গুৱাহাটীঃ অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহ "বিদেশী ঘোষিত" সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ সেই অনুসৰি বিদেশী গোচৰত অভিযুক্ত সোন উল্লাহৰ জামিন মঞ্জুৰ কৰে আজি ন্যায়ালয়ে৷

লগতে আজি ন্যায়ালয়ে আৰক্ষীৰ বিষয়া গৰাকীৰ গোচৰটো তদন্ত কৰা আৰক্ষীৰ বিষয়া চন্দ্ৰমল দাসলৈ জাননী জাৰি কৰিছে। ইয়াৰ উপৰিও গোচৰটোত জড়িত থকা অসম চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰনালয়, এন আৰ চি কৰ্তৃিপক্ষক আৰু ভাৰত চৰকাৰলৈ জাৰি কৰিছে জাননী। এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে সোনা উল্লাৰ অধিবক্তা বোৰানোৰ ৰহমানে।