গুৱাহাটীঃ অসমৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধী ৰাজনৈতিক শক্তি গঠনৰ বাবে অসমত গঠন হৈছে 'আঞ্চলিক গণতান্ত্ৰিক মৰ্চা’ নামৰ এটা ৰাজনৈতিক দল। 

ইতিমধ্যে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাত অন্তৰ্ভুক্ত হৈছে এলডিপি, এএছডিচি, অসম সংগ্রামী মঞ্চ আৰু আদিবাসী নেচনেল পাৰ্টী চমুকৈ 'আনপা’। এই কথা দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে আঞ্চলিক গণতান্ত্ৰিক মৰ্চা আহ্বায়ক হলীৰাম তেৰাঙে। 

সংবাদ মেল সম্বোধন কৰি তেৰাঙে কয় বিৰোধীৰ মাজত অনৈক্য, সাৰ্বজনীন নেতাৰ অভাৱ আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ সদব্যৱহাৰত ব্যৰ্থ হোৱাৰ বাবেই বিজেপিয়ে দ্বিতীয়বাৰলৈ কেন্দ্ৰত শক্তিশালি ৰূপত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। শক্তিশালী বিৰোধীপক্ষৰ অনুপস্থিতি সংসদীয় গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ সংকেত নহয়। 

সেই কথা লক্ষ্য ৰাখিয়ে অসমত বিজেপিক উৎখাত কৰাৰ বাবে আঞ্চলিক গণতান্ত্ৰিক মৰ্চা গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি তেওঁ কয় এই আঞ্চলিক মৰ্চাত অসমৰ প্ৰতিটো জাতি-জনগোষ্টীৰ আঞ্চলিক শক্তি নিহিত হৈ থাকিব। কিয়নো বিভিন্ন জাতি-জনগোষ্টীৰ বসবাস কৰাৰ অসমত কেৱল এটা আঞ্চলিক দলে অকলে কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰে। ফলত প্ৰতিটো জাতি-জনগোষ্ঠীৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰি ক্ষমতা দখল কৰিব পৰা যাব।

ইফালে এই সংবাদ মেলতে এলডিপিৰ সভাপতি গুণ গগৈয়ে কয় যে বিজেপিয়ে এতিয়া কেৱল ধৰ্মীয় মেৰুকৰণ কৰাই নহয় তেওঁলোকে এতিয়া ভাষিক মেৰুকৰণো কৰিব বিচাৰিছে। তাৰ উদাহৰণ 'চলৌ পাল্টাই’ৰ জৰিয়তে এতিয়া অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে। এনে বিলাক ষড়যন্ত্ৰ ৰোধ কৰাৰ বাবে এতিয়া অসমত প্ৰয়োজন শক্তিশালী আঞ্চলিক মৰ্চাৰ।

উল্লেখ যে সংবাদ মেলতে আহ্বায়ক হলীৰাম তেৰাঙে নতুনকৈ গঠন হোৱা আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰ মূল লক্ষ্যসমূহ কি হ’ব সেই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি যাব। একেদৰে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত গুৰুত্ব প্ৰদান কৰিব। 

ইয়াৰ উপৰি এনআৰচি উন্নীতকৰণৰ বাধা দিয়া পক্ষসমূহক উৎখাত কৰাৰ বাবে চেষ্টা চলাব। আনহাতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণৰ সদায় বিৰোধিতা কৰিব। নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ বাবে সংগ্রাম অব্যাহত ৰাখিব।

আজি এই সংবাদ মেলত উপস্থিত থাকে আদিবাসী নেচনেল পাৰ্টী চমুকৈ আনপা সভাপতি বীৰেন মিৰথা, অসম সংগ্রামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ।