰা পোহৰত দিক‌-বিদিক হেৰুৱাই বগলীৰ জাক খাদৰ অগ্নিকুণ্ডত পৰি জাহ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ অন্য এক সূত্ৰই আমাক জনাইছে যে দুপ্তাহজোৰা গেছ-তেল নিগৰ্মণ আৰু শেহতীয়াকৈ অহৰহ জ্বলি থকা খাদটোৰপৰা নিৰ্গত ভয়ংকৰ শব্দত ন-মতাপুং গাঁৱত অৱস্থান লৈ থকা দুষ্প্ৰাপ্য হলৌৱে অস্বাভাৱিক আচৰণ দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু খাদ্য গ্ৰহণ কৰিব খোজা নাই৷ অনুৰূপ অৱস্থা হৈছে ঘৰচীয়া ম’হৰ ক্ষেত্ৰতো৷ মাগুৰি-মতাপুং বিলত চৰি থকা ঘৰচীয়া মহবিলাকেও বিলৰ ওপৰত পৰি থকা তেলৰ চামনিৰ বাবে খাদ্য গ্ৰহণ কৰিব নোৱৰাৰ বাবে খাদ্য সংকটত পৰিবলগীয়া হৈছে৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে চৰজমিন তদন্তৰ সময়ত নিতৌ নতুন নতুন তথ্য, সমস্যাৰ শেষ হোৱা নাই৷

আশ্ৰয় শিবিৰৰ অৱস্থা 

মন কৰিবলগীয়া যে বাঘজানৰ দুৰ্গত ৰাইজৰ বাবে ১২ টাকৈ সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু সেই আশ্ৰয় শিবিৰসমূহলৈ অইল কতৃৰ্পক্ষই খাদ্যবস্তু তথা অন্যান্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান ধৰিছে৷ কিন্তু খাদ্যবস্তু তথা অন্যান্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান ধৰিলেও আশ্ৰয় শিবিৰৰ দুৰ্গত জনসাধাৰণৰ বাবে শোৱা আৰু শৌচ-প্ৰচাৱ আৰু গা ধোৱাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে৷ উল্লেখ্য যে আশ্ৰয় শিবিৰত অৱস্থান গ্ৰহণ কৰা জনসাধাৰণক লৈও কিছু বিভ্ৰান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ৰাজনৈতিক হস্তক্ষেপৰ ফলত বাঘজান কাণ্ডই ক্ষতিগ্ৰস্ত নকৰা একাংশ লোককো আশ্ৰয় শিবিৰত ৰাখি ভোট আদায়ৰ প্ৰচেষ্টা চলোৱা বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিছে৷

আনহাতে, অইল কতৃৰ্পক্ষই খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে ধৰণৰ ভূমিকা লোৱা বুলি প্ৰকাশ কৰিছে বৃহত্তৰ নতুন গাঁও অঞ্চলৰ একাংশ যুৱকে৷ উল্লেখযোগ্য যে ভূ-কম্পনৰ মাত্ৰা অধিক হৈ পকী বেৰত ফাট মেলা দেখি ১০ জুনৰ ৰাতি নতুন ৰঙাগড়া, বালিজান, গটং মিলনপুৰ গাঁও অঞ্চলৰ আহোম, মটক, মৰাণ, কলিতা, চাহ জনগোষ্ঠীৰ প্ৰায় আঠ শতাধিক মানুহে আশ্ৰয় শিবিৰত আশ্ৰয় লয় যদিও আশ্ৰয় শিবিৰৰ দুদিন উকলি যোৱাৰ পিছতো অইল কতৃৰ্পক্ষই কোনোধৰণেৰে খা-খবৰ নলৈ সাহায্য সামগ্ৰীৰ যোগান নধৰাক লৈ উল্লিখিত অঞ্চলকেইটাৰ একাংশ যুৱকে ক্ষোভ ব্যক্ত কৰিছে৷ 

গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলৰ বাবে প্ৰথম অৱস্থাত তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰপৰা কেৱল দাইল, নিমখ, চাউল আৰু মিঠাতেলৰ যোগান ধৰা হৈছিল৷ শিবিৰত নাছিল পানী যোগান বা চেনিটাইজাৰৰ ব্যৱস্থা৷ স্থানীয় শুভানুধ্যায়ী ব্যক্তিসকলেহে বাকী সামগ্ৰীসমূহ যোগান ধৰিছিল৷ অৱশ্যে অইল কতৃৰ্পক্ষই শেহতীয়াকৈ গুইজান শিবিৰত খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিছে৷

“আমাক সাহায্য নালাগে, জুইকুৰা নুমুৱাই দিব লাগে, গুমগুমনিটো নাইকিয়া কৰি দিব লাগে”–ভূ-কম্পনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ আমি যেতিয়া ক’লীয়াপানী অঞ্চল পৰিদৰ্শন কৰিছিলো এগৰাকী আদহীয়া মহিলাই আমাৰ সমুখত এনেদৰে ক্ষোভ ব্যক্ত কৰিছিল৷ অন্য এগৰাকী মহিলাই প্ৰকাশ কৰিছিল যে খাদৰ জুইৰপৰা নিৰ্গত অবিৰাম শব্দ বিস্ফোৰণে তেওঁলোকৰ স্বাভাৱিক জীন-যাত্ৰা ব্যাহত কৰি পেলাইছে৷ খাদৰ জুইৰ অবিৰত গুমগুমনিৰ শব্দই তেওঁলোকক উশাহ-নিশাহ লোৱাত কষ্ট দিছে, বুকুত অনবৰতে ঢপঢপনিৰ সৃষ্টি কৰিছে৷

“আমি আৰু কিমান আশ্ৰয় শিবিৰত থাকিম?”–মন কৰিবলগীয়া যে বাৰিষাৰ প্ৰথমটো বাঢ়নী পানীয়ে সমগ্ৰ গুইজান অঞ্চলটো বুৰাই পেলোৱাৰ প্ৰেক্ষাপটত উল্লিখিত অঞ্চলৰ ৰাইজে কিছুদিন আগতে গুইজান উচ্ছ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত থাকি অহাৰ অৱহিত পৰতেই পুনৰ  আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাৰ ঘটনাই সেই অঞ্চলৰ ৰাইজক ব্যথিত কৰিছে৷ “কালি-পৰহি বানপানীৰ কাৰণে আমি আশ্ৰয় শিবিৰত থাকি ঘৰ সোমাইছিলোহে, আকৌ আশ্ৰয় শিবিৰলৈ যাবলগীয়া হৈছে৷ আমি আৰু কিমান আশ্ৰয় শিবিৰত থাকিম?” এগৰাকী মহিলাৰ সৰল স্বীকাৰোক্তি আছিল এয়া৷ আন এজন যুৱকে জনালে যে গুইজান উচ্চ মাধ্যমিক বিদ্যালয়খন যেন কেৱল পঢ়াশালি নহয়, আশ্ৰয় শিবিৰহে৷ বছৰি হোৱা বানপানী, অন্য প্ৰাকৃতিক দুৰ্যোগ সকলোতে উক্ত বিদ্যালয়খনে শিবিৰৰ ভূমিকা পালন কৰিবলগীয়া হয়৷

মুখ্যমন্ত্ৰীৰ ঘোষণাই আশ্বস্ত কৰিব পাৰিলেনে বাঘজানবাসীক? 

মন কৰিবলগীয়া যে বহু পলমকৈ অসমৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কালি বাঘজানত উপস্থিত হয় আৰু অঞ্চলবাসীক উদ্দেশ্যি সাতটা অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি মাগুৰি বিলক পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ় দিয়া, এখন আদৰ্শ চিকিৎসালয় আৰু এখন পশু চিকিৎসালয় স্থাপন, যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন, শিক্ষা ক্ষেত্ৰৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় স্থাপন, অৰ্থনীতি শক্তিশালী কৰাৰ বাবে মহিলা আত্মসহায়ক গোটসমূহলৈ বিশেষ সহযোগিতা, বাঘজান-তিনিচুকীয়া সংযোগী পথৰ নিৰ্মাণ, বানপানী আৰু গৰাখহনীয়াৰপৰা ৰক্ষা কৰিবলৈ মথাউৰি নিৰ্মাণৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈও বাঘজান অঞ্চলবাসী দুভাগত বিভক্ত হৈছে৷ একাংশই মুখ্যমন্ত্ৰীৰ এনে ঘোষণাক আদৰণি জনালেও একাংশ এই ঘোষণাত মুঠেও সন্তুষ্ট নহয়৷ তেওঁলোকৰ অভিযোগ অনুসৰি সমগ্ৰ বাঘজান আৰু দাঁতিকাষৰীয়া অঞ্চলত বাঘজান কাণ্ডৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ যি তাৎক্ষণিক নিৰাময়ৰ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ ঘোষণাত প্ৰতিফলিত নহ’ল৷ মুখ্যমন্ত্ৰীৰ ঘোষণাত প্ৰথমতেই সন্নিৱিষ্ট মাগুৰি বিলক পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ আঁচনিক লৈও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷ 

তেওঁলোকৰ মতে মাগুৰি-মতাপুং বিল যিহেতু পৰ্যটন মানচিত্ৰত পক্ষীবিল হিচাবে চিহ্নিত আৰু চৰকাৰৰ তৰফৰপৰা আগতেও তাত কটেজকে ধৰি অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ধন আবণ্টিত হৈছে গতিকে মাগুৰি বিলক নতুনকৈ পৰ্যটন কেন্দ্ৰস্থলীৰূপে গঢ় দিয়াৰ ঘোষণাত নতুনত্ব একো নাই৷ ইফালে একাংশ প্ৰকৃতি কৰ্মীৰ অভিযোগ অইল খাদৰ গেছ-তেল নিগৰ্মণ আৰু অগ্নিকাণ্ডই যিহেতু মাগুৰি-মতাপুং বিলৰ জৈৱ-বৈচিত্ৰ্য ধবংস কৰিছে, বিলখনলৈ নতুনকৈ পৰিভ্ৰমী চৰাইৰ আগমন নঘটিলে বিলখন অন্যান্য বিলসমূহৰ দৰে এখন সাধাৰণ বিল হৈ পৰিব৷ তদুপৰি একাংশ ৰাইজৰ অভিযোগ–যিসমূহ সা-সুবিধা, আন্তঃগাঁথনি নিৰ্মাণৰ কাম চৰকাৰে ইমান দিনে কৰিব লাগিছিল ধবংস কাৰ্য সংঘটি হোৱাৰ পিছত তৎকালীন অন্য ব্যৱস্থা গ্ৰহণ নকৰি আশ্বাস প্ৰদানৰ বিষয়টো প্ৰহসনলৈহে পৰ্যবেসিত হৈছে৷ 

দল-সংগঠনক আশ্বাসত লোৱা নাই বাঘজান-নতুন গাঁওবাসীয়ে? 

বাঘজানত উপস্থিত হৈ স্থানীয় যুৱকসকলৰ সৈতে বাৰ্তালাপ কৰোতে যুৱকসকলে দল-সংগঠনৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয়৷ তেওঁলোকৰ মতে কোনো দল-সংগঠনৰ নেতাক বাঘজান কাণ্ডক লৈ নেতৃত্ব প্ৰদান কৰিবলৈ দিয়া নহ’ব৷ “অইল, প্ৰশাসনৰ বিৰুদ্ধে কৰিবলগীয়া সংগ্ৰামত আমি তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিম কিন্তু নেতৃত্ব প্ৰদান কৰিবলৈ দিয়া নহ’ব৷”-এগৰাকী স্থানীয় যুৱকৰ ভাষ্য।

বাঘজান-নতুন গাঁওবাসীৰ চকুলো এতিয়াও শুকোৱা নাই

যদিও অইল কতৃৰ্পক্ষ, চৰকাৰ, জিলা প্ৰশাসনৰ লোকে মাজে সময়ে বাঘজান দলঙৰ দুয়োপাৰৰ নতুন গাঁও, বাঘজানবাসীৰ কাষত সামগ্ৰী যোগান আৰু আশ্বাস আগবঢ়াই আহিছে যদিও দলঙে ভাগ কৰা দুয়োটা অঞ্চলৰ ৰাইজ এতিয়াও আশ্বস্ত নহয়৷ অবিৰতভাবে চলি থকা ভূ-কম্পন আৰু খাদৰ অগ্নিকুণ্ডই প্ৰতিমুহূৰ্ততে নিৰীহ জনসাধাৰণক ভীত, সন্ত্ৰস্ত কৰি ৰাখিছে৷ চকুৰ সমুখতে জ্বলি ছাৰখাৰ হৈ যোৱা ঘৰখন, তামোল বাৰী, চাহ বাগানৰ দৃশ্যবোৰে যেন তেওঁলোকক কন্দুৱাই আছে৷ 

অন্যহাতে আশ্বাস, সহযোগিতায়ো তেওঁলোকক পূৰাদমে সন্তুষ্ট কৰিবপৰা নাই৷ ক’ৰবাত যেন এক শূন্যতা, অসহায়বোধ৷ মত, সত্য প্ৰকাশৰ অক্ষমতাত তেওঁলোক যেন ক্ষোভিত৷ দুয়োটা অঞ্চলৰ মানুহখিনি কিমান সহজ-সৰল ওচৰৰপৰা লক্ষ্য নকৰিলে গম পোৱা নাযায়৷ কিবা এটা সুধিলে স্বপ্নভংগৰ হুমুনিয়াহ পেলাই যিদৰে থোকাথুকি মাতেৰে উত্তৰ দিয়ে সেয়া দেখিলে সংবেদনশীল প্ৰত্যেক জনৰে বুকু কঁপি উঠিব৷ সেয়েহে বাঘজান এতিয়া কেৱল গেছ-তেল, জুইৰ কৰুণ বাস্তৱেই হৈ থকা নাই বাঘজান এতিয়া হৈ উঠিছে স্বপ্নভংগ, চকুলো আৰু হাহাকাৰৰ নিকৰুণ গদ্য!


• বিশেষ কৃতজ্ঞতাঃ বাপুটি সন্দিকৈ, শিখা বৰুৱা, দেৱাশীষ গগৈ আৰু দেৱী বৰুৱা।