Printer-friendly version

♦ আলোক যোশী

পানী সম্পূৰ্ণ হৈ নথকা গিলাচ এটাক আপুনি ইচ্ছা কৰিলে আধা ভৰ্তি হৈ থকা বুলিও ক’ব পাৰে, নহ’লে ক’ব পাৰে আধা খালী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণটোও ঠিক তেনেধৰণৰ। 

আপুনি ইচ্ছা কৰিলে ক’ব পাৰে যে তেওঁ ২০ লাখ কোটিৰ পেকেজ ঘোষণা কৰিলে। হতাশ, নিৰাশ আৰু অভূতপূৰ্ব সংকটৰ সৈতে যুঁজি থকা দেশক লক্ষ্য কৰি নতুন শ্ল’গান দিলে যাৰ সহায়ত এই সংকটক সুযোগলৈ পৰিৱৰ্তন কৰিব পৰা যাব।

কেনেকৈ এতিয়াৰে পৰা এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আৰম্ভণি হ’ব পাৰে, যাৰ পৰিচয় অনন্য হৈ পৰিব আৰু পৰিৱৰ্তিত পৃথিৱীত এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব। আপুনি স্বস্তিৰ নিশ্বাস লৈ বুকু ওফন্দাই এনেকৈয়ো ক’ব পাৰে যে ভাৰতৰ ইতিহাসত সকলোতকৈ বৃহৎ পেকেজ ঘোষণা কৰি চৰকাৰে জনতাৰ বাবে কিমান কি কৰিব পাৰে সেয়া দেখুৱাই দিছে।

আনহাতে আপুনি ইচ্ছা কৰিলে এনেকৈও ক’ব পাৰে যে পূৰ্বৰ ভাষণবোৰৰ দৰেকৈ এইবাৰো প্ৰধানমন্ত্ৰীয়ে কিছুমান নতুন শ্ল’গান আওৰাইছে, কিছুমান নতুন শব্দ উচ্চাৰণ কৰিছে, ভাষাত অলংকাৰ ব্যৱহাৰ কৰিছে আৰু তেওঁ সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা এৰাই চলিলে যিবোৰ দেশৰ জনতাই শুনিব বিচাৰিছিল।

বিশেষকৈ ঘৰলৈ যাবলৈ প্ৰাণ দিবলৈকো কুণ্ঠাবোধ নকৰা শ্ৰমিকসকলৰ কি হ’ব, লকডাউন এতিয়াই শেষ নহ’লে কেতিয়াকৈ হ’ব আৰু কিমানদিন চলিব এইবোৰ প্ৰশ্নৰ কোনো উত্তৰেই আপুনি নাপালে বুলিও ক’ব পাৰে। মোদীয়ে ঘোষণা কৰিলে ঠিকেই কিন্তু ইমানখিনি ধন খৰছ কৰিবলৈ কৰ পৰা লাভ কৰিব বুলিও আপুনি প্ৰশ্ন কৰিব পাৰে।

এয়াই নহয়, আপুনি হিচাপৰ বহী মেলি লৈ দেখুৱায়ো দিব পাৰে যে চৰকাৰে ইতিমধ্যে আঢ়ৈ লাখ কোটি টকা নিজৰ একাউণ্টৰ পৰা খৰছ কৰাৰ কথা ঘোষণা কৰিছে। লগতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ৮ লাখ কোটি টকা বজাৰলৈ মুকলি কৰি দিবলৈ ব্যৱস্থা কৰাৰ কথাও হিচাপত সুন্দৰকৈ দেখুৱাই দিব পাৰে। দুয়োখিনি ধন মিলালে অতিকমেও ১০ লাখ কোটি টকা হৈ পৰিব। অৰ্থাৎ পেকেজৰ আধা অংশ আগতেই খৰছ হ’বলৈ লৈছেই আৰু এতিয়া বাকী থাকিল মাত্ৰ ১০ লাখ কোটি।

কিন্তু কথাবোৰ জানো ইমান সহজ? ১০ লাখ কোটি অৰ্থাৎ ১০ ত্ৰিলিয়ন, সহজ ভাষাত দহৰ পিছত আৰু ১২টা শূন্য লিখিব লাগিব। তাতে আকৌ আগৰ ১০ লাখ কোটিৰ সকলোখিনি খৰছ হোৱাই নাই। সেই ধনো বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আহিব, বেংকৰ পৰা ওলাব, বজাৰলৈ যাব, খৰছ হ’ব, তাৰ পিছত এজনৰ জেপৰ পৰা আন এজনৰ জেপলৈ যাব আৰু তেতিয়াহে ক’ব পৰা যাব পইছাখিনি কামত আহিছে।

সকলোৰে ভাগত ১৫ হাজাৰকৈ পৰিব নেকি?

সকলোখিনি মিলালে হোৱা ২০ লাখ কোটি মানে হৈছে এমাহত ২০ লাখ টকাকৈ উপাৰ্জন কৰা ১ কোটি লোকৰ দৰমহা। ২ লাখ উপাৰ্জন কৰা ১০ কোটি লোকৰ দৰমহা। ২০ হাজাৰ উপাৰ্জন কৰা ১০০ কোটি লোকৰ দৰমহা। অৰ্থাৎ ১৩৫ কোটি জনসংখ্যাৰ দেশত সেয়া সমানে ভাগ কৰিলে এজনৰ ভাগত পৰিব ১৫ হাজাৰ টকাকৈ।

দৰাচলতে হোৱাটছএপৰ গণিতজ্ঞসকলে নিশা ৯ বজাতেই হিচাপ-নিকাচ কৰি আজৰি হৈ এনেকৈয়ো কৈছে যে মোদীয়ে সকলোকে ১৫ লাখকৈ দিয়াৰ যি কথা কৈছিল সেয়া পূৰণ কৰিলে। কিন্তু তেওঁলোককো দোষাৰোপ কৰিব নোৱাৰি।

কিন্তু তাত্বিক কথা এয়া যে চৰকাৰে নিজৰ ফালৰ পৰা এই কথা জনাই দিচে যে কৰ’নাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ লকডাউন ঘোষণা কৰাৰ বাদে আন উপায় নাছিল। এনে এক গুৰুতৰ সংকটৰ সময়ত কেনেকৈ আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত কৰিব পাৰি তাৰ বন্দোৱস্তি যে কৰিছে এতিয়া চৰকাৰে সেয়া প্ৰতীয়মান কৰিবলগীয়া হৈছে।

ইতিহাস, অৰ্থশাস্ত্ৰ আৰু বিচাৰ-বুদ্ধিৰ সহায়ত এয়া নিশ্চিতকৈ ক’ব পৰা যায় যে জটিলতকৈয়ো জটিল সংকটকো এক বৃহৎ সুযোগলৈ পৰিৱৰ্তন কৰাতো সম্ভৱ। মোদীয়ে নিজৰ ভাষণত Y2K সমস্যাৰ উদাহৰণো দিছে। ১৯৯১ ৰ উদাহৰণো আমাৰ সমুখত জলজল পটপট হৈ আছে। দুয়োটা সময়তে এনে লাগিছিল যে সকলো শেষ হৈ গৈছে।

কিন্তু দুয়োবাৰতে অন্ধকাৰৰ মাজতো এক নতুন ৰেঙণি দেখা গৈছিল আৰু দীঘলীয়া সময়লৈ তাৰ পৰা পোৱা সুফল অব্যাহত আছিল। প্ৰযুক্তি খণ্ডত ভাৰতৰ দপদপনিয়েই হওক বা আৰ্থিক বিকাশৰ হাৰ বছৰি ৮ শতাংশ হোৱাৰ সফলতাই হওক এই সকলোখিনি আছিল সেই অন্ধকাৰ সময়ৰ ফলাফল। 

টুকুৰা টুকুৰকৈ চালে দেখা যায় যে সকলোবোৰ একাধিক ক্ষুদ্ৰ ক্ষুদ্ৰ সূত্ৰত সিঁচৰতি হৈ আছে। ১২ মে’ৰ ভাষণত আত্মনিৰ্ভৰ ভাৰতৰ ৫ স্তম্ভ অৰ্থনীতি, আন্তঃগাথনি, পদ্ধতি, জনসংখ্যাৰ গাথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰা হৈছে।

আমি সকলোৱে এই লৈ প্ৰশ্ন কৰিব পাৰো যে কোৱাণ্টাম জাম্প, আধুনিক ভাৰতৰ পৰিচয়, সংশোধন আৰু যোগানৰ শৃংখল আদিৰ আঁৰৰ কথাবোৰ কি? কিন্তু এনে বহু লোক আছে যিয়ে কেৱল সকলোখিনি বুজি পোৱাৰ লগতে এনেকৈ বুজিছে যিদৰে পৰীৰ দেশৰ সাধু শুনাৰ সময়ত সকলোৰে মনোজগতত পৰীৰ দেশৰ এখন কাল্পনিক প্ৰতিচ্ছিবি ভাহি উঠে।

এনে কাৰণতে ভাষণ শেষ হোৱাৰ লগে লগে এয়া নিশ্চিত হৈ পৰিছিল যে অনাগত দিনত শ্বেয়াৰ বজাৰত এক নতুন পুৱাই অপেক্ষা কৰিছে। ছিংগাপুৰৰ বজাৰত ভাৰতৰ যি সূচ্যাংক ক্ৰয়-বিক্ৰয় হয় সেয়া অতিকমেও ৩.৫ শতাংশ উৰ্ধগামী হোৱা দেখা গৈছে আৰু এই কথাত কাৰো দ্বিমত নাথাকিব যে বুধবাৰৰ পিছত দুদিনমানলৈ শ্বেয়াৰ বজাৰ আশাব্যঞ্জক হৈ পৰিব।

শ্বেয়াৰ বজাৰ উৰ্ধগামী হ’ব

ইয়াক কোৱা হয় গেপ অব অপেনিং। অৰ্থাৎ মঙলবাৰে বজাৰ য’ত অন্ত পৰিছিল, বুধবাৰে প্ৰথম ক্ৰয়-বিক্ৰয় তাতকৈ বহুত উৰ্ধগামী হ’ব। কাৰণ স্পষ্ট। অধিকাংশ বিশেষজ্ঞৰ মতে বজাৰৰ সৈতে জড়িতসকলে আশা কৰিছিল যে জিডিপিৰ ৫ৰ পৰা ৭ শতাংশ খৰছ কৰাৰ কথা ঘোষণা কৰিব।

কিন্তু শেষত ১০ শতাংশৰ পেকেজেই ঘোষণা কৰিলে। আশা কৰাতকৈয়ে এয়া বহুত বেছি। শ্বেয়াৰ বজাৰৰ চতুৰ খেলুৱৈসকলে এনেয়েও পৰুৱাৰ পাহাৰ গঢ়াত অতি পাকৈত। ধনী, দুখীয়া, মধ্যবিত্ত, উদ্যোগী, ব্যৱসায়ীয়ে কি পাব তাৰ হিচাপো থাকিব। কোনে কিমান পাব, কাৰ কি সলনি হ’ব সেইবোৰে পিছত দেখা যাব।

এতিয়া আৱেগলৈ নতুন জোৱাৰ আহিছে, পিছলৈ বজাৰত ধন ঘটিবলৈ আৰম্ভ কৰিব পৰা যাব। আৱেগ হৈছে এনে এক বস্তু যাক কেতিয়াও দেখা নাযায় কিন্তু শ্বেয়াৰ বজাৰৰ উঠা-নমা তাৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে বুধবাৰৰ পুৱাই আৱেগৰ জোৱাৰ উঠাতো স্পষ্ট হৈ পৰিছিল।

কিন্তু এই আৱেগৰ জোৱাৰ আবেলিলৈ একে থাকিবনে? এয়া কোনেও ন দি ক’ব নোৱাৰে, গতিকে দীঘলীয়া সময়ত কি হ’ব সেই কথা এতিয়াই নভবাকৈ থকাটোৱেই ভাল।

অৱশ্যে এতিয়াও এনে একাংশ বিশেষজ্ঞ আছে যিয়ে উৎসাহৰ এই গংগাত ডুব নমৰাকৈয়ে গম পাই যে পানী কিমান গভীৰ! তেওঁলোকে ক’বলৈ লৈছে যে আগৰ ১০ লাখ কোটি আৰু পিছৰ ১০ লাখ কোটি ক’ত ক’ত খৰছ কৰিব সেয়া স্পষ্ট হোৱাৰ পিছতহে সবিশেষ ক’ব পাৰিব। অৰ্থাৎ কিমান পৰিমাণ কোনে লাভ কৰিব আৰু সেয়া ক’ৰ পৰা আহিব তাক জনাতো প্ৰয়োজনীয়।

সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে চৰকাৰে কি নতুন নতুন পথেৰে ধন সংগ্ৰহ কৰিব, নতুনকৈ নোট ছপা কৰিব, ঋণ পৰিশোধ কৰিব বা প্ৰথমেই ঘোষণা কৰা খৰছৰ শিতানসমূহ বন্ধ কৰি সকলোখিনি এই পেকেজত খৰছ কৰিবলৈ যো-জা চলাইছে?

এই প্ৰশ্নসমূহৰ উত্তৰ অৰ্থাৎ পেকেজৰ সবিশেষ ৰাজহুৱা হোৱাৰ পিছতহে দেশক, দেশৰ অৰ্থনীতি, উদ্যোগ, ব্যৱসায়-বাণিজ্য, দৰিদ্ৰ, শ্ৰমিক, কৃষক আৰু চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, মধ্যবিত্তই ইতিহাসৰ এই সৰ্ববৃহৎ পেকেজৰ পৰা কি কি লাভ কৰিব, কিদৰে উপকৃত হ’ব সেয়া স্পষ্টকৈ ধাৰণা কৰিব পৰা যাব।

নহ’লে সময়ত গৈ এনেও হ’ব পাৰে যে পুৰস্কাৰ পোৱাক লৈ বহুত হৈ-চৈ হ’ল, কিন্তু সময়ৰ মূৰত এখন গামোচা আৰু মানপত্ৰৰ বাদে হাতত একোৱেই দিয়া নহ’ল!

(আলোক যোশী চিএনবিচি আৱাজৰ প্ৰাক্তন সম্পাদক আৰু অৰ্থনৈতিক বিশ্লেষক। এই লেখাটো বিবিচি হিন্দীত প্ৰকাশ পাইছে। অৰ্থনীতিৰ বিষয়ে সহজ-সৰল ভাষাৰে বৰ্ণনা কৰা লেখাটো NNOৰ পঢুৱৈসকলৰ বাবে অনুবাদ কৰিছে নৈঋত নিৰ্বাণে।)