newsnextone.com | ডিজিটেল ডেস্কঃ আপুনি টিভিত বা চিনেমা ঘৰত স্পাইডাৰ মেন চিৰিজটো চাইছে নিশ্চয়৷ বেৰ বগাই বগাই উঠি গৈ বিপদাপন্ন লোকক উদ্ধাৰ কৰা স্পাইডাৰ মেনক পৰ্দাত দেখি আপুনিও নিশ্চয় উল্লাসত কিৰিলিয়াই উঠিব পাৰে৷

কিন্তু বাস্তৱ জীৱনত স্পাইডাৰ মেন বা মকৰা মানৱৰ দৰে অকল্পনীয় শক্তিৰ অধিকাৰী থাকিব পাৰে বুলি আপুনি বিশ্বাস কৰে নে? আপুনি নিশ্চয় ভাৱে স্পাইডাৰ মেন বা মকৰা মানৱ বা তেনে অসাধৰণ শক্তিৰ লোক কল্পনাৰ বাহিৰে বাস্তৱত থকাটো অসম্ভৱ৷

কিন্তু আপোনাৰ মনত অৱাস্তৱ অৱাস্তৱ লগা এই কথাৰ সত্যতা প্ৰমাণ কৰিবলৈ এটা কেইচেকেণ্ড মানৰ ভিডিঅ’ই যথেষ্ট৷ ভিডিঅ’টো একেবাৰে সত্য৷ পেৰিছৰ এখন চহৰত ক্ষীপ্ৰতাৰে ৱাল বগাই এটি শিশুক উদ্ধাৰ কৰাৰ দৃশ্য দেখি আপুনিও শিহৰিত হৈ উঠিব৷

কৰ্মৰ সন্ধানত পশ্চিম আফ্ৰিকাৰ পৰা পেৰিছত উপস্থিত হৈছিল মামোউদোউ গাস্সমা৷ দেওবাৰে কৰ্মৰ সন্ধানত পেৰিছৰ ইফাল সিফালে ঘুৰি ফুৰোতে ২২ বৰ্ষীয় আফ্ৰিকান যুৱকজনে উত্তৰ পেৰিছৰ পথৰ দাঁতিত অসংখ্য মানুহৰ ভিৰ প্ৰত্যক্ষ কৰে৷ কি হৈছে বুলি যুৱক জনে মানুহৰ জুমটোৰ ওচৰলৈ আহি দেখে যে সন্মুখৰ এটা চাৰি মহলীয়া অট্টালিকাৰ ৰেলিঙত এটি কণমানি শিশু ওলমি আছে৷ কোনোমতে বাৰান্দাৰ ৰেলিঙত ধৰি ওলমি ৰোৱা শিশুটিৰ ৰেলিঙৰ পৰা হাত পিছল খালেই পথৰ ওপৰত পৰি মৃত্যু অনিবাৰ্য৷ 

শিশুিটিক তেনে অৱস্থাত প্ৰত্যক্ষ কৰি বাটৰুৱাই জুম বান্ধি হায়ৈ বিয়ৈ আৰম্ভ কৰিছে৷ এটি মৃত্যু অনিবাৰ্য শিশুৰ তেনে অৱস্থাত সকলোৰে মন চিৎকাৰ কৰি উঠাতো স্বাভাৱিক৷ শিশুটিৰ উদ্ধাৰৰ বাবে বিভিন্নজনে উদ্ধাৰ কেন্দ্ৰক ফোন কৰি অৱগত কৰিছে যদিও উদ্ধাৰৰ বাবে কোনো উপস্থিত নহোৱাত সকলোৱে শিশুটিৰ এনে কৰুণ অৱস্থাৰ বাবে হাহাকাৰ কৰিছে৷

এটা শিশুৱে কেনেদৰে ইমান সময় ৰেলিঙত ধৰি ওলমি থাকিব পাৰিব৷ যদি উদ্ধাৰ অভিযানৰ বাবে কোনো লোক উপস্থিত নহয়, তেন্তে অতি সোনকালেই শিশুটিৱে পথৰ ওপৰত সৰি পৰি মৃত্যুক আঁকোৱালি ল’ব৷

শিশুটিক তেনে অৱস্থাত প্ৰত্যক্ষ কৰি ৰৈ থাকিব নোৱাৰিলে চাকৰি বিচাৰি পেৰিছলৈ অহা আফ্ৰিকান যুৱকজনে৷ শিশুটিৰ উদ্ধাৰৰ বাবে কাৰো সহায় নলোৱাকৈ তেওঁ অভিযানত নামি পৰিল৷ অসাধাৰণ শক্তি প্ৰদৰ্শণ কৰি ক্ষীপ্ৰতাৰে বেৰ বগাই মাত্ৰ কেইচেকেণ্ড মানৰ ভিতৰতে চাৰি মহলাত উপস্থিত হৈ শিশুটিক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মামোউদোউ গাস্সমা নামৰ আফ্ৰিকান যুৱকজনে৷

জানিব পৰা মতে, শিশুটিৰ মাতৃয়ে শিশুটিৰ চোৱা চিতাৰ দায়িত্ব পিতৃৰ ওপৰত অৰ্পণ কৰি বাহিৰলৈ গৈছিল৷ শিশুটিৰ পিতৃয়ে শিশুটিক বাৰান্দাত খেলিবলৈ দি অন্য কামত ব্যস্ত হোৱাৰ সময়তে শিশুটিয়ে অট্টালিকাটোৰ চাৰি মহলাৰ পৰা পিচলি পৰি ওলমি ৰয়৷ 

আনহাতে, অসাধাৰণ সাহস আৰু শাৰিৰীক শক্তিৰ বাবে পেৰিছৰ মেয়ৰে মামোউদোউ গাস্সমাক ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে পেৰিছত আফ্ৰিকান যুৱকজনৰ কৰ্মসংস্থাপনৰ সকলো ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে৷

আনহাতে শিশুটিৰ উচিত ৰক্ষণা-বেক্ষণ নকৰাৰ অভিযোগ উত্থাপন কৰি শিশুটিৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ মামোউদোউ গাস্সমাৰ অসাধাৰণ কাৰ্যৰ বাবে বিভিন্নজনে তেওঁক প্ৰকৃত স্পাইডাৰ মেন আখ্যা দি সন্মান জনায়৷