গুৱাহাটীঃ বহু প্ৰত্যাশাৰ অন্তত ২২ মাৰ্চত অসমৰ ছবিঘৰলৈ আহিব পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালিত দ্বিতীয়খন অসমীয়া বোলছবি 'কানীন’। বিশিষ্ট সাহিত্যিক তথা  উপন্যাসিক ডক্টৰ ৰীতা চৌধুৰী উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে বহু ন-পুৰনি শিল্পীয়ে।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 'কানীন’ৰ "শুই থকা আৱেগ" শীর্ষক ভিডিঅ’ গীতটো আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয়। গীতটোৰ কথা, সুৰ আৰু কন্ঠেৰে সজাই তুলিছে কণ্ঠশিল্পী তৰালী শৰ্মাই।

উল্লেখ যে এই বোলছবিখনত সংগীত পৰিচালনা কৰিছে নৱ-প্ৰজন্মক অন্যতম কণ্ঠশিল্পী তৰালী শৰ্মাই।

ইফালে এই গীতৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে কন্ঠশিল্পী মালবিকা বৰা, ডঃ মাধুৰ্য ঠাকুৰ, ছবিখনৰ অভিনয় শিল্প বাহৰুল ইছলাম, ৰমেন চৌধুৰী প্ৰমুখ্যে ছবিখনৰ লগত জড়িত থকা কলা-কৌশলীসকল।

আনহাতে অনুষ্ঠানতে ছবিখনৰ আন দুটা অডিঅ’ গীতো শ্ৰোতাৰ বাবে মুকলি কৰি দিয়া হয়। 

অনুষ্ঠানত উপস্থিত থাকি পৰিচালক মঞ্জুল বৰুৱাই 'অন্তৰীণ’ৰ পাছত তেওঁৰ দ্বিতীয় ছবিখনো ২২ মাৰ্চত ছবিঘৰলৈ আহাৰ পাছত সকলোকে আদৰি ল’বলৈ অনুৰোোধ কৰে।