গুৱাহাটীঃ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান ৰিয়ান পৰাগত এতিয়া দৃষ্টি নিবদ্ধ বিশ্ব ক্ৰিকেট জগতৰ বহু বিশেষজ্ঞ।

ৰাজস্থান ৰয়েলছৰ হৈ ৭ খন খেলৰ পাঁচটা ইনিংছ খেলিবলৈ পোৱা অসম সন্তান ৰিয়ানৰ গড়ে ৩২ ৰাণেৰে সংগ্ৰহ কৰিছিল মুঠ ১৬০ ৰাণ। যত আছিল এটা অৰ্ধ শতৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ। ইয়াৰ উপৰি আছিল দুটা ৰাজস্থান ৰয়েলছক জয়ৰ হোৱাদ দিয়া গুৰুত্বপূৰ্ণ ইনিংছ।

তাৰ মাজতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জনছনে ৰিয়ানক প্ৰশংসা কৰি ইণ্ডিয়া টিভিৰ ৱেবছাইটত উল্লেখ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰবন্ধ। তেওঁ তাত ৰিয়ানৰ খেলৰ পদ্ধতি প্ৰশংসা কৰি এইদৰে কয় যে "ৰিয়ান পৰাগে খেল পথাৰত প্ৰতিটো দিশতে যিকোনো শ্বট অতি নিখুঁতভাৱে খেলিব পাৰে।

খেল পথাৰত ৩৬০ ডিগ্ৰীত শ্বট খেলিব পৰা দিশটোৰ বাবে ৰিয়ান ভৱিষ্যত দিনত হ’ব পাৰে ভাৰতীয় দলৰ এবি ডিভিলিয়াছ। তেওঁ লগতে কয়, দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াছে যিদৰে ৩৬০ ডিগ্ৰীত নিজে শ্বট আৱিষ্কাৰ কৰি খেলিব পাৰে, সেই সমগুণৰ অধিকাৰী যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। 

উল্লেখ যে এইবাৰ আইপিএলত ৰিয়ান পৰাগে ৫০ ৰাণৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলি আইপিএল ইতিহাসৰ সৰ্বকনিষ্ঠতম অৰ্ধশতৰাণকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।