তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ গৈৰৈমাৰীস্থিত এছএছবিৰ কেম্পৰ এটি দলে ৰাষ্ট্ৰীয় ছিনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

যোৱা ২৩-২৬ নৱেম্বৰলৈ জন্মু কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যাক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত শোণিতপুৰৰ গৈৰৈমাৰীস্থিত এছএছবিৰ এটা দলে অংগ্ৰহন কৰি সমগ্ৰ শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

SSBৰ টাইকোৱানডো প্ৰশিক্ষক হৰেন ভূমিজৰ নেতৃত্বত যোৱা দলটোৱে প্ৰতিযোগীতাত ২টা সোনৰ পদক, ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ মিলন দেৱী আৰু সবিতা ৰামচিয়াৰীয়ে সোনৰ পদক লাভ কৰাৰ লগতে উন্মনা দাস, তাচিন বেগম, ৰাজীৱ বসুমতাৰী আৰু সিদ্ধাৰ্থ সিংহীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।