তেজপুৰ বিশ্ববিদ্যালয়ত মৃতদেহ উদ্ধাৰ
তেজপুৰ বিশ্ববিদ্যালয়ৰ চি ভি ৰমণ হোষ্টেলত আজি এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

 

newsnextoneতেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত আজি এজন ছাত্ৰ মৃতদেহ উদ্ধাৰ হোৱাত বিশ্ববিদ্যালয়খনত এক চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰে।বিশ্ববিদ্যালয়ৰে চি ভি ৰমণ হোষ্টেলত উদ্ধাৰ হোৱা মৃত ছাত্ৰজনৰ নাম কংকন কলিতা বুলি জানিব পৰা গৈছে।কংকন কলিতাৰ ঘৰ যোৰহাটৰ গড়মৰাত।বিশ্ববিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী সকলৰ পৰা জানিব পৰা মতে ছাত্ৰজন দীৰ্ঘদিন ধৰি অসুস্হ হৈ আছিল।

উল্লেখযোগ্য যে যোৱা ৩ তাৰিখৰ পৰা বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগসমূহত অনুষ্ঠিত হৈ থকা পৰীক্ষাত(test-2)ছাত্ৰজনে ৩ আৰু ৪ তাৰিখ এই দুয়োটা দিনতে পৰিক্ষাস্থলীত উপস্হিত থাকে কিন্তু ৫ তাৰিখ অৰ্থাৎ শুকুৰবাৰৰ দিনা পৰীক্ষাত অনুপস্থিত থকাৰ বাবে বিভাগীয় প্ৰবক্তা এজনে ছাত্ৰজনলৈ বহুবাৰ ফোন যোগে যোগাযোগ কৰিবলৈ প্ৰয়াস কৰে যদিও কোনো উত্তৰ নোপোৱাত হোষ্টেলত ৱাৰ্ডেনলৈ ফোন কৰি ছাত্ৰজনৰ খৱৰ লবলৈ জনায়।

ৱাৰ্ডেনে প্ৰথম অৱস্থাত ছাত্ৰজনক কেইবাবাৰো দুৱাৰ ধকিয়াই মাতে কিন্তু কোনো উত্তৰ নোপোৱাত পিছত দুৱাৰ ভাঙি ছাত্ৰজনৰ কোঠাত প্ৰৱেশ কৰে আৰু বিছনাত শুই থকা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।ঘটনাস্থলীত উপস্হিত ৰাইজৰ মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই মৃত্যু হয় বুলি সন্দেহ প্ৰকাশ কৰে যদিও তেজপুৰ কনকলতা অসাময়িক চিকিৎসালয়ললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰা হয়। উক্ত ছাত্ৰজন বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ গৱেষক ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।

তেজপুৰৰ পৰা মনিমালা বৰা,৬ অক্টোবৰ