ইউলিবঃ ছিৰিয়াৰ যোৱা প্ৰায় এটা দশকজুৰি চলি থকা সন্ত্ৰাসবাদী অমানৱীয় কাৰ্যকলাপত নিতৌ নীৰিহ লোকে প্ৰাণ হেৰুওৱাৰ সময়তে মঙলবাৰে হোৱা এক নৃশংস ৰাসায়নিক আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ বিশ্বক।

চিৰিয়াৰ ইউলিব প্ৰদেশত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা এই ভয়াবহ আক্ৰমণক সমগ্ৰ বিশ্বই নিন্দা কৰাৰ পিছতে আজি বিষয়টোক অতি গুৰুত্বপুৰ্ণ সহকাৰে বিবেচনা কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে।

আন্তৰাষ্ট্ৰীয় বিষয়টোত হস্তক্ষেপৰ বাবে সাজু হোৱা নিৰাপত্তা পৰিষদে আজিৰ এই জৰুৰীকালীন বৈঠকখন আয়োজন কৰিছে ব্ৰাছেলত। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এই কথা সদৰি কৰিছে যে বিষয়টোত এক বিশদ অনুসন্ধান হোৱাটো অতিকে জৰুৰী। 

উল্লেখ্য যে ফ্ৰান্সিছ পোপে এই গণহত্যাক এক মৰ্মন্তুদ ঘটনা আখ্যা দি এনে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ঘোৰ বিৰোধীতা কৰিছে। আনফালে এই ঘটনাটোৰ বাবে বাছৰ আল আছাদ শাসিত ছিৰিয়া চৰকাৰৰ লগতে সহযোগী ৰাছিয়া আৰু ইৰাণক গৰিহণা দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।