তেজপুৰঃ বুধবাৰে কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০১৯ উদযাপনৰ বাবে তেজপুৰৰ নেহৰু পথাৰত মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰা হয়। অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ এক সুকীয়া অনুস্থান 'জংগমে' স্থাপন কৰে লাইখুঁটা। আগন্তক বৰ্ষৰ ৩ জানুৱাৰীৰপৰা ৯ জানুৱাৰীলৈকে ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ।   

উল্লেখ্য যে, তেজপুৰ তথা অসমৰ এগৰাকী নিষ্ঠাবান সাংস্কৃতিক কৰ্মীৰ লগতে ঐতিহ্যমণ্ডিত তেজপুৰ বান থিয়েটাৰৰ সম্পাদক আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্রিয় অভিনেতা আছিল কাৰ্তিক হাজৰিকা। আছুৰ প্ৰাক্তন সভাপতি কাৰ্তিক হাজৰিকাৰ সোঁৱৰণত বুধবাৰে তেজপুৰৰ নেহৰু ময়দানত ৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০১৯ৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী লক্ষী গোস্বামীয়ে।

এই নাট মহোৎসৱৰ মঞ্চত মণিপুৰৰ পদ্মশ্ৰী ৰতন থিয়ামৰ 'কোৰাস ৰেপাৰেটৰি', কলকাতাৰ চেতনা ক্লাৱৰ 'ডন-তাকে ভাল লাগে', পদ্ম বিভূষণ অভিনেতা নাচিৰুদ্দিন শ্বাহ পৰিচালিত আৰু অভিনীত মোটেল থিয়েটাৰৰ 'ইষমত আপকে নাম' আদিকে ধৰি বহুতো ৰাষ্ট্ৰীয় নাটক দেখা পোৱা যাব।