তেজপুৰঃ চাওঁতে চাওঁতে সংগোপনে মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ এটা দিনৰ পিছতে আহিল ৰঙালী বিহু৷ প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত৷ 

সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোলমোলাই পৰিছে অসমীয়াৰ পদূলি৷ এই দেহ-মন উজ্বলি উঠা ব’হাগ বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে কপৌফুল৷ ঢুলীয়াৰ ঢোল-পেঁপাৰ শব্দত নাচি উঠা নাচনীৰ খোপা ব’হাগৰ বতৰত শুৱনি কৰে মনোমোহা কপৌফুল পাহে৷ 

কপৌফুল আকৌ পৱিত্ৰতাৰো প্ৰতীক৷ উল্লেখ্য যে, বসন্তৰ আগমনৰ লগে লগে ফাগুণে নাঙঠ কৰা গছ-গছনিয়ে ন-কুঁহিপাত মেলি, ন-সাজ পৰিধান কৰি জাতিষ্কাৰ হোৱাৰ পাছত সাধাৰণতে চ’ত মাহৰ মধ্যভাগৰপৰাই গছৰ খোৰোঙত ফুলি উঠা দেখা যায় কপৌফুল৷ তেজপুৰৰ মনোমতি কলিতাৰ ঘৰৰ এজোপা কপৌ ফুলে দৃষ্টি নিবন্ধ কৰিলে পথচাৰিক।

কিন্তু বিহুৰ লগত নিবিড় সম্পৰ্ক থকা এই কপৌফুল সম্প্ৰতি পাবলৈ নোহোৱা হৈ আহিছে৷ পূৰ্বতে অসমৰ হাবি-বননি সকলোতে অতি সহজতে দেখিবলৈ পোৱা কপৌফুল বৰ্তমান সময়ত ক্ৰমাৎ আমাৰ মাজৰপৰা হেৰাই যাবলৈ ধৰাৰ সময়তে এনে দৰে এজোপা তামোল গছত ৬২ ডাল কপৌ ফুলাত সকলোকে আনন্দিত কৰি তুলিছে।

যাৰ ফলত চাহিদা অনুপাতে ই পৰ্যাপ্তৰূপত উপলব্ধ নোহোৱাত লাহে লাহে ইয়াৰ বিকল্প হিচাপে প্লাষ্টিকৰ কপৌফুলে ৰাজ্যৰ বজাৰ দখল কৰা পৰিলক্ষিত হৈছে৷ সেয়ে এতিয়া বহু বিহুৱাই প্ৰকৃতিৰ কপৌফুল বিচাৰি নাপাই বজাৰত সহজতে পোৱা কৃত্ৰিম প্লাষ্টিকৰ কপৌফুলকে নাচনিৰ খোপাত অনিচ্ছা সত্ত্বেও গুজি দিবলৈ বাধ্য হৈছে৷

তদ্ৰুপ এইবেলিও ব’হাগ বিহুৰ দিন চমু চাপি অহাৰ লগে লগেই বজাৰ ভৰি পৰিছে কৃত্ৰিমভাৱে আটকধুনীয়াকৈ তৈয়াৰ কৰা কপৌফুলে৷ কাজেই, অসমীয়া লোক-সংস্কৃতিৰ সৈতে সম্পৰ্ক থকাৰ লগতে ঔষধি গুণো সন্নিবিষ্ট হৈ থকা প্ৰকৃতিৰ অনুপম সৃষ্টি কপৌফুল কালক্ৰমৎ নোহোৱা হ’বলৈ ধৰাত অনাগত দিনত ই কালৰ সোঁতত হেৰাই যোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷ 

গতিকে দুষ্প্ৰাপ্য হৈ অহা এই কপৌফুলৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে চৰকাৰ তথা প্ৰকৃতি সংগঠনসমূহে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো আজিৰ তাৰিখত নিত্যান্তই দৰকাৰী হৈ পৰিছে৷