নতুন দিল্লীঃ আফগানিস্তানৰ নংগঅৰহৰ ৰাজধানী জলালবাদত সন্ত্ৰাসবাদীৰ আত্মঘাতী ঘটনাই চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰে৷ 

সন্ত্ৰাসবাদীয়ে আৰক্ষী থানাৰ নিচেই ওচৰতে আত্মঘাতী বোমাৰ বিস্ফোৰণ ঘটায়৷ এই আত্মঘাতী বোমাত ১১ জন লোক মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আঘাতপ্ৰাপ্ত হয়৷ 

অতাহুল্লাহ খোগয়ানীয়ে ইচলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ কৰাৰ কথা সদৰী কৰে৷ মৃত্যু হোৱা লোকৰ ভিতৰত এটা শিশু থকা বুলিও কোৱাৰ লগতে তিনিটা শিশু গুৰুতৰভাৱে আহত হয়৷

আফগানিস্তানৰ সুৰক্ষা বাহিনীৰ ওপৰত প্ৰায়ে তালিবান তথা সংগঠনে আক্ৰমণ চলাই আহিছে৷ 

আফগানিস্তান চৰকাৰে এই সন্দৰ্ভত কয় যে শান্তি প্ৰক্ৰিয়া বজাই ৰাখিবলৈ আৰু দেশৰ বিভিন্ন জেলত বন্দী হৈ থকা ৪৯০ গৰাকী তালিবানী কয়দীক মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে৷ ফিৰোজ বচাৰীয়ে কয় যে জুন মাহৰ ঈদত ৰাষ্ট্ৰপতি অচৰফ গনীয়ে ৮৮৭ গৰাকী কয়দীক মুকলিৰ আদেশ দিছিল৷