গুৱাহাটীঃ প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ সফল সমাপ্তিৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ৰাজ্য বাকী ৯ টা সমষ্টিৰ বাবে ব্যাপক প্ৰচাৰ চলি থকা সময়তে শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীত এক সংবাদ মেল সম্বোধন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ চকীদাৰ প্ৰসংগ উথাপন কৰি কয় যে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজকে চকীদাৰ বুলি চিনাকি দিয়ে কিন্তু সেই চকীদাৰ দলৰ বিল্ডংবোৰ আজি অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। চকীদাৰৰ দিনতে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকী আজি বেছি দুৰ্নীতি পৰায়ন হৈছে। ইফালে বিজেপি চৰকাৰক গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে বিজেপি ৰাজহুৱা কৰক নিৰ্বাচনৰ নামত ইমান হেলিকপ্টাৰ আৰু চাৰ্টাদ বিমান উৰোৱাবলৈ ধন কৰ পৰা পাইছে।

আনহাতে সংবাদ মেলত গগৈয়ে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় ২০১৪ তুলনাত মোডীৰ ওপৰত আস্থা বহু পৰিমানে হ্ৰাস পাইছে। জনসাধাৰণে গম পাইছে ২০১৪ চনত দিয়া মোডীৰ আশ্বাসসমূহ যে মিছা আছিল। মোদীয়ে দেশত একনায়কত্ববাদী শাসন চলাইছে। দেশৰ লাখ লাখ মানুহে 'চকীদাৰ চৌৰ হে’ বুলি এতিয়া কবলৈ আৰম্ভ কৰিছে। তাতে গম পাব পাৰি মোডী প্ৰতি যে মানুহৰ আশ্বাস নাইকিয়া হৈছে।

আনহাতে এইবাৰৰ নিৰ্বাচনৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এই নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ এইবাৰৰ নিৰ্বাচন সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে নিৰ্বাচন বুলিও তেওঁ উল্লেখ কৰে।ইয়াৰ উপৰিও তেওঁ কয় মোডী প্ৰধানমন্ত্ৰী হৈ দেশৰ জনসাধাৰণৰ মাজত একতা খৰ্ব কৰিছে।

ইফালে 'কেব’ বিৰোধিতা কৰা জাতীয় সংগঠনৰ কিছুসংখ্যক নেতা নতুনকৈ বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ কিনি নিছে আন্দোলন কৰা নেতাসকলক। হিমন্ত বিশ্ব শৰ্মা নেতা কিনাত নায়ক বুলিও উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীতকৈ বিজেপিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ বৃদ্ধি পোৱা প্ৰসংগত তেওঁ কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ মুখ্যমন্ত্ৰী হয় নে নহয় সন্দেহ আছে। 

আনহাতে মোডী চৰকাৰে পাঁচ বছৰত আৰু ৰাজ্য সোণোৱাল চৰকাৰে তিনি বছৰত কি কৰিলে সৎ সাহস আছে যদি হিচাপ দিয়ক বুলিও দাবী কৰে। লগতে প্ৰত্যাহ্বান জনাই কয়, যদি উন্নয়নৰ সন্দৰ্ভত বিজেপিয়ে তৰ্ক কৰিব বিচাৰে তেন্তে মুকলিকৈ তৰ্ক কৰিবলৈ আহক।