ডিজিটেল ডেস্কঃ শিক্ষাদান এক সন্মানীয় পেছা। কিন্তু জ্ঞানৰ পোহৰ যিজনে বিলায় সেই গুৰুকেই যদি ওলোটাই ধৰে, তাকো শিষ্যই। তেনেই এক অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ল যেতিয়া বেয়া আচৰণৰ বাবে শিক্ষয়িত্ৰী এগৰাকীয়ে ছাত্ৰী এগৰাকীক জবাবদিহি কৰিলে।

চীনৰ জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইট ৱেব’ত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোৱে কৈশোৰ অৱস্থাৰ ছাত্ৰীগৰাকীক বেয়া আচৰণৰ বাবে জবাবদিহি কৰিবলৈ যাওতেই শিক্ষয়িত্ৰী এগৰাকী সন্মুখীন হ’ল সপোনতো নভবা পৰিস্থিতিৰ।

ভিডিঅ’টোত ছাত্ৰীগৰাকীক প্ৰথমতে শিক্ষয়িত্ৰীগৰাকীয়ে গালি পাৰি থকা দেখা গৈছে। বাৰম্বাৰ নিজৰ গাললৈ আঙুলি টোৱাই চৰিয়াবলৈ উচতাই থকা ছাত্ৰীগৰাকীৰ আচৰণত হঠাতে ধৈৰ্য্যৰ বান্ধ হেৰুৱাই শিক্ষয়িত্ৰীগৰাকীয়ে চৰ শোধাবলৈ বাধ্য হয়।

কিন্তু ইয়াৰ পিছতে দেখা গ’ল এক অপ্ৰত্যাশিত দৃশ্য। তড়িৎ গতিৰে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ওলোটাই চৰ শোধাই দিয়ে ছাত্ৰীগৰাকীয়ে। লগে লগে দুয়োৰে মাজত অৰিয়াঅৰি লাগে।

শেষত শ্ৰেণীকোঠাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলেহে কাজিয়া ভাঙি দিবলগাত পৰে। বিষয়টোৱে শ্ৰেণীকোঠাত শাৰিৰীক শাস্তিৰ বিষয়টো পুনৰাই টানি আনিছে।

একাংশৰ মতে যদি শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক চৰিয়াব নালাগিছিল, আন একাংশই আকৌ ছাত্ৰীগৰাকীৰ স্পৰ্ধা সহ্যৰ বাহিৰত বুলি উল্লেখ কৰি বিদ্যালয়ৰপৰা বহিস্কাৰ কৰাৰ দাবী জনাইছে।