♦ নিৰাপত্তাৰ স্বাৰ্থত এইবাৰ হ্ৰাস কৰা হ’ব ভক্তৰ শিবিৰ

গুৱাহাটীঃ পূৰ্বৰ বছৰৰ দৰে এইবাৰো অহা ২২ জুনৰপৰা ২৬ জুনলৈকে নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ মা-কামাখ্যাত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচী মেলাক লৈ তৎপৰতা বৃদ্ধি পাইছে মহানগৰ প্ৰশাসনৰ।

অম্বুবাচীৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সাজু হৈ উঠিছে মহানগৰ প্ৰশাসনো। উল্লেখ যে ইতিমধ্যে দেশৰ চোৰাংচোৱা সংস্থাই অম্বুবাচী সময়ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে অধিক সতৰ্ক হৈ থাকিবলৈ নির্দেশ প্ৰদান কৰিছে। 

ইফালে মহানগৰ প্ৰশাসনেও সুৰক্ষিত তথা নিৰাপত্তাৰ স্বাৰ্থতে এইবাৰ অম্বুবাচী মেলাক লৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ। সেই অনুসৰি এইবাৰ অম্বুবাচীৰ পূৰ্বতকৈ হ্ৰাস কৰাৰ হৈছে ভক্তৰ বাবে শিবিৰৰ ব্যৱস্থাৰ। 

অন্যবছৰৰ দৰে একমাত্ৰ নিৰাপত্তাৰ স্বাৰ্থতে এইবাৰ কামাখ্যা ৰে’ল ষ্টেচনত নাথাকিব ভক্তৰৰ শিবিৰ।তাৰ পৰিৱৰ্তে ফাঁচী বজাৰৰ জে’ল ৰোডত ভক্তৰৰ বাবে নিৰ্মাণ কৰা হ’ব বৃহৎ শিবিৰ। এইবাৰ জিলা প্ৰশাসনে ভক্তসকলৰ বাবে নিৰ্মাণ কৰিব মুঠ ৪ টা শিবিৰ।

আনহাতে অম্বুবাচী মেলাক লৈ সম্পূৰ্ণ নতুন ৰূপত সাজু হৈ উঠিছে গুৱাহাটীৰ পৌৰ নিগম। সেই অনুসৰি কামাখ্যা মন্দিৰলৈ যোৱা মূল পথত পূৰ্বতকৈ এইবাৰ বৃদ্ধি কৰিব ষ্ট্ৰীট লাইটৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ছোৱাত ভক্তসকলৰ সুবিধাৰ বাবে গুৱাহাটীৰ পৌৰ নিগমে পাইপেৰে যোগান ধৰিব পানী। 

ইয়াৰ উপৰি অম্বুবাচীৰ সময়ছোৱাত যাতে কামাখ্যা মন্দিৰৰ লগতে তাৰ আশে-পাশে পৰিৱেশ যাতে সম্পূৰ্ন চাফ-চিকুণ হৈ থাকে তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ ফালৰপৰা ২৪ ঘণ্টাই নিয়োজিত থাকিব চাফাই কর্মী। তাৰ বাবে চাফাই কর্মীসকলক তিনিটা চীফটত ভাগ কৰা হ’ব বুলি জানিবলৈ দিছে গুৱাহাটী পৌৰ নিগমে। লগতে জানিবলৈ দিছে প্ৰতি দহ গৰাকীৰ চাফাই কৰ্মীক নেতৃত্ব দিবলৈ এজন পৌৰ নিগমৰ ফালৰপৰাই চুপাৰভাইজাৰ নিয়োগ কৰা হ'ব। প্ৰতিটো চীফটৰ কৰ্ম সময় হ’ব ৮ ঘণ্টা।

আনহাতে অম্বুবাচীৰ মেলাৰ উদ্বোধনী অনুষ্ঠান ২২ জুনত মহানগৰীৰ সোনাৰাম বড়ো হাইস্কুল খেল পথাৰত অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানত উপস্থিত থাকিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰ।