নতুন দিল্লীঃ​ ২০১৮ চনৰ ১০ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ ঘটনাই সমগ্ৰ দেশত এক আলোড়নৰ সৃষ্টি কৰিছিল৷ কঠুৱাৰ ধৰ্ষণ কাণ্ডৰ বলি হোৱা ৮ বছৰীয়া শিশুটিক হত্যা কৰা অপৰাধীক আদালতে ইতিমধ্যে উচিত শাস্তিৰ ঘোষণা কৰে৷

এই ঘটনাৰ লগত জড়িত থকা ছয়জন লোকৰ ভিতৰত তিনিওক আজীৱন কাৰাদণ্ডবাসৰ শাস্তি প্ৰদান কৰে আদালতে৷ তিনিও হৈছে সানজী ৰাম, পৰৱেশ কুমাৰ আৰু দীপক খোজাৰিয়া৷ 

ইয়াৰোপৰি আন তিনিজনক পাঁচ বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰা হয়৷ 

দৰাচলতে ২০১৮ চনৰ ১০ জানুৱাৰীত ৮ বছৰীয়া শিশুটিক কঠুৱা জিলাৰ এখন গাঁৱৰ এটা মন্দিৰত আবদ্ধ কৰি এনে ঘৃণনীয় কাম কৰি হত্যা কৰি থৈ যায়৷ প্ৰায় ৪ দিনৰ পাছত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ 

ধৰ্মানুষ্ঠানত এনে ঘৃণনীয় অপৰাধজনিত কাম কৰা অপৰাধী সানজী ৰামে মন্দিৰটোৰ চোৱা-চিতা, আৰক্ষী বিষয়া দীপক খোজাৰিয়া আৰু পৰবেশ কুমাৰ নামৰ অভিযুক্ত তিনিগৰাকীয়ে এই কাম কৰে৷ আজীৱন কাৰাদণ্ডবাস দিয়াৰ লগতে প্ৰত্যেকে ১ লাখকৈ জৰিমনা দিব লাগিব বুলি আদালতে ঘোষণা কৰে৷ 

আনহাতে, জম্মুৰপৰা প্ৰায় ১২০ কিলোমিটাৰ পাঞ্জাৱৰ পাঠানকোট জিলাত আদালতে যোৱা বছৰৰ জুন মাহৰ প্ৰথম সপ্তাহত এই ঘটনাৰ সন্দৰ্ভত শুনানি কৰে৷