অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ডিমলাপাৰ-ভকতপাৰা শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থান সত্ৰত বাৰ্ষিক হোম যজ্ঞ মহোৎসৱ শুকুৰবাৰৰেপৰা আৰম্ভ হৈছে।

আজি দ্বিতীয় দিনাও তামুলপুৰ মহকুমাৰ উপৰিও ৰঙিয়া, নলবাৰী, গুৱাহাটী, তেজপুৰ আদিকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰপৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপৰিও ভিন্ন ৰাজ্যৰপৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই ৫৭০ তম ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থান সত্ৰৰ চৌহদত। 

পুৱাৰেপৰা হাজাৰ হাজাৰ পুৰুষ-মহিলা, যুৱক-যুৱতীসহ ভক্তই হাতে হাতে ধূপ, চাকি, ফুল, নৈবদ্য লৈ শাৰী পাতি শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী প্ৰভূৰ ওচৰত আঁঠু লৈ শৰাই আগবঢ়াই চাকি-বন্তি জ্বলাই  নিজৰ নিজৰ মনৰ কামনা পূৰণ কৰাৰ বাবে আঁঠু লোৱা দেখা গৈছে।

কিম্বদন্তি অনুসৰি শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানত আঁঠু লৈ শৰাই আগবাঢ়ালে নিজৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ উপৰিও পৰিয়াললৈ সুখ-শান্তি নামি আহে, দূৰ হয় বেমাৰ-আজাৰো। বৃহত্তৰ অঞ্চলটোৰ অসমীয়া, ৰাভা, বড়ো, শৰণীয়া-কোছাৰী, নেপালী, বাঙালী, আদিবাসী, কোচ-ৰাজবংশী, হাজং আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ তীৰ্থভূমিত পৰিণত হৈ পৰিছে বাক্সা জিলাৰ এই ৫৭০ বছৰীয়া শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থান সত্ৰৰ চৌহদ।

নাম-প্ৰসংগ, শংখ-ঘণ্টাৰ ধ্বনিৰে সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। থান সত্ৰখনলৈ অহা ভক্তসকলে জানিবলৈ দিয়া মতে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে গোপাল আৰু বাঘেশ্বৰীৰ চৰণত শৰাই আগবঢ়াই আঁঠু লোৱাত। 

আজি দুপৰীয়া ১২.৩০ বজাত বাঁহ গোসাঁই প্ৰদক্ষিণ সম্পন্ন হয়। তাৰ পাছত ক্ৰমে ভেল বিসৰ্জন পুষ্পাঞ্জলি প্ৰদান আৰু বিয়লি ২ বজাত প্ৰসাদ বিতৰণৰে কাৰ্যসূচীৰে হোম যজ্ঞৰ সামৰণি পৰে।