Printer-friendly version

♦ ডি জে ধনন্তৰি

গৰম বাঢ়িলে কৰ’না কমিব। কথাষাৰ বহুতেই কৈছিল। পিছে গৰম যিমানেই বাঢ়িলে কৰ’নাও সিমানেই বাঢ়িল। ১২ ঘণ্টীয়া 'জনতা কাৰ্ফিউ’ক লৈয়ো তেনে আলোচনাই চলিছিল। ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে দাবী কৰিছিল যে '১২ ঘণ্টীয়া জনতা কাৰ্ফিউ’ পালন কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ধ্বংস হৈ পৰিব। পিছে তেনে দাবীক নস্যাৎ কৰি ২২ মাৰ্চৰ জনতা কাৰ্ফিউৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে ২১ দিনীয়া ৰাষ্ট্ৰযোৰা লকডাউন।

লকডাউন ঘোষণা কৰাৰ লগে লগে সকলোৱে ধাৰণা কৰিছিল যে দেশত কৰ’নাৰ সংক্ৰমণ বন্ধ হৈ পৰিব। কিন্তু নহ’ল। গৰম বাঢ়িলে কৰ’না কমিব বুলি ভবা কথাষাৰ যিদৰে নিমিলিল, জনতা কাৰ্ফিউৰ ১২ ঘণ্টাত মৰিব বুলি ভাবিলেও যিদৰে ভাইৰাছ নমৰিল ঠিক তেনেকৈ ২১ দিনীয়া লকডাউন বাদেই, পুনৰ ১৯ দিনলৈ লকডাউন যেনেদৰে বৃদ্ধি কৰিলে তেনেদৰে কৰ’নাৰ সংক্ৰমণো বাঢ়িয়েই আছে।

২৪ মাৰ্চৰ নিশা ৮ বজাত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে লকডাউন ঘোষণা কৰিছিল সেইদিনা ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৫৬০ জন। দেশত প্ৰথমটো কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৩০ জানুৱাৰীত, কেৰালাত। ৩০ জানুৱাৰীৰ পৰা ২৩ মাৰ্চলৈ মুঠ দিনৰ সংখ্যা হৈছে ৫২ দিন। এই ৫২ দিনত কৰ’না আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৫০০ জন।

এই ৫২ দিনৰ ভিতৰত নমস্তে ট্ৰাম্প কাৰ্যসূচীত ভাগ ল’বলৈ দেশলৈ সাংগো-পাংগোসহ আহিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰ ব্যস্ত হৈ আছিল ট্ৰাম্পক লৈ। গুজৰাটৰ লগতে দিল্লী আৰু আগ্ৰাৰ তাজমহললৈকো সপত্নীক গৈছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। চৰকাৰ-প্ৰশাসন সকলো ট্ৰাম্পক লৈ ব্যস্ত হৈ থকা সময়তে ৰাজধানী নতুন দিল্লীত সকলোৰে অলক্ষিতে ২৩ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ভয়াৱহ সাম্প্ৰদায়িক হিংসা। 

২৫ ফেব্ৰুৱাৰীত যেতিয়া ট্ৰাম্প পুনৰ আমেৰিকালৈ উৰা মাৰিছিল তাৰ পিছতহে সংবাদ মাধ্যমত ব্ৰেকিং নিউজ হৈছিল দিল্লীৰ হিংসাত্মক ঘটনা। ৭ দিন ধৰি চলিছিল এই হিংসাত্মক ঘটনা। এই ঘটনাত নিহত হৈছিল ৫৩ জনকৈ লোক। ইয়াৰে ৫১ জন চিনাক্ত হৈছে আৰু ২ দুজন চিনাক্ত নোহোৱাকৈয়ে ৰৈ গৈছে। মৃতদেহ চিনাক্ত হোৱা ৫১ জনৰ ৩৬ জন মুছলমান আৰু ১৫ জন হিন্দু। চলি আছিল কেব গুচি কা হোৱা আন্দোলন। গুলীৰ শব্দত কপিছিল শ্বাহিনবাগ। অসমতো জোৰদাৰ হৈছিল কা বিৰোধী আন্দোলন। 

ট্ৰাম্পৰ ভ্ৰমণ আৰু দিল্লী হিংসাৰ পিছত কেইদিনমানলৈ নিস্তব্ধ হৈ আছিল দেশ। কোনোৱে ট্ৰাম্পৰ ভ্ৰমণে ভাৰতক কি দি গ’ল আৰু কোনোৱো কেনেকৈ দিল্লীৰ হিংসাত্মক ঘটনা সংঘটিত হ’ল সেই লৈয়ে ব্যস্ত হৈ পৰিল। তাৰ মাজে মাজে শ্বেয়াৰ হৈছিল চীনৰ পৰা অহা কৰ’নাত মৃত্যুুৰ সংবাদ। এদিন-দুদিনকৈ ইটালী, তাৰ পিছত ইৰাণ, ফ্ৰান্স, ইংলেণ্ড সকলোৰে পৰা আহিবলৈ ধৰিছিল কৰ’নাৰ সংক্ৰমণৰ বাতৰি।

কৰ’নাক লৈ দেশসমূহক জানুৱাৰীতেই সকীয়াই দিছিল বিশ্ব স্বাস্থ্য সংস্থাই। ট্ৰাম্পে কৈছিল এয়া সাধাৰণ জ্বৰ। ইটালীৰ ছ’চিয়েল মিডিয়াত চলিছিল 'মিলান নেভাৰ ষ্টপছ’ ট্ৰেণ্ড। তেতিয়াই স্বাস্থ্য সংস্থাৰ সকীয়নি মানি টাইৱানে বন্ধ কৰি দিছিল সকলো আন্তৰ্জাতিক বিমানৰ চলাচল। ছিংগাপুৰ, নিউজিলেণ্ডে বিদেশৰ পৰা অহা প্ৰতিজনকে কোৱাৰেণ্টাইন আৰু টেষ্টৰ ব্যৱস্থা কৰিছিল। দক্ষিণ কোৰিয়াই আৰম্ভ কৰিছিল 'টেষ্ট, টেষ্ট এণ্ড ম’ৰ টেষ্ট’। ভিয়েটানামে দুই সপ্তাহৰ ভিতৰতে কোৱাৰেণ্টাইন কৰিছিল ১০ হাজাৰৰো অধিক লোকক। 

অৱশেষত ছ’চিয়েল মিডিয়াত 'মিলান নেভাৰ ষ্টপছ’ ট্ৰেণ্ড চলাই কৰ’নাক হাঁহি উৰুৱাই দিয়া ইটালী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। কেৱল বন্ধ হোৱাই নহয়, দিন যোৱাৰ লগে লগে সমগ্ৰ দেশখনেই পৰিণত হৈ পৰে একপ্ৰকাৰৰ মৃত্যু উপত্যকাত। ইটালীৰ পৰা সেয়া বিয়পি পৰে সমগ্ৰ ইউৰোপত, ঠিক প্লেগৰ দৰেকৈ। প্লেগো এনেকৈয়ে ইটালীৰ পৰাই বিয়পি পৰি সমগ্ৰ ইউৰোপতে সৃষ্টি কৰিছিল ভয়াৱহ মহামাৰীৰ।  

আজি যদি চীন, কাইলৈ ইটালী! এইবোৰ বা-বাতৰিক লৈয়ে ব্যস্ত হৈ সকলোৱে পাহৰি পেলাইছিল যে ভাৰততো ৩০ জানুৱাৰীতেই কৰ’না ধৰা পৰিছে। অৱশেষত যেতিয়া এশ, দুশকৈ বাঢ়িবলৈ ধৰিছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল। ট্ৰাম্প, মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ নিৰ্বাচন আদিক লৈ ব্যস্ত হৈ থকাৰ মাজতে বিশ্বৰ দেশে দেশে কৰ’না বাঢ়িবলৈ ধৰাত চৰকাৰে মহামাৰী বিশেষজ্ঞ, স্বাস্থ্য বিশেষজ্ঞ, আইচিএমআৰ আৰু বিজ্ঞানীসকলৰ পৰা পৰামৰ্শ বিচাৰিলে। 

ফেব্ৰুৱাৰী মাহটো গৱেষণা আৰু সমীক্ষা কৰাৰ অন্তত বিশেষজ্ঞ আৰু বিজ্ঞানীসকলে প্ৰতিবেদনো দাখিল কৰিলে। এখন নহয়, দুখনকৈ প্ৰতিবেদন। প্ৰথমখন হৈছে 'দ্য ২০১৯ নভেল কৰ’না ভাইৰাছ ডিজিছ (ক’ভিড-১৯) পেনাডেমিকঃ এ ৰিভিউ অব দ্য কাৰেণ্ট এভিডেন্স’ আৰু দ্বিতীয় গৱেষণা পত্ৰখন হৈছে 'প্ৰুডেণ্ট পাব্লিক হেলথ ইন্টাৰভেনশ্যন ষ্ট্ৰেটেজিছ টু কন্ট্ৰ’ল দ্য কৰ’না ভাইৰাছ ডিজিছ ২০১৯ ট্ৰান্সমিশ্যন ইন ইণ্ডিয়াঃ এ মেথামেটিকেল মডেল বেছড এপ্ৰ’ছ’। দুয়োখন গৱেষণা পত্ৰতে স্পষ্টকৈ কৈছিল যে লকডাউনে কৰ’নাৰ সংক্ৰমণ বন্ধ নকৰে, ই কেৱল চৰকাৰক কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ হাস্পতাল বেড, আইচিইউ আদিৰ ব্যৱস্থা কৰিবলৈ সময়হে দিব।

বিশেষজ্ঞসকলে লকডাউন ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়াৰ আগতেও সকলোতকৈ অধিক গুৰুত্ব দিছিল যিমান পাৰি সিমান বেছি টেষ্ট আৰু ছেল্ফ হোম কোৱাৰেণ্টাইনৰ ওপৰত। মাৰ্চৰ প্ৰথম সপ্তাহতে লকডাউন ঘোষণা কৰাৰ পূৰ্বে দেশবাসীক সময় দিবলৈকো পৰামৰ্শ আগবঢ়াইছিল মহামাৰী বিশেষজ্ঞসকলে। বলপূৰ্বক লকডাউনৰ পৰিৱৰ্তে শান্তিপূৰ্ণ লকডাউনৰো পোষকতা কৰিছিল বিশেষজ্ঞ আৰু বিজ্ঞানীসকলে। 

বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ সেই পৰামৰ্শ কেৱল পৰামৰ্শ হৈয়েই ৰৈছিল। টেষ্ট আৰু কোৱাৰেণ্টাইন ব্যৱস্থাৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব নিদিয়াকৈ মাত্ৰ ৪ ঘণ্টা সময় দিয়েই চৰকাৰে ঘোষণা কৰিছিল লকডাউন। এই লকডাউন কোটি কোটি ভাৰতীয়ৰ বাবে হৈ পৰিছিল হঠাৎ মূৰত আকাশ খহি পৰা সদৃশ। তাৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰেকৈ চলিছিল আৰক্ষীৰ লাঠি। দুদিন পিছতে ভোকাতুৰ, ঘৰহীন মানুহেৰে ভৰি পৰিছিল দেশৰ ৰাজপথ। কাৰোবাৰ যদি খোজকাঢ়ি ঘৰলৈ যাওতে প্ৰাণবায়ু উৰিছিল আন কাৰোবাৰ আকৌ মৃত্যু হৈছিল আৰক্ষীৰ লাঠিৰ কোবত। নিৰাপদ দূৰত্বত অৱস্থান কৰা বহুতেই এইবোৰ চাই ৰঙো পাইছিল।

তাৰ পিছতেই আৰম্ভ হৈছিল দোষ জাপি দিয়া খেল। ইংলেণ্ডৰ পৰা কণিকা কাপুৰ আহিছিল। মাৰ্চৰ আৰম্ভণিতে যেতিয়া কণিকাই মুম্বাই বিমান বন্দৰত ভৰি থৈছিল তেতিয়া দেশৰ মানুহে ভাৰতত কৰ’না আহিব বুলি ভবাই নাছিল। দেশৰ মানুহৰ দৰেকৈ দেশৰ চৰকাৰেও বিমান বন্দৰত কৰা নাছিল কোনোধৰণৰ কঢ়া চেকিং ব্যৱস্থা। কোনোৱে নাভাবিলেও ভাৰততো কৰ’না বাঢ়িবলৈ ধৰিছিল। কণিকাৰ দেহত কৰ’না ধৰা পৰাত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আনকি টিকটকতো সকলোৱে জপিয়াই পৰিছিল কণিকাৰ ওপৰত। কণিকাৰ ওপৰত কৰা আক্ৰমণৰ ভাগৰ পলাবলৈ নৌপাওতেই পোহৰলৈ আহিছিল সেই ঘটনা। 

৪০ দিন আগতে যিখন দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল মাত্ৰ ৫০০ জন সেইখন দেশত ৪০ দিনীয়া লকডাউনৰ শেষত এতিয়া কৰ’নাত আক্ৰান্ত হৈছে একক, দহক, শতক, হাজাৰ, এহেজাৰ, দুহেজাৰ, তিনি হেজাৰ, চাৰি হেজাৰ নহয়, একেবাৰে চল্লিছ হাজাৰ! কওঁ বুলিও ক’ব নোৱাৰো দেশত এতিয়া কাৰ জয় জয়কাৰ? কৰ’নাৰ নে আমাৰ? উত্তৰ দিয়া হে চৰকাৰ!

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এইবাৰ সকলোৰে লক্ষ্য হৈ পৰিছিল তবলীগ জামাত। কেৱল লক্ষ্য হৈ পৰাই নহয়, একাংশ লোকে কৰ’নাৰ ধৰ্মও নিৰ্ণয় কৰি পেলাইছিল। আন একাংশৰ আকৌ চূৰ্ণ হৈছিল দৰ্প। 'মুছলমানৰ কৰ’না হ’ব নোৱাৰে’ বুলি দম্ভালি মাৰি ফুৰাসকলে সেই খবৰ পাই ভয়তে তাপ মাৰিছিল। বিপৰীতে মুছলমানেই ভাৰতত কৰ’না বিয়পাই দিলে বুলি আন একাংশই আকৌ গৱেষণা পত্ৰকেই লিখি পেলাইছিল। 

বহুতেই কৈছে যে চৰকাৰে সকলো কৰিছে, কিন্তু মানুহবোৰেহে লকডাউন নামানি ঘূৰি ফুৰিছে। যেতিয়া চিকিৎসকে চিকিৎসা কৰে তেতিয়া ৰোগ চাই লৈ পৰীক্ষা-নীৰিক্ষা কৰি কিধৰণে ঔষধ দিলে ভাল হ’ব সেয়া চালি-জাৰি চাইহে দিয়ে। একেদৰে এখন দেশৰ চৰকাৰে যেতিয়া আঁচনি গ্ৰহণ কৰে বা পদক্ষেপ হাতত লয় তেতিয়া দেশৰ সাধাৰণ জনতাৰ গড় আচৰণ, জীৱনধাৰণ, মানসিকতা আদি জানি লৈ সেয়া ৰূপায়ণ কৰাতোও দায়িত্বৰ ভিতৰত পৰে। 

মহামাৰীৰ সময়ত সাধাৰণ মানুহক সজাগ কৰাটোৱেই হৈছে চৰকাৰ-প্ৰশাসনৰ দায়িত্ব। যিদৰে কাহী-বাতি বজাবলৈ কওতে, চাকি-মম জ্বলাবলৈ কওতে সকলোৱেই সেয়া মানি লোৱা দেখা গৈছিল, ছ’চিয়েল ডিছটেন্সিং মানি চলিবলৈ কওতে কিয় সেয়া সকলোৱে কৰা নাই? ইয়াৰ অৰ্থ এয়াই যে চৰকাৰে উপযুক্তভাৱে সামাজিক দূৰত্বৰ গুৰুত্বৰ কথা বুজাই দিয়াত, এই সম্পৰ্কে সজাগ কৰাত কিছু খুঁত ৰৈ গৈছে।

চাকি জ্বলাবলৈ কওতে, কাহী-বাতি বজাবলৈ কওতে পুলিচে লাঠিচালনা কৰি চাকি জ্বলাবলৈ বা বাদ্য বজাবলৈ কাকো বাধ্য কৰিবলগীয়া হোৱা নাছিল। কিন্তু সামাজিক দূৰত্ব মানিবলৈ মানুহক লাঠিৰে কোবাবলগীয়া হৈছে। গতিকে চৰকাৰে যে সাধাৰণ মানুহৰ মনস্তাত্বিক দিশটো অধ্যয়ন নকৰাকৈ, বিশ্লেষণ নকৰাকৈ সামাজিক দূৰত্বৰ বিষয়ে প্ৰচাৰ চলাইয়েই দায়িত্ব সামৰি থৈছে সেয়া প্ৰায় স্পষ্ট বুলিব পাৰি। অৱশ্যে এয়াও স্বীকাৰ্য যে প্ৰতিখন দেশতে একাংশ আকোৰগোজ লোক থাকেই আৰু সেইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাদে গত্যন্তৰ নাই!

এইবোৰৰ উপৰিও অব্যাহত আছিল ৰাজনৈতিক বোকা ছটিওৱাৰ খেল। মমতা বেনাৰ্জীক উভতি ধৰিছিল কেন্দ্ৰৰ শাসনাধিষ্ঠিত দলে। মমতাৰ দলেও ফেপেৰি পাতি ধৰিছিল কেন্দ্ৰ চৰকাৰক। দুই-এজনে কৰ’না ৰোধত সফল হোৱাক লৈ কেৰালাক প্ৰশংসা কৰিছিল, আন চাৰিজনে আকৌ কেৰালাত প্ৰথম কৰ’না ধৰা পৰা বাবে কেৰালাকে দায়ী বুলিও দাবী কৰিছিল। কৰ’নাৰ মাজতে সলনি হৈছিল মধ্যপ্ৰদেশৰ চৰকাৰ। কংগ্ৰেছৰ কমলৰ ঠাইত গঠন হৈছিল কমল ফুলৰ ছবিৰে দেশৰ ৰাজনীতি সলনি কৰা দলৰ চৰকাৰ। 

আনহাতে মহাৰাষ্ট্ৰৰ 'পালঘৰৰ সাধু হত্যা’ক লৈ ষ্টুডিঅ’ত ছোনিয়া গান্ধীৰ বিৰুদ্ধে একাংশৰ মতে লম্ফ-জম্ফ কৰি উঠিছিল আৰু আন একাংশৰ মতে গৰজি উঠিছিল দেশৰ প্ৰায় সকলোৱে চিনি পোৱা সাংবাদিক অৰ্ণৱ গোস্বামী। ছোনিয়া গান্ধীক অপমান কৰাৰ অভিযোগত সাংবাদিকজনৰ বিৰুদ্ধে কৰ’না কালতে ৰুজু হৈছিল ১০০ যোগ ৫০ সমান ১৫০ টা গোচৰ! ইমানেই নহয় ছত্তিশগড়ত আকৌ প্ৰশাসনৰ ব্যৰ্থতা উদঙাই দিয়া বাবে এটা নিউজ পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধেও ৰুজু হয় গোচৰ। গোচৰৰ ধামখুমিয়াৰ মাজতে আজি বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱসৰ দিনটোত খবৰ আহিছে যে ভাৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত আৰু দুটা স্থান পিছুৱাই গৈছে। আন্তৰ্জাতিক ইনডেক্সত এতিয়া সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১৪২!

এনেকৈয়ে এদিন দুদিনকৈ আজি পাৰ হ’ল লকডাউনৰ ৪০ টা দিন। গৰম বাঢ়িছেহে বাঢ়িছে। লকডাউনো বাঢ়িছে। বেলকনি-বাৰান্দাৰ পৰা কাহী-বাতিও বাজিছে, মমবাতি, টৰ্চ-লাইট, মোবাইলৰ ফ্লাছ সকলো জ্বলিছে। বাদ্য সমদল, জোৰ সমদল সকলো বাহিৰ হৈছে। আকাশৰ পৰা পুষ্পবৃষ্টিও হৈছে। পিছে কৰ’নাৰ সংক্ৰমণহে কমা নাই। ৪০ দিন আগতে যিখন দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল মাত্ৰ ৫০০ জন সেইখন দেশত ৪০ দিনীয়া লকডাউনৰ শেষত এতিয়া কৰ’নাত আক্ৰান্ত হৈছে একক, দহক, শতক, হাজাৰ, এহেজাৰ, দুহেজাৰ, তিনি হেজাৰ, চাৰি হেজাৰ নহয়, একেবাৰে চল্লিছ হাজাৰ! কওঁ বুলিও ক’ব নোৱাৰো দেশত এতিয়া কাৰ জয় জয়কাৰ? কৰ’নাৰ নে আমাৰ? উত্তৰ দিয়া হে চৰকাৰ!


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.