তেজপুৰঃ যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব, সেয়ে বিধেয়কখন আইনত পৰিণত কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিব নালাগে৷ ইয়াৰদ্বাৰা অসম চুক্তিক লাঘু কৰা হ'ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ ভাষা-কৃষ্টি-সংস্কৃতি হেৰুৱাব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনটোতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই আহ্বান জনালে প্ৰধানমন্ত্ৰীজনক৷

CABৰ ক্ষেত্ৰত অগপৰ স্থিতি পূৰ্বৰ দৰেই আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ যিহেতু অগপৰ কাৰ্যনিৰ্বাহকে সেই সিদ্ধান্ত গ্ৰহণ কৰি থৈছে, গতিকে আইনখনৰ ক্ষেত্ৰত কোনো সংশোধনী মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷

তেজপুৰত শনিবাৰে বিয়লি সপত্নী উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় যে নিজৰ স্থিতিত তেওঁ আজিও অটল আছে৷

আনহাতে, অতুল বৰা, কেশৱ মহন্ত আৰু ফণিভূষণ চৌধুৰীয়ে ক্ষমতাৰ স্বাৰ্থত দলীয় স্বাৰ্থ জলাঞ্জলি দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মহন্তই কয়, ইয়াৰ উত্তৰ তেওঁঁলোকে দিব৷ কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কামৰ ক্ষেত্ৰত অগপই কেতিয়াও আপোচ নকৰে৷

ইফালে, প্ৰধানমন্ত্ৰীয়ে পূৰ্বতে ১৬ মে'ৰ পাছত টালি-টোপোলা লৈ অসমৰপৰা বিদেশী যাব লাগিব বুলি কৰা মন্তব্যৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মহন্তই কয়, টালি-টোপোলা বন্ধাৰ বিপৰীতে পিছ দুৱাৰেদি বিদেশীক অনাৰ কৌশলহে ৰচনা কৰে দলটোৱে৷

অসমৰ মাটি বাংলাদেশক নিদিওঁ বুলি কোৱাৰ পাছতো তেওঁলোকৰ চৰকাৰ অহাৰ পাছত বাংলাদেশক মাটি দি দিলে৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিদেশী শক্তিৰ ওচৰত আপোচ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বাংলাদেশৰ ওচৰত৷

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি উল্লেখ কৰি কয় যে অসম চুক্তি লাঘৱ হোৱাটো তেওঁ কোনো কাৰণতে নিবিচাৰে৷

আনহাতে, আগন্তুক নিৰ্বাচনত CABক বিৰোধিতা কৰা যি কোনো প্ৰাৰ্থীকে ৰাইজে নিৰ্বাচিত কৰি পঠিওৱাটো বিচাৰি তেওঁ ৰাইজলৈ আহ্বান জনাই কয়, যাতে সেইজন প্ৰাৰ্থীয়ে জয়লাভৰ পাছত লোকসভাত মাত মাতিব পাৰে৷

ইফালে CABৰ বিৰোধিতা কৰি এইবাৰ নিৰ্বাচনত নিজ দলৰ কোনো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলায় বুলি তেজপুৰত পুণৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নগাঁৱৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক প্ৰশংসা কৰা সন্দৰ্ভত কয়, মোক এতিয়া কাৰোৰে CERTIFICATEৰ প্ৰয়োজন নাই৷ 

আনহাতে, স্বামীৰ সুৰতে সুৰ মিলাই পত্নী জয়শ্ৰী গোস্বামী মহন্তয়ো অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কাম অগপই নকৰে বুলি মন্তব্য কৰে৷ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ যাতে অক্ষুন্ন থাকে, তাৰ বাবে দলটোক আহ্বান জনাই জয়শ্ৰী গোস্বামী মহন্তই দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'বনে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘মোকতো কোনেও মতা নাই...৷’