গুৱাহাটীঃ সমস্যাৰে যুঁজ দি থকা ৰাজ্য অসমৰ মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় পুঁজি আৱন্টনৰ বাবে দিল্লীলৈ তাঁতবাটি কাঢ়িব লগা হয়৷ সমস্যা বহুল ৰাজ্য খনৰ বান, গৰাখহনীয়া, দৰিদ্ৰ, শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজন হয় কোটি কোটি টকাৰ৷ 

কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ চৰকাৰক সহজে পুঁজি আৱন্টন দিয়ে নে৷ এই কথাৰ উত্তৰ সহজেই পোৱা যায়৷ কেন্দ্ৰীয় চৰকাৰে সহজে টকা আৱন্টন নিদিয়ে অসমক৷ দেশৰ আন ৰাজ্যত বান হ’লে নিশাই কেন্দ্ৰীয় চৰকাৰে ৭০০-১০০০ কোটিৰ পেকেজ ঘোষণা কৰে৷ কিন্তু অসমৰ মানুহ বানত ককবকাই থাকিলেও খবৰ নলয় কেন্দ্ৰই৷ 

অসমত যেতিয়া আন্দোলন হয় তেতিয়া চকু খোল খাই গুৱাহাটীত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি দিল্লীলৈ উভতি যায় দেশৰ প্ৰধানমন্ত্ৰীয়ে৷ অৰ্থৰ অভাৱত জৰ্জৰিত ৰাজ্য খনত ৰাইজৰ সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ আজিও ৰাজ্য খনৰ শ-শ পৰিয়াল বানৰ কৱলত পৰি শিবিৰত থাকিব লগা হৈছে৷

অসমৰ হাজাৰ হাজাৰ লোক এসাজ ভাতৰ বাবে দিন হাজিৰা কৰিব লগা হয়৷ চাহ বাগিচাত কৰ্মৰত শ্ৰমিক পৰিয়ালে জীৱন ধাৰণৰ নূন্যতম সুবিধাৰ বাবে সামান্য টকাৰ বিনিময়ত কাম কৰিব লগা হয়৷ ৰাজ্য খনৰ চাহ বাগিচাৰ শ্ৰমিক পৰিয়াল, পাহাৰ ভৈয়ামত বাস কৰা খিলঞ্জীয়া লোকসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজ পথত আন্দোলন কৰিব লগা হয়৷

ৰাজ্য খনৰ উন্মুক্ত মথাউৰি আজিও উন্মুক্ত হৈয়ে আছে৷ মাজুলী সুৰক্ষাৰ বাবে ৰাইজে প্ৰতিদিনে আন্দোলন কৰিব লগা হয়৷ ৰাজ্যৰ ঘাইপথ জৰাজীৰ্ণ৷ ৰাস্তা-ঙাটৰ অৱস্থা তথৈবচ৷ ৰাজ্য খনক এনে পৰিৱেশৰ পৰা উদ্ধাৰ কৰিবলৈ অগপই দাবী কৰিছিল বিশেষ ৰাজ্যৰ মৰ্যদা৷ বিচাৰি অনুযায়ী অসমে লাভ কৰিছিল বিশেষ ৰাজ্যৰ মৰ্যদা৷ কিন্তু ২০১৪ চনত বিজেপি শাসনলৈ আহি কৰ্তন কৰে অসমৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা৷ 

শেহতীয়াকৈ দেশত আৰম্ভ হৈছে বিশেষ ৰাজ্যৰ দাবীক লৈ ৰাজনীতি৷ একালৰ এনডিএৰ বিশ্বস্ত সহযোগী টিডিপিয়ে বিশেষ ৰাজ্যৰ দাবীৰ গইনালৈয়ে এনডিএক এৰি থৈ যায়৷ যাৰ ফলত বিজেপিৰ নেতৃত্বৰ এনডিএৰ মিত্ৰজোঁটত ক্ৰমান্বয়ে আউল লাগিব ধৰিছে৷ 

মোডী চৰকাৰৰ ৰাজনৈতিক সমীকৰণত আউল লাগাই ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে বিজেপি দলৰ সতে মিত্ৰতা ভংগ কৰাই নহয় এনডিএৰ পৰাই ওলাই আহে৷ টিডিপি দলে ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ সতে সম্পৰ্ক ছেদ কৰে৷

কিয়নো টিডিপি দলে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য প্ৰদান কৰাৰ দাবী জনাই আহিছিল৷ চৰকাৰে টিডিপি দলৰ দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি মোহভংগ হয়৷ বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান নকৰাত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা ওলাই যায়৷

কিন্তু অসমৰ একমাত্ৰ ৰাজনৈতিক দলে কি কৰিলে৷ অগপৰ বাবে ক্ষমতা আগত ৰাজ্য যেন পিছত৷ বিজেপিৰ সৈতে একেটা দাবীৰ বাবে বন্ধুত্ব সমাপ্ত কৰিব পাৰে টিডিপিয়ে৷ কিন্তু অগপই নোৱাৰে কিয়৷ অন্ধপ্ৰদেশৰ স্বাৰ্থত শাসক-বিৰোধীয়ে একে অৱস্থান লয়৷ লগে লগে এনডিএৰ অন্যতম সহযোগী মহাৰাষ্ট্ৰ শিৱসেনাও ভাবুকি প্ৰদান কৰে বিজেপি চৰকাৰক৷ 

শেহতীয়াকৈ এনডিৰ সহযোগী দল মোডীৰ প্ৰতি মোহ ভংগ হৈছে বুলি চৰ্চা আৰম্ভ হৈছে৷ ৰাজনৈতিক মহলেও এই ক্ষেত্ৰত দৃষ্টি ৰাখিছে৷ কিন্তু অগপৰ চৰকাৰৰ কাৰ্যকালত তথা প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছিল যদিও বিজেপিয়ে শাসনলৈ আহিয়েই বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰে৷ তথাপিও অগপৰ সভাপতি অতুল বৰাই ক্ষমতাৰ মোহত অন্ধ হৈ মুখ খুলিব নোৱাৰিলে৷

অসমৰ একমাত্ৰ আঞ্চলিক দল অগপই নীৰৱে বহি থাকিল৷ অগপৰ সৎ সাহস নহ’ল বিজেপিৰ বিৰুদ্ধে মাত মাতিবলৈ৷ দিল্লীলৈ গৈ এই ক্ষেত্ৰত একো নকলে অগপই৷ শক্তিশালী ভূমিকা পালন কৰিব নোৱাৰিলে অগপই৷ অগপই ক্ষমতাৰ মোহত অন্ধ হৈ বিজেপিৰ বিৰুদ্ধে এষাৰ কথাও ক’ব নোৱাৰিলে৷ 

যি খন ৰাজ্য চৰকাৰৰ কাৰ্যকালত বিশেষ ৰাজ্যৰ মৰ্যদা লাভ কৰিছিল সেইটো দল শাসনত থাকোতেই বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰা পিছতো অগপ নামৰ দলটোৱে নীৰৱ হৈ থাকিল৷ ৰাজ্যৰ জনসাধৰণে ১৫টা বছৰৰ মূৰকত আঞ্চলিক দলটোক শাসনত বহাৰ সুবিধা দিলেও দলটোৱে অসমৰ বাবে যিধৰণে সৰৱ হ’ব লাগিছিল তেনেদৰে সৰৱ হ’ব নোৱাৰিলে৷ 

একাংশ লোকে অগপ দলৰ নেতাই টিডিপিৰ নেতাৰ পৰা জাতি প্ৰেম আৰু ৰাজনীতিৰ জ্ঞান লোৱাৰ আহ্বান জনাই৷ টিডিপিৰ পৰা শিকিব লাগিব অগপই বুলিও কয় একাংশ লোকে৷

২০১৪ চনত বিজেপিয়ে শাসনলৈ আহিয়েই এই মৰ্যদা অসমৰ পৰা কাঢ়ি নিলে৷ কেন্দ্ৰীয় সাহাৰ্য লাভ কৰিছিল তাৰ কিছু পুঁজি আৱন্টন বন্ধ হয়৷ পূৰ্বে ৯০ শতাংশ সাহাৰ্য আৰু ১০ শতাংশ ঋণ হিচাপে পাইছিলো যদিও তেনে ব্যৱস্থা বন্ধ হয়৷