গুৱাহাটীঃ উজানবজাৰৰ বৰখেলিয়া নামঘৰৰ চুৰি-কাণ্ডত জড়িত থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ। বুধবাৰে নিশা লতাশিল আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক দীঘলীয়া অভিযানৰ অন্তত বকো পানীখাইটি সোণাতলিৰপৰা গ্ৰেপ্তাৰ কৰিছে চোৰ দুটাক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ দুটা নাম নুৰজামাল হক (৩০) আৰু আক্কেছ আলি (২৩)। উল্লেখ যে গ্ৰেপ্তাৰ কৰা চোৰ দুটাৰপৰা লতাশিল আৰক্ষীয়ে প্ৰাথমিক জেৰাত লাভ কৰিছে বিভিন্ন মঠ-মন্দিৰত থকা কেইবাটাও পুৰণি মুদ্ৰা। লগতে লাভ কৰিছে উজনবজাৰ নামঘৰৰপৰা তেওঁলোকে ১৬০০ টকা চুৰি কৰাৰ তথ্য।

ইফালে উক্ত চুৰিকাণ্ডৰ লগত জড়িত আন এটা চোৰ বৰ্তমানো পলাতক বুলি জানিব দিছে লতাশিল আৰক্ষীয়ে। পলাতক চোৰতো নাম কদম আলি।

কালি নিশা গ্ৰেপ্তাৰ কৰা চোৰ দুটাক জোৱা খেলৰ মাজৰপৰা গ্ৰেপ্তাৰ কৰা হয়। চোৰ দুটাৰ ঘৰ বকো পানীখাইটি সোণতলিত বুলি জানিব পৰা গৈছে।

চোৰ দুটাক লতাশিল আৰক্ষীৰ থানাত জেৰা চলাই থকা হৈছে। একেদৰে পলাতক কদম আলিৰ সন্ধানত তদন্তৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে।