তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সৈনিক হিচাবে যুঁজ কৰি যাব বুলি মন্তব্য কৰিছে তেজপুৰ লোকসভা সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী ৰাম বাহাদুৰ সোনাৰে।

বৰ্তমান সময়ত প্ৰাৰ্থীসকলক মাছ, গৰু আদিৰ লগত তুলনা কৰি একাংশই যি মন্তব্য কৰিছে, সেয়া দুৰ্ভাগ্যজনক। দলসমূহে নূন্যতম সৌজ্যনতাখিনিও দেখুৱালৈ চেষ্টা কৰা নাই বুলি তেওঁ মন্তব্য কৰে। 

দলসমূহে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত নেপালী সম্প্ৰদায়ৰ লোকসকলক চৰম অৱমাননা কৰিছে বুলি মন্তব্য কৰি সোনাৰে কয় যে অসম চৰকাৰৰ মন্ত্ৰী এজনে নেপালী সম্প্ৰদায়ৰ লোকসকল ফেক্টৰ নহয় বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ আগন্তুক লোকসভা নিৰ্বাচন আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনত দিয়া হ’ব। 

তেওঁ লগতে কয় যে এগৰাকী প্ৰাক্তন সৈনিক হিচাবে তেজপুৰবাসী ৰাইজৰ বাবে যুঁজ কৰি যাব।