তেজপুৰ, অপুৰ্ব বৰাঃ অসম তথা উত্তৰ পূবৰ যুৱ-প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু নপ্ৰতিভাৰ সন্ধান কৰাৰ লগতে এখন ক্ৰিকেট ষ্টেডিয়ামৰ দৰে সুন্দৰ খেল উপভোগ কৰাৰ এক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে তেজপুৰত প্ৰথম বাৰৰ বাবে আইপিএলৰ ফেন পাৰ্ক মুকলি কৰিব ভিভিয়ে।

অহা ২৭ আৰু ২৮ এপ্ৰিলত ছানৰাইজ হায়দাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত, দিল্লী কেপিটেল আৰু ৰয়েল চেকেঞ্জৰ বেংগালুৰুৰ তথা কলকাতা ৰাইৰ্ডাৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’বলগীয়া আগন্তক দুয়োটা দিনতে তিনিওখন খেল দৰ্শকে উপভোগ কৰিব পাৰিব।

ষ্টেডিয়ামৰ আৰ্হিত সজাই তোলা হৈছে তেজপুৰৰ পল’ফিল্ড। বৃহস্পতিবাৰে এক সংবাদ মেল যোগে এই কথা সদৰি কৰে বিচিচিৰ প্ৰতিনিধি অমিত সিদ্ধেশ্বৰে আৰু তেজপুৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰূপকমল কাকতি আৰু সম্পাদক নিপ বৰাই।