তামুলপুৰঃ বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বতিয়মাৰীত আজি পুৱা বন বিভাগে এছ এছ বিৰ সহযোগত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে মিল আৰু বহু পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়। 

গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগত এছ এছ বি আৰু বন বিভাগে বতিয়ামাৰীত এই অভিযান চলাই কাঠমিলসহ বৃহত পৰিমাণৰ কাঠ জব্দ কৰে। ইফালে, অভিযানৰ উমান পাই মিলৰ কৰ্মচাৰীয়ে পলায়ন কৰে।

মিলটোৰ পৰা 2 লক্ষাধীক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। মাজে সময়ে বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বন্ধ হোৱা নাই। অৱশ্যে এই ক্ষেত্ৰত বন বিভাগে অধিক কঠোৰ হোৱাও পৰলক্ষিত হৈছে৷