গুৱাহাটীঃ জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসম ওৰফে পাপু ৰাজবংশীক মংগলবাৰে তিনিচুকীয়াৰ ডাঙৰীৰপৰা আত্মগোপন কৰি থকা অৱস্থাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত অধিক কটকটীয়া নিৰাপত্তাৰ মাজেৰে বুধবাৰে পুৱা অনা হয় গুৱাহাটীলৈ।

মহানগৰীৰ লতাশিল থানাত দিনটো ৰাখি আবেলি তিনি বজাত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পাছত আবেলি চাৰি বজাত দুৰ্ধর্ষ আলফা কেডাৰজনক হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। 

আদালতে দুৰ্ধর্ষ আলফা কেডাৰজনক গীতানগৰ থানাৰ ৰুজু হোৱা গোচৰৰ ভিত্তিত ১৪ দিনৰ পুলিচৰ জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ বিজয় অসমক হাজিৰ অহা ৫ জুন আদালতত হাজিৰ কৰোৱা বাবে আৰক্ষীক নির্দেশ প্ৰদান কৰে।

আনহাতে আলফা (স্বা) দুৰ্ধর্ষ কেডাৰজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণেৰে জড়িত আটাইকেইজন অভিযুক্তকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

লগতে কয় আলফা দুৰ্ধর্ষ কেডাৰ বিজয় অসমে চিন্ময় লহকৰৰ মটৰ চাইকেলত আহি গ্ৰেনেডটো নিক্ষেপ কৰিছিল। সেই সময়ত অভিনেত্ৰী জাহ্নৱী শইকীয়া ৰৈ আছিল গণেশগুৰিত। গ্ৰেনেড বিস্ফোৰণ কৰিয়েই চিন্ময় লহকৰ মটৰ চাইকেলেৰে পুনৰ বিজয় অসম গৈছিল গণেশগুৰিত ৰৈ থকা জাহ্নৱী শইকীয়াৰ ওচৰলৈ।

গণেশগুৰিৰপৰা পুনৰ জাহ্নৱী শইকীয়াই বিজয় অসমক নিজৰ ভাড়াঘৰলৈ লৈ গৈছিল। সেইদিনা ৰাতিয়েই গুৱাহাটী এৰিছিল দুৰ্ধর্ষ আলফা কেডাৰজনে। ইয়াৰ উপৰি আৰক্ষীৰ আয়ুক্তগৰাকীয়ে কয়, ২০১৩ চনত আলফা (স্বা)ত যোগদিয়া বিজয় অসমে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ম্যানমাৰত। 

ইফালে কুটাঘাট সংঘটিত কৰিবলৈ যোৱা ৮ মে'ত দুৰ্ধর্ষ কেডাৰজন গুৱাহাটীলৈ আহিছিল বুলি প্ৰাথমিক তদন্তত স্বীকাৰ কৰা বুলি জানিবলৈ দিছে। লগতে তেওঁ জানিবলৈ দিছে ইয়াৰ পূৰ্বতে বিজয় অসম দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল। দ্বিতীয়বাৰ কাৰাগাৰৰপৰা মুক্ত হৈয়ে যোগ দিছিল নিষিদ্ধ ঘোষিত আলফা (স্বা)।

আনহাতে ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাণময় ৰাজগুৰুৰ সন্দৰ্ভত আৰক্ষীৰ আয়ুক্তগৰাকীয়ে কয় যে ৰাজগুৰুৰ আলফাৰ শীর্ষ নেতৃত্বৰ সৈতে যোগাযোগ আছিল। ইফালে প্ৰাথমিক জেৰাত বিজয় অসমে ধেমাজি জিলাৰপৰা বহুতো যুৱক-যুৱতী আলফা (স্বা)ত নতুনকৈ যোগদান কৰোৱা বুলি স্বীকাৰ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। 

ইফালে মহানগৰীত যিকোনো সময়তে সংঘটিত হ’ব পৰা কুটাঘাটৰপৰা মহানগৰবাসীক সুৰক্ষাৰ দিবলৈ অসম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলিও জানিবলৈ দিছে।

যোৱা বছৰ পানবজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত বিজয় অসম জড়িত হ’ব পাৰে নিকি বুলি আৰক্ষী আয়ুক্তক প্ৰশ্ন কৰাত তেওঁ কয় সেই ঘটনাৰ সন্দৰ্ভত এতিয়া জেৰা চলোৱা হ’ব। জেৰাত সেই ঘটনাৰো প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি উল্লেখ কৰে।