ডিজিটেল ডেস্কঃ 'ঘৰলৈ গৈ কাইলৈ সকলোৱে ছুইছাইড নোট লিখি আনিবা।’ ছাত্ৰ-ছাত্ৰীক এনে এক হোমৱৰ্ক কৰি আনিবলৈ দিলে লণ্ডনৰ এখন বিদ্যালয়ে। লণ্ডনৰ কিডব্ৰুকত থমাছ টালিছ স্কুলৰ এগৰাকী শিক্ষকৰ এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল।

উইলিয়াম শ্বেক্সপীয়েৰৰ ট্ৰেজেডি মেকবেথ পঢ়ুওৱা হৈছিল সেই পিৰিয়ডটোত। নাটকত লেডী মেকবেথৰ আত্মহত্যাৰ বিখ্যাত দৃশ্যটোৰ পাঠদান কৰাৰ পিছতে হোমৱৰ্ক হিচাপে শিক্ষকগৰাকীয়ে কৈশোৰত ভৰি থোৱা ছাত্ৰ-ছাত্ৰীসকলক ছুইছাইড নোট লিখি অনাৰ হোমৱৰ্ক দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আপোনসকলক অন্তিম চিঠি কেনেদৰে লিখিব সেয়াই চাবলৈ বিচাৰিছিল শিক্ষকগৰাকীয়ে।

শিক্ষকগৰাকীয়ে দিয়া এই হোমৱৰ্কৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰত গৈ হোমৱৰ্ক কৰাৰ সময়ত কান্দোনত ভাগি পৰা বুলি জানিব পৰা গৈছে। কেবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ছুইছাইড নোট লিখিবলৈ গৈ মুৰ্ছা যোৱা বুলিও অভিভাৱকসকলে জানিবলৈ দিছে। 

এনে পৰিপ্ৰেক্ষিতত অসন্তুষ্ট হৈ পৰে অভিভাৱকসকল। অসন্তুষ্ট অভিভাৱকসকলে প্ৰধান শিক্ষকক এই বিষয়ে অৱগত কৰাত বিদ্যালয় কৰ্তৃপক্ষই এই কাণ্ডৰ বাবে ক্ষমা বিচাৰে। অনাগত দিনসমূহত এনে কাণ্ডৰ পুনৰাবৃত্তি নঘটে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে অভিভাৱকসকল শান্ত হয়। ঘটনা সন্দৰ্ভত শিক্ষকগৰাকীক কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰে স্কুল কৰ্তৃপক্ষই।