গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত মোডী ঢৌত তচ-নচ হ’ল বিৰোধী শিবিৰ। মোডী ছুনামিত উটি গ’ল কংগ্ৰেছৰ ৯ গৰাকীকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী। সেই অনুসৰি এইবাৰ মোডী নিৰ্বাচনী ৰণত পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিলা দীক্ষিত। উত্তৰা খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ অসমৰ তত্বাৱধায়ক হৰিছ ৰাৱাত।

একেদৰে ৰণত পৰিল হাৰিয়ানা প্ৰাক্তন মুখ্যমন্ত্ৰী ভুপিণ্ড সিং, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম বিৰাপ্পা মৈলি, মহাৰাষ্ট্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা সুশীল কুমাৰ সিদ্ধে, মেঘালয় প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা, অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগবিজয় সিং। 

উল্লেখ যে এইসকল কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এইবাৰ লোকসভাৰ নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজিত বৰণ কৰিছে বিজেপি প্ৰাৰ্থীৰ হাতত।

আনহাতে দেশৰ মুঠ ২৯ খন ৰাজ্যৰ ভিতৰত ১৩ খন ৰাজ্যতে কংগ্ৰেছ দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰি তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলটোৱে জয়ৰ মুখ দেখাত ব্যৰ্থ হয়। 

আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে কংগ্ৰেছ দলে এখনো আসন দখল কৰিব নোৱাৰা ১৩ খন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ। সেই ৰাজ্যকেইখন হৈছে ত্ৰিপুৰা, মণিপুৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। 

ইয়াৰ উপৰি অন্যান্য ৰাজ্য আৰু স্বায়ত শাসিত অঞ্চলকেইটা হৈছে গুজৰাট, অন্ধপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ওড়িশা, চণ্ডীগড়, আন্দামান আৰু নিকোবৰ, দামান আৰু ডিউ তথা জম্মু কাশ্মীৰ।