rajnikanta-to-be-next-president-of-india

ডিজিটেল ডেস্কঃ ৰজনীকান্তে কৰিব নোৱৰা একো কামেই নাই। এইবাৰ ভাৰতৰ সাম্ভাব্য ৰাষ্ট্ৰপতি হিচাপে চৰ্চালৈ আহিছে দেশজুৰি জনপ্ৰিয় দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নাম। দক্ষিণ ভাৰতত দ্ৰাৱিড়ীয় ৰাজনীতিত বিশেষ প্ৰভাৱ থকা বুলি জনা ৰজনীকান্তক লৈ দিল্লী আৰু তামিলনাডুত চলিছে এই জল্পনা-কল্পনা।

শুনামতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পচন্দৰ প্ৰাৰ্থী হৈছে ছুপাৰষ্টাৰজন। অটল বিহাৰী বাজপেয়ী চৰকাৰে ৰাষ্ট্ৰপতি পদৰ বাবে এপিজে আব্দুল কালামৰ নাম ঘোষণা কৰি সকলোকে চমক দিয়াৰ পিছত এইবাৰ পুনৰাই শাসনলৈ অহা চৰকাৰখনে এইবাৰ তামিল ছুপাৰষ্টাৰ ৰজনীকান্তৰ নাম ঘোষণা কৰি পুনৰাই চমক দিয়াৰ বাবে গুণাগঁথা চলা বুলি জানিবপৰা গৈছে।

ৰাষ্ট্ৰপতি পদৰ বাবে এল কে আদৱানি আৰু মুৰলী মনোহৰ যোশীৰ নাম চৰ্চালৈ আহিছিল যদিও বাবৰি মছজিদ গোচৰত দুয়োজনৰে নাম এৰাব নোৱাৰাকৈ সাঙোৰ খাই পৰাত সেই নাম তালিকাৰ পৰা বাদ পৰিছে। তেনেদৰে কিছুদিন আগেয়ে মেগাষ্টাৰ অমিতাভ বচ্চনৰ নামো চৰ্চালৈ আহিছিল যদিও পানামা পেপাৰ কেলেংকাৰীৰ সৈতে বিগ-বি জড়িত থকাৰ কথা ফাদিল হোৱাৰ পিছতে সেয়াও বাদ পৰে।

বিজেপিৰ সূত্ৰটোৰ মতে দ্বিতীয়বাৰ প্ৰণৱ মূখাৰ্জীৰ নাম ৰাষ্ট্ৰপতি পদৰ বাবে উত্থাপন কৰিব বিচৰা নাই গেৰুৱা দলটোৱে। এইবাৰ তেঁওলোকৰ পচন্দৰ প্ৰাৰ্থীজনক তামিলনাডুৰ এআইডিএমকে দলৰ সমৰ্থন জৰুৰী। সেয়ে ৰজনীকান্তই হৈ পৰিছে তালিকাৰ শীৰ্ষত থকা নাম।  

সুত্ৰটোৰ মতে সৰ্বদলীয় প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হ’ব পাৰে ছুপাৰষ্টাৰজনৰ নাম। তেঁওৰ বিষয়ে কোনোধৰণৰ বিতৰ্ক নাই হেতুকে কোনো দলেই এই বিষয়ত বিৰোধিতা কৰিব বুলি মনে নধৰাৰ ভাষ্য বিজেপিৰ সূত্ৰটোৰ।