newsnextone.com | নগাঁওঃ অসম কন্যা হিমা দাসে অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰি দেশলৈ তথা অসমলৈ গৌৰৱ কড়িয়াই আনিবলৈ সক্ষম হৈছে৷  দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ক্ৰিকেটৰ তাৰকা, বলিউডৰ তাৰকা, কেন্দ্ৰীয় মন্ত্ৰীয়ে টুইটাৰত শুভেচ্ছা যাচে হিমাক৷ দেশ বিদেশৰ হাজাৰ হাজাৰ লোকে ছ’চিয়েল মিডিয়া যোগে শুভেচ্ছা জনোৱাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমাক দাসক ১ লাখ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ তৰুণ গগৈয়ে পিতৃ-মাতৃৰ ন্যাসৰ পৰা ১ লাখ টকা দিয়াৰ কথা ঘোষণা।

বৃহস্পতিবাৰে ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে হিমাই৷ যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷