ভাৰতত চীনা এপৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি হোৱাৰ সময়তে জনপ্ৰিয় ছ'চিয়েল মিডিয়া এপ ফেচবুকো বিভিন্ন কাৰণত শলঠেকত পৰা দেখা গৈছে। বিশ্বৰ বহু নামী-দামী প্ৰতিষ্ঠানে এতিয়া মাৰ্কিন ছ'চিয়েল মিডিয়া এপবিধৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিছে। কিন্তু কিয়? সবিশেষ লিখিছে জ্যেষ্ঠ সাংবাদিক হৃদয় কুমাৰ শৰ্মাই।


♦ ১৯ শতিকাত ক্ৰীতদাস প্ৰথা বিলোপৰ দাবীত ব্ৰিটেইনত যেতিয়া আন্দোলন আৰম্ভ হৈছিল¸ তেতিয়া আন্দোলনকাৰীসকলে ক্ৰীতদাসৰ দ্বাৰা উৎপাদিত পণ্য বয়কট কৰিবলৈ ব্ৰিটিছ নাগৰিকসকলক আহ্বান জনাইছিল। এই আহ্বানলৈ হাজাৰ হাজাৰ নাগৰিকে সহাঁৰি জনোৱাত দাস প্ৰথা বিলোপৰ দাবীত সাংঘাতিক চাপ সৃষ্টি হৈছিল।

শেহতীয়াকৈ বৰ্ণবাদৰ বিৰুদ্ধে ‘Stop Hate for Profit’ নামৰ আন্দোলনকাৰী সংগঠন এটিয়ে বয়কটক প্ৰধান অস্ত্ৰ হিচাপে হাতত লোৱাত জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেচবুকলৈ ভাবুকি আহি পৰিছে।

আন্দোলনকাৰীসকলৰ অভিযোগ ফেচবুকে বৰ্ণবাদ¸ ঘৃণা¸ বিদ্বেষ বন্ধ কৰাত কোনো পদক্ষেপ লোৱা নাই। আন্দোলনকাৰীসকলে বেচ কিছু বৃহৎ কোম্পানীক ফেচবুক বা অন্য ছ’চিয়েল মিডিয়াত বিজ্ঞাপন নিদিবলৈ বাধ্য কৰাইছে। এইবোৰ কোম্পানীৰ ভিতৰত ফ'ৰ্ড¸ এডিডাছ¸ এইচ পি¸ কোকা-কোলা¸ ইউনিলিভাৰ¸ আদি।

মাইক্ৰ’ছফটে যোৱা মে’ মাহৰ পৰাই ফেচবুক আৰু ইনষ্টাগ্ৰামত বিজ্ঞাপন দিয়া বন্ধ কৰিছে। প্ৰতিষ্ঠানটোৰ অভিযোগ- এই দুটি প্লেটৰ্ফমত আপত্তিকৰ কনটেন্ট প্ৰকাশ পাই আহিছে।

বিজ্ঞাপন বয়কটে ক্ষতি কৰিবনে ফেচবুকক?

বিজ্ঞাপন বয়কটে ফেচবুকৰ বহৎ ক্ষতি কৰিব পাৰে৷ কিয়নো ফেচবুকৰ আয়ৰ বৃহৎ অংশ বিজ্ঞাপনৰ পৰাই লাভ হয়। ইয়াতকৈ ডাঙৰ সমস্যা হৈছে ফেচবুকৰ নৈতিক অৱস্থানৰ ওপৰত প্ৰশ্ন উঠিছে¸ আস্থাৰ সংকট সৃষ্টি হৈছে। ইয়ে ফেচবুকৰ ব্যৱসায়ত ক্ষতি কৰিব বুলি ধাৰণা কৰা হৈছে।

যোৱা সপ্তাহৰ শুকুৰবাৰৰ দিনটোত ফেচবুকৰ শ্বেয়াৰ দাম কমিছে ৮ শতাংশ। ফলত ফেচবুকৰ প্ৰধান নিৰ্বাহী মাৰ্ক জুকাৰবাৰ্গৰ মুঠ সম্পদৰ প্ৰায় ৬ বিলিয়ন পাউণ্ড কমি গৈছে।

অৱশ্য ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে এইবাৰে প্ৰথম বয়কটৰ ঘটনা নহয়। ২০১৭ চনত কেবাটাও বৃহৎ কোম্পানীয়ে ইউটিউবত বিজ্ঞাপন দিয়া বন্ধ কৰি দিছিল। এই সংকটৰ পৰা ৰক্ষা পাবলৈ ইউটিউবে বিজ্ঞাপন নীতিৰ সাল-সলনি ঘটাব লগা হৈছিল।

উল্লেখ্য যে, ফেচবুকৰ ৰাজহৰ অধিক সংখ্যক ধন আহে সৰু-সুৰা হেজাৰ হেজাৰ কোম্পানীৰ পৰা। চি এন এন-ৰ তথ্য মতে¸ বৃহৎ কোম্পানীৰ পৰা লাভ কৰা আয় মাথোঁ ৪.২ বিলিয়ন ডলাৰ¸ অৰ্থাৎ ফেচবুকৰ মুঠ আয়ৰ মাত্ৰ ৬ শতাংশ। অৱশ্য সৰু সৰু কোম্পানীবোৰে ফেচবুক বয়কট আহ্বানলৈ এতিয়াও সহাঁৰি দিয়া নাই।

ইপিনে জুকাৰবাৰ্গে দুদিনমান পূৰ্বে ঘোষণা কৰিছে, ‘যিবোৰ ঘৃণা বা বিদ্বেষপূৰ্ণ কনটেন্ট আছে¸ সেইবোৰ আঁতৰাব। কিন্তু দ্য ষ্টপ হেইট ফৰ প্ৰফিট আন্দোলনকাৰীসকলে এই ঘোষণাক লৈ সন্তুষ্ট হয় নে নহয় সেয়া সময়হে ক’ব।’

এই বয়কট যদি অব্যাহত থাকে ফেচবুকৰ বাবে হয়তো ইয়ে অশনি সংকেত নমাই আনিব। সেয়ে ক্ষুব্ধ হৈ পৰা প্ৰতিষ্ঠানসমূহক সৈমান কৰিবলৈ এতিয়া উঠি-পৰি লাগিছে ফেচবুক কৰ্তৃপক্ষ৷