Newsheads
Newsheads

ডিজিটেল ডেস্কঃ নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী। নৃত্য আৰু অভিনয়ৰ দক্ষতাৰে বলীউডত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে গুজৰাটত এটা কোম্পেনীৰ বিজ্ঞাপনৰ যোগেদি নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰে।

পিছে কেৰোণ লাগে তাতেই। অভিনেত্ৰী গৰাকীয়ে গুজৰাটত যিটো কোম্পেনীৰ 'ব্ৰেণ্ড এম্বেছেডৰ’ হিচাপে নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছিল সেই কোম্পেনীটো হৈছে' মেন ফোৰ্ছ কণ্ডম’ৰ। কোম্পেনীটোৱে ছানী লিয়নীৰ নৱৰাত্ৰীৰ শুভেচ্ছা সূচক হৰ্ডিং গুজৰাটৰ বাটে-পথে লগোৱাত গুজৰাটৰ কেতবোৰ সংগঠনে হৰ্ডিংবোৰ ফালি পেলায়।

স্থানীয় সংগঠনসমূহে সংস্কৃতিৰ প্ৰমূল্যতাত আঘাত হানিছে বুলি বিজ্ঞাপনটোৰ মডেল ছানী লিয়নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। লগতে ছানী লিয়নীৰ এনে কৰ্মৰ তীব্ৰ বিৰোধিতা কৰি এই সংগঠনসমূহে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ সম্পৰ্কে অৱগত কৰে৷