গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ বিজয়ৰ পাছত বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতিৰ ভৱনত মোডীৰ লগতে শপতগ্ৰহণ কৰিব মোডীৰ কেবিনেট মন্ত্ৰীসকলে।

উল্লেখ যে এই শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত উপস্থিত থাকিব দেশ-বিদেশৰ প্ৰায় ৬০০০ৰো অধিক অতিথি। তাৰ ভিতৰত আছে দেশ-বিদেশৰ বহু ৰাষ্ট্ৰপ্ৰধান, বিৰোধী দলৰ নেতা, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল, বিজেপি নেতা, উচ্চ আৰু নিম্ন দুয়োটা সদনৰ সদস্যসকলৰ লগতে উপস্থিত থাকিব ভালে সংখ্যক ব্যক্তি। ইয়াৰ উপৰি এই শপতগ্ৰহণ অনুষ্ঠানলৈ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলকো আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে এইবাৰ মোডী আৰু কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই পাকিস্তানক। এইবাৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ 'ছাৰ্ক’ৰ সদস্যৰাষ্ট্ৰক আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে আমন্ত্ৰণ জনোৱা হৈছে 'বিমষ্টেক’ দেশৰ মুৰব্বীসকলক। ফলত পাকিস্তান অন্তভুক্ত নহ’ল এই নিমন্ত্ৰণত।
ইয়াৰোপৰি বহুকেইখন বিদেশী ৰাষ্ট্ৰক নিমন্ত্ৰণ জনোৱা হৈছে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ।

ইফালে কিছুসময় পূৰ্বে এক পত্ৰৰ জৰিয়তে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ পত্ৰত উল্লেখ কৰিছে, সাংবিধানিক নিমন্ত্ৰণ ৰক্ষা কৰি মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা কথা আছিল। কিন্তু সংবাদ মাধ্যমত কিছুসময় পূৰ্বে দেখিবলৈ পালোঁ পশ্চিমবংগত নিৰ্বাচনী হিংসাত বিজেপিৰ ৫৪ গৰাকীৰ লোক মৃত্যু হোৱা বুলি যি অপবাদ চলাইছে, সেই কথা সম্পূৰ্ন ভিত্তিহীন। পশ্চিমবংগত কোনো লোকে নিৰ্বাচনী হিংসাত মৃত্যু হোৱা নাই। কাৰণ ইয়াত কোনো ৰাজনৈতিক হত্যাকাণ্ড হোৱা নাই। যদি কোনো লোকে মৃত্যু হৈছে তেন্তে স্বাভাৱিক অথবা পাৰিবাৰিক কাৰণত মৃত্যু হ’ব পাৰে। সেই বাবে এনে ধৰণৰ মিছা অপবাদ লৈ মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকোঁ। মোক ক্ষমা কৰিব মোডীজী।