ডিজিটেল ডেস্কঃ প্ৰেমত পৰি হেনো বহু মানুহৰ লটি-ঘটি হয়। একাংশই আকৌ কয় প্ৰেমত হেনাে ঐশ্বৰিক শক্তি থাকে৷ প্ৰেমত পৰা মানুহে প্ৰেমিকৰ বাবে সকলো কৰিবও পাৰে বুলি কয়।

কিন্তু প্ৰেমিকাৰ বাবে  অসাধৰণ কাম কৰিবলৈ গৈ এজন যুৱকৰ মৃত্যুৰ ঘটনাই বিশ্বৰ সংবাদ মাধ্যমত স্থান লাভ কৰিছে ৷

অসাধৰণ কাম কৰিবলৈ গৈ মৃত্যুক সাৱটি লব লগা হ'ল যুৱকজনে৷ প্ৰেমিকাক আকৃষ্ট কৰাৰ বাবে অসাধাৰণ ভাবে ৬২ মহলাৰ এটা আট্টলিকাৰ পৰা জপিয়াই ষ্টান্ট কৰিবলৈ গৈ মৃত্যুক আকোৱালি লয় যুৱকজনে।

এই লোমহৰ্ষক ঘটনাটো ঘংঘটিত হয় চীনত৷ কেইবামহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হয় ষ্টান্টমেন যুৱক ২৬ বছৰিয়া য়ু য়াংগনিংগৰ৷
প্ৰেমিকাক আকৃষ্ট কৰাৰ স্বাৰ্থত ৬২ মহলাত উঠি ষ্টান্ট কৰি থাকোতেই হঠাৎ পিছলি পৰি মৃত্যু হয় যুৱক জনৰ৷

মৃত্যুক আকোৱালি লোৱা য়াংগনিংগ চীনৰ বহু জনপ্ৰিয় যুৱক আছিল। তেওঁ চাইনিজ চুপাৰ মেন বুলি খ্যাত৷

উল্লেখ্য যে য়াংগনিংগে কোনো ধৰণৰ  সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈয়ে ষ্টান্ট কৰে৷ ৬২ মহলাৰ ওপৰত তেওঁ কোলো ধৰণৰ সুৰক্ষা নোলোৱাকৈ ষ্টান্ট কৰি আছিল৷ পিছে সেইবাৰ ভাগ্যই লগ নিদিলে চাইনিজ চুপাৰমেন য়াংগনিংগক৷