নতুন দিল্লীঃ বিশ্বৰ এক নম্বৰ সন্ত্ৰাসবাদী সংগঠন তালিবানৰ সৈতে ভাৰতে একেখন আলোচনাৰ মেজত বহিছে। অৱশ্যে বেচৰকাৰীভাৱে। মস্কোত শুকুৰবাৰে এই আলোচনা অনুষ্ঠিত হৈছে।

মধ্য এছিয়াৰ অশান্তজৰ্জৰ আফগানিস্তানলৈ শান্তি ঘূৰাই আনিবৰ বাবে ৰাছিয়াই এক আলোচনাৰ আয়োজন কৰিছে আৰু ইয়ালৈ ভাৰতকে ধৰি আমেৰিকা, পাকিস্তান আৰু চীনকো আমন্ত্ৰণ কৰিছে। তালিবান এই সন্মিলনৰ এক গুৰুত্বপূৰ্ণ অংশ। 

মন কৰিবলগীয়া যে তালিবানৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে একেখন আলোচনাৰ মেজত ভাৰতে একেলগে বহা এয়াই প্ৰথম।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে এই কথা সদৰী কৰি কয় যে ভাৰতৰ প্ৰতিনিধি হিচাপে আলোচনাত অংশগ্ৰহণ কৰিব আফগানিস্তানত একালৰ ভাৰতৰ ৰাষ্ট্ৰদূত অমৰ সিনহা আৰু পাকিস্তানত ভাৰতৰ প্ৰাক্তন উচ্চায়ুক্ত  টি চি এ ৰাঘৱনে। ভাৰতৰ এই অংশগ্ৰহণ বেচৰকাৰী পৰ্যায়ৰ হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। 

ৰাছিয়াই প্ৰকাশ কৰা মতে, এই আলোচনালৈ ইৰাণ, কাজাখিস্তান, টাজিকিস্তান, টুৰ্কমেনিস্তান আৰু উজবেকিস্তানকো নিমন্ত্ৰণ কৰা হৈছে।