নতুন দিল্লীঃ দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুক সাবটি লোৱা চোৰাংচোৱা বিষয়া অংকিত শৰ্মাৰ বাসগৃহত এতিয়া নিমাওমাও পৰিৱেশ। অংকিতৰ পিতৃ, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়া সকলোৱে তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে 'আপ’ৰ নেতা তথা পাৰিষদ তাহিৰ হুছেইনক। এই অভিযোগ সন্দৰ্ভত আপ নেতা তাহিৰে টুইটযোগে স্পষ্টীকৰণ দিয়াও দেখা গৈছে। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত এজাহাৰ দাখিল কৰা নাই। 

২৬ ফেব্ৰুৱাৰীত নৰ্দমাত উদ্ধাৰ হৈছিল অংকিতৰ মৃতদেহ 

অংকিতৰ পিতৃ ৰবিন্দৰ শৰ্মাই সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত কৈছে, 'অংকিতে ডিউটিৰ পৰা উভতি আহি বাহিৰত কি হৈছে সেয়া চাবলৈ গৈছিল। তেতিয়া তাত শিলাবৰ্ষণ হৈ আছিল। সেই সময়তে সিফালৰ অট্টালিকাটোৰ পৰা ১৫-২০ জন লোক আহিছিল আৰু মোৰ ল’ৰাক টানি লৈ গৈছিল। যিসকলে তাক বচাবলৈ গৈছিল সেইসকলক উদ্দেশ্যি দলটোৱে গুলী চলাইছিল আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰিছিল। পিছত কল’নিৰ একাংশ লোকে আহি মোক কৈছিল যে আপোনাৰ ল’ৰাৰ মৃতদেহ নৰ্দমাত পৰি আছে। তেতিয়াও মই ভাবি আছিলো যে সেয়া অংকিতৰ নহয় চাগে আন কাৰোবাৰ মৃতদেহ।’  

পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা মাতৃয়ে কান্দি কান্দি সাংবাদিকৰ আগত কৈছে যে অংকিতক চাহ একাপ খাই তেওঁ বাহিৰলৈ যাবলৈ কৈছিল। কিন্তু সি চাহ নোখোৱাকৈয়ে যি ওলাই গ’ল বহুপৰলৈ ঘূৰি নাহিল। তেতিয়া থানালৈ গৈ এজাহাৰ দাখিল কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে এজাহাৰ এতিয়াই নিদিলেও হ’ব বুলি কোৱাৰ কথাও জনাইছে ক্ৰন্দনৰত মাতৃয়ে। 

অংকিতৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ পিতৃ ৰবিন্দৰে এইদৰে কয়, 'পুৱা ১০ বজাত এছপিয়ে মৃতদেহ উদ্ধাৰ কৰে। চুবুৰীয়া এজনে ডেডবডীটো দেখি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহিছিল।’ পুত্ৰৰ মৃত্যুৰ বাবে আপ নেতা তাহিৰেই দায়ী বুলি স্পষ্টকৈ উল্লেখ কৰি তেওঁ আৰু কয়, 'তাহিৰ দেশদ্ৰোহী হয়। গুণ্ডাবোৰে তাহিৰৰ ঘৰৰ ছাদৰ পৰা শিল দলিয়াই আছিল। অংকিতক সিহঁতেই ছুৰীৰে হানিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে এইবোৰ সকলো পোহৰলৈ আহিব।’ 

তাহিৰ জড়িত থকাৰ ভিডিঅ' টুইট বিজেপিৰ আইটিচেলৰ মূৰব্বীৰ

আপ নেতা তাহিৰ হুছেইন নেহৰু বিহাৰ অঞ্চলৰ পাৰিষদ। তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে আক্ৰমণকাৰীক আশ্ৰয় দিয়াৰ অভিযোগ। কিন্তু এই অভিযোগ অস্বীকাৰ কৰি ছ’চিয়েল মিডিয়াত এটি ভিডিঅ’ আপলোড কৰিছে তাহিৰে। ভিডিঅ’টোত তাহিৰে স্বীকাৰ কৰিছে যে আক্ৰমণকাৰীসকলে তেওঁৰ বাসগৃহৰ পৰাই শিল দলিয়াইছিল। লগতে তেওঁ এই কথা কৈছে যে আক্ৰমণকাৰীসকলে তেওঁৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিহে সেই কাণ্ড সংঘটিত কৰিছে। অভিযোগ উত্থাপন কৰাৰ দৰেকৈ তেওঁ কাকো প্ৰৰোচিত কৰা নাছিল বুলিও ভিডিঅ’টোত উল্লেখ কৰিছে নেতাজনে।

এই সন্দৰ্ভত বিজেপিৰ আইটি চেলৰ মূৰব্বী অমিত মালব্যই টুইট কৰিছে এটি ভিডিঅ’। উক্ত ভিডিঅ’টোৰ কেপশ্যনত তেওঁ লিখিছে, 'স্থানীয় লোকসকলক হিন্দুৰ বিৰুদ্ধে হিংসাত্মক কাণ্ড সংঘটিত কৰিবলৈ আপ নেতা তাহিৰ হুছেইনে উচটনি দিয়া ভিডিঅ’ পোহৰলৈ আহিছে। ইয়াৰ পৰাই বুজিব পাৰি যে ঘটনাক লৈ কেজৰিৱাল কিয় মনে মনে আছে। কেজৰিৱালে সেয়ে বিধায়কসকলৰ লগত এই লৈ বৈঠক অনুষ্ঠিত কৰা নাই আৰু মৌলবীসকলকো বুজোৱা নাই।’ 

মালব্যই টুইট কৰা ভিডিঅ’টোত এটা অট্টালিকাৰ ছাদৰ পৰা একাংশ লোকে শিল দলিয়াই থকা দেখা গৈছে। ছাদত এজন লোকে বগা কাপোৰ আৰু ৰঙা ছুৱেটাৰ পিন্ধি আছে। মালব্যই উক্ত লোকজনকে তাহিৰ হুছেইন বুলি দাবী কৰি ভিডিঅ’টো তাহিৰে অংকিত শৰ্মাক আক্ৰমণ কৰা ঘটনাৰ প্ৰমাণ বুলি দাবী কৰিছে। 

আনহাতে স্পষ্টীকৰণ দিয়া ভিডিঅ’টোতো তাহিৰে মালব্যই টুইট কৰা ভিডিঅ’টোত থকা লোকজনৰ দৰে একে ৰঙৰ ছুৱেটাৰ পিন্ধি আছে। ইয়ালৈ চাই বিজেপি নেতা কপিল মিশ্ৰায়ো মালব্যৰ ভিডিঅ’টো শ্বেয়াৰ কৰি অংকিত শৰ্মাৰ হত্যাৰ বাবে তাহিৰেই জগৰীয়া বুলি দাবী কৰিছে। স্পষ্টীকৰণ দিয়া ভিডিঅ’টোত তাহিৰে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰা হৈছে সেয়া ৰাজনৈতিক ষড়যন্ত্ৰহে।

সন্তানৰ শপত খাই তাহিৰৰ স্পষ্টীকৰণ

'মোৰ বিষয়ে যি বাতৰি প্ৰচাৰ কৰি থকা হৈছে সেয়া সত্য নহয়। লেতেৰা ৰাজনীতি কৰি মোক বদনামী কৰা হৈছে। যেতিয়াৰ পৰা কপিল মিশ্ৰই উচটনিমূলক ভাষণ দিছে তেতিয়াৰ পৰা দিল্লী উত্তপ্ত হৈ পৰিছে। ঠায়ে ঠায়ে শিল নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। পৰহি আমাৰ ইয়াতো এনে হৈছিল। লগে লগে আমি আৰক্ষীক খবৰ দিছিলো। একাংশ উত্তেজিত লোকে মোৰ অফিচত বলপূৰ্বক প্ৰৱেশ কৰি ছাদলৈ উঠি গৈছিল। মই আৰক্ষীৰ সহায় বিচাৰিছিলো। আৰক্ষী আহি গোটেই ঘৰ তালাচী কৰি মোৰ লগতে মোৰ পৰিয়ালক নিৰাপদে বাহিৰলৈ লৈ গৈছিল।’-স্পষ্টীকৰণ হিচাপে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’টোত এইদৰে কৈছে আপ নেতা তাহিৰে।

তেওঁ ভিডিঅ’টোত আৰু কৈছে, 'মই আৰক্ষীক কৈছিলো যে তেওঁলোক যেন লগে লগে আতৰি নাযায়। কিন্তু তেওঁলোকে আতৰি গৈছিল আৰু একাংশ লোকে তাৰ সুযোগ লৈছিল। মোৰ লগতে আৰু আৰু ৫-৬ জন লোকে চেষ্টা কৰিছিলো যাতে গেটখন ভাঙিব নোৱাৰে। কিন্তু সিহঁতে গেটখন ভাঙি দিছিল আৰু ওপৰলৈ উঠি আহিছিল। আৰক্ষী যোৱাৰ পিছতে সিঁহত আকৌ আক্ৰমণাত্মক হৈ পৰিছিল। মই যিটো ভয় কৰি আছিলো আক্ৰমণকাৰীসকলে সেয়াই কৰিছিল। মই এজন সৎ আৰু প্ৰকৃত মুছলমান হ’বলৈ সদায় চেষ্টা চলাই আহিছো আৰু মই সদায় হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ হকে কাম কৰি আহিছো। মোৰ সন্তানৰ শপত খাই কৈছো, মই এনে নীচ ৰাজনীতি কেতিয়াও কৰা নাছিলো আৰু কোনো দিনেই নকৰো।’

উল্লেখ্য যে ২০১৭ চনত পূব দিল্লীৰ নেহৰু বিহাৰ পাৰিষদ হিচাপে নিৰ্বাচিত হৈছিল তাহিৰ। পেছাত ব্যৱসায়ী তাহিৰে নিৰ্বাচনী শপতনামাত ঘোষণা কৰা মতে তেওঁৰ সম্পত্তিৰ মূল্য প্ৰায় ১৮ কোটি। নিৰ্বাচন আয়োগৰ ওচৰত দাখিল শপতনামাত উল্লেখ থকা মতে তেওঁৰ বিৰুদ্ধে ২০১৭চনলৈকে কোনোধৰণৰ অপৰাধমূলক গোচৰ ৰুজু হৈ থকা নাছিল আৰু সেয়াই আছিল তেওঁৰ প্ৰথমটো নিৰ্বাচন। শপতনামাত তাহিৰে আৰু জনাইছে যে তেওঁ অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু পিছত মুক্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।