তামুলপুৰঃ আগন্তক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত সাংসদ নৱ কুমাৰ শৰণীয়া কোনো ফেক্টৰ নহয়। বিপিএফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম মূল প্ৰতিদ্বন্দ্বি হ’ব যদিও সমষ্টিটোত কংগ্ৰেছ দলেই বিজয়ৰ শেষ হাঁহি মাৰিব।

এই দাবী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ। শনিবাৰে তামুলপুৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ এই মন্তব্য কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিগত পাঁচটা বছৰে সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ উন্নয়ণৰ একো কাম নকৰিলে। বছৰি পাঁচ কোটিকৈ পাঁচ বছৰত মুঠ পচিশ কোটি টকা ক'ত খৰচ কৰিলে বুলিও প্ৰশ্ন কৰে৷

সমষ্টিটোত তেওঁ যদি এটাও উন্নয়ণৰ কাম কৰাৰ উদাহৰণ দেখুৱাব পাৰে তেন্তে শব্দ ৰাম ৰাভাই নিৰ্বাচনী যুঁজৰপৰা আঁতৰি থাকিব বুলি প্ৰত্যাহ্বান জনায়। কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ বিজয় সুনিশ্চিত বুলি দাবী কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই।