গুৱাহাটী/দুলীয়াজানঃ এটা ভাইৰেল ভিডিঅ’কলৈ সামাজিক মাধ্যমত যোৱা দুদিন ধৰি অব্যাহত আছে চৰ্চা৷ ভিডিঅ’টোক লৈ বিভিন্নজনে ভিন্ন মতো প্ৰকাশ কৰিছে৷ এজনে কৈছে যে অসমীয়াৰ মানুহৰ বাবে এয়া দুৰ্ভাগ্যজনক। আন এজনে কৈছে, 'এয়া ৯০ দশকৰ অসম নহয়৷ ৰাইজে বিষয়টো জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকক অৱগত কৰক, লিখিত অভিযোগ দিয়ক।’ বহুতে সাৱধানবাণী শুনাই কৈছে, 'CAA বিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবেই আপোনাৰো হ’ব পাৰে এনে অৱস্থা। সাৱধান ৰাইজ, সতৰ্ক হৈ থাকক৷’ 

ভাইৰেল ভিডিঅ’টোত আছিল দুখন নাম্বাৰ প্লেট নোহোৱা গাড়ী, সামৰিক পোছাক পৰিধান কৰা এটা দল আৰু স্থানীয় ৰাইজ। ভিডিঅ’টো ৰেকৰ্ড কৰি থকা এজন যুৱকে কৈছে যে 'ইহঁতে দুলীয়াজান শাখাৰ পৰা আহিছো কৈছে, ইহঁত কোন হয়, ক’ৰ পৰা আহিছে নাজানো।'

ভিডিঅ’টো আছিল নাহৰকটীয়া গাঁৱৰ চাচনিৰ কুকুৰাপুঁহীয়া গাঁৱৰ। বীৰ লাচিত সেনাৰ সভাপতি দেবজিৎ দুৱৰাৰ  ঘৰলৈ সেনাৰ পোছাকধাৰী এটি দল আহিছিল। দলটোৱে হাহাকাৰ লগাইছিল দেবজিৎ দুৱৰাক বিচাৰি। এই পৰিপ্ৰেক্ষিতত সেই অঞ্চলত সূত্ৰপাত হয় এক উত্তপ্ত পৰিস্থিতিৰ। সকলোৰে মনত প্ৰশ্ন দেৱজিতৰ ঘৰত সেইদিনা হৈছিল কি?

বলপূৰ্বকভাৱে সিহঁতে আমাৰ ঘৰত সোমাইছিল

উক্ত ঘটনা সন্দৰ্ভত দেৱজিতৰ পত্নীয়ে আগবঢ়াইছে কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য। সেনাৰ পোছাকধাৰী দলটোৱে জোৰ-জবৰদস্তি কৰি ঠেলি দি ঘৰত সোমাই যোৱাৰ অভিযোগ উত্থাপন কৰি কয় দেৱজিতৰ পত্নীয়ে কয়, 'সিহঁতৰ লগতে ময়ো সোমাই গলো। মোক বাকচ খুলিবলৈ ক’লে। মই বাকচ খুলিলো, বিচনা-পত্ৰ ইফাল-সিফাল কৰিলো।’

'সিহঁতে আমাৰ  ঘৰত একোৱে নাপালে। আকৌ পিছত ক’ৰ পৰা কি পালে নাজানো। এইটো পাই গ’লো বুলি কৈ ঘৰৰ পৰা ওলাই গ'ল। ইহঁত আহিয়ে থাকে, ইহঁতে এনেকুৱা কৰিয়েই থাকে। আমাৰ পৰিয়ালক বহুত অসুবিধা দিয়ে। ইহঁতে আমাক ফচাব বিচাৰিছে।’-থোকাথুকি মাতেৰে  পত্নীৰ মন্তব্য। 

দেৱ দুৱৰাক বিছাৰিছো...

সেনাৰ পোছাকধাৰী দলটোৱে পত্নীক শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ নেতা দেৱজিৎ দুৱৰাই। 'মোৰ পত্নীক চুলিত ধৰি টানি নি সিহঁতে ভিতৰলৈ সোমাই গৈছিল৷’- সংবাদ মাধ্যমৰ আগত দেৱজিতৰ ভাষ্য। 

'দলটোত অসামৰিক পোছাকত চাৰিজন মানুহ আৰু বাকীখিনি সামৰিক পোছাকধাৰী আছিল৷ মোৰ পত্নী আৰু মা-দেউতা সুধিছিল কাক লাগে, কিয় আহিছে বুলি। সিহঁতে দেৱ দুৱৰাক বিছাৰিছো বুলি ক’লে ৷ তেতিয়াই  দেউতাহঁতে কলে যে আপোনালোক অলপ সময় ৰওক৷ দেৱ নাই, টিংখাঙলৈ গৈছে  আহিব৷ ইয়াৰ পাছতে সিহঁতে ঘৰৰ ভিতৰত সোমাবলে চেষ্টা চলালে।’- দুৱৰাই কয়। 

দেৱজিতে আৰু কয়, 'মই যোৱা দুমাহে CAA বিৰোধী আন্দোলনৰ লগত জড়িত হৈ আছো। হয়তো সেইবাবেই মোক শাসক পক্ষই লক্ষ্য কৰি লৈছে। মোৰ ঘৰত তেওঁলোকে নিজেই বন্দুক থৈ বন্দুক পোৱাৰ নাটক কৰিছে।’

সমান্তৰালভাৱে দেৱজিতে কিছুদিন আগতে জেলত থকাৰ কথাও ব্যক্ত কৰে। 'যোৱা কিছুদিনৰ পূৰ্বে সেনা আৰক্ষীয়ে এছ পি আফিচলৈ মাতি নিছিল।কিছুমান কথা সোধা-পোছা কৰিলে। মহিলা এছপিগৰাকীয়ে ক’লে যে মই নিৰ্দোষী কিন্ত তেওঁলোকৰ সন্মানৰ কথা আছে বাবেই এৰি দিব নোৱাৰে। ফলত মই ২৪ দিন জেলত থাকিলো।’-দেৱজিতৰ ক্ষোভ মিহলি মন্তব্য।

একোৱেই কোৱা নাছিল চাচনি আৰক্ষী চকীৰ OCক

দেৱজিৎ দুৱৰা সম্পৰ্কে বিশেষ একোৱেই নাজানে চাচনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই। NNOৰ আগত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, 'দেৱজিতৰ ঘৰৰ ঘটনাৰ সন্দৰ্ভত আমি জ্ঞাত নাছিলো। সেনাৰ দলটোৱে আমাক কৈছিল যে তেওঁলোক জয়পুৰ কেম্পৰ পৰা আহিছে। তেওঁলোকে থানাৰ পৰা ২ কিলোমিটাৰ ভিতৰলৈ যাব। সেইবাবে এজন আৰক্ষী আমাক বিচাৰিছিল। ক'ত যাব, কিয় যাব আমাক একোৱেই কোৱা নাছিল। কেৱল আমাৰ মানুহ এজন বিচৰাত আমি এজন ইউ বি কনিষ্টবল লগত পঠাইছিলো।’ 

অনুসন্ধান চলাই আছে দুলীয়াজান আৰক্ষীয়ে

ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষীয়ে NNOৰ আগত এক টেলিফোনিক বাৰ্তালাপত কয়, 'হয় তেওঁলোক জয়পুৰ সামৰিক বাহিনী শিবিৰৰ পৰাই  গৈছিল। তেওঁলোকে দেবজিত দুৱাৰাৰ ওচৰত কিছু আপত্তিজনক তথ্যপাতি আছে বুলি সন্দেহ কৰিছে। ঘটনাৰ পিছদিনা সামৰিক বাহিনীয়ে আমাক আপত্তিজনক সামগ্ৰী পোৱা সন্দৰ্ভত এখন এজাহাৰ দিছে। আমি অনুসন্ধান কৰি আছো প্ৰকৃততে তেওঁলোকে আপত্তিজনক সামগ্ৰী পোৱাটো হয় নে নহয়।’ দুলীয়াজান আৰক্ষীয়ে লগতে আৰু কয় যে এই পৰ্যন্ত তেওঁলোকে দেবজিত দুৱাৰাক গ্ৰেপ্তাৰ কৰা নাই। 

সেনাৰ অভিযোগক ভিত্তিহীন আখ্যা দল-সংগঠনৰ
 
উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় দল-সংগঠন সমূহে৷ যোৱা ২৬ জানুৱাৰীত উজনি অসমৰ কেবা ঠাইতো সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কিছু কথা সোধা-পোছা কৰিবৰ বাবেই সামৰিক বাহিনীয়ে দেৱজিত দুৱৰাৰ ঘৰত প্ৰৱেশ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহে। 

একাংশ ৰাইজে জনোৱা মতে, এটা সময়ত দেৱজিৎ দুৱৰা আলফাৰ সৈতে জড়িত আছিল যদিও বৰ্তমান তেওঁ বিদ্ৰোহী সংগঠনৰ সদস্য নহয়। ২০০৮ চনত তেওঁ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত দেৱজিতৰ ঘৰত আপত্তিজনক সামগ্ৰী পোৱাটো বুলি সেনাই উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে স্থানীয় ৰাইজে। 

আলফা সজোৱা হৈছিল দেৱজিতক!

দেৱজিৎ দুৱৰা আলফাৰ সদস্য আছিল নে নাই সেই সন্দৰ্ভত আন একাংশ লোকৰ ভাষ্য আকৌ সম্পূৰ্ণ বিপৰীত। NNOৰ সৈতে হোৱা কথা-বতৰাত একাংশ লোকে দাবী কৰে যে দেৱজিত আচলতে আলফা নাছিল, সেনা-আৰক্ষীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বলপূৰ্বকভাৱে তেওঁক আলফা সজাই আত্মসমৰ্পণৰ নাটক কৰিবলৈ বাধ্যহে কৰিছিল। তেওঁলোকৰ মতে ১৪-১৫ বছৰ মান পূৰ্বে গাঁওখনৰ ওচৰত সংঘটিত গুলীচালনাৰ ঘটনাত গুলীৰ সম্ভেদ বিচাৰি আহোতে বাটতে দেৱজিত পাইছিল সেনা-আৰক্ষীৰ অভিযানকাৰী দলে। ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে দেৱজিতক বলপূৰ্বক উঠাই নি আলফা বুলি স্বীকাৰ কৰিবলৈ হেঁচা প্ৰদান কৰাৰো অভিযোগ তোলে এইসকল লোকে।

ৰাতি আহি মনে মনে আঁতৰি যোৱাক লৈ ৰাইজৰ প্ৰশ্ন

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, সেনাৰ দলে নিশাৰ ভাগত দেৱজিতক বিচাৰি যোৱাৰ সময়ত তেওঁৰ পত্নীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ উক্ত স্থানত গোট খায়৷ লগে লগে উক্ত স্থান ত্যাগ কৰে সেনাৰ দলটোৱে। এনেদৰে স্থানীয় ৰাইজ গোট খোৱাত সেনাৰ দলটোৱে সেই স্থান পৰিত্যাগ কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই বহুতে।

একাংশ লোকে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে সামৰিক পোছাক পৰিধান কৰা দলটোৱে যদি সঁচাকৈয়ে অভিযান চলাবলৈ আহি কিবা ক্লু পাইছিল তেন্তে ৰাইজৰ মুখামুখি হোৱাৰ সাহস কিয় নকৰিলে? আন একাংশ ৰাইজে আকৌ তালাচীৰ নামত দিনৰ পৰিৱৰ্তে নিশাৰ ভাগত বলপূৰ্বক ঘৰৰ ভিতৰত প্ৰৱেশ কৰা কাৰ্যকো সন্দেহৰ দৃষ্টিৰে চোৱা দেখা গৈছে। ছ'চিয়েল মিডিয়াতো এই লৈ ভিন্নজনে উত্থাপন কৰিছে একাধিক প্ৰশ্ন।