তেজপুৰঃ অসমৰ মুখ্যমন্ত্ৰী এগৰাকী ভাল অভিনেতা। নটসূৰ্য ফণী শৰ্মাকৈও ওপৰত! অভিনয়ৰ ক্ষেত্ৰত নটসূৰ্যও পিছ পৰিব। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

বৃহস্পতিবাৰে তেজপুৰত এক সংবাদমেল যোগে তেওঁ লগতে কয় যে অন্য এজন হ’ল হিমন্ত বিশ্ব শৰ্মা। তেওঁৰৰ কথাটো বাদেই তেওঁ দেগাৰো মাৰিব জানে, পাভলুটি মাৰিবও জানে, জঁপিয়াব জানে। ''মোকো মাৰিবলৈ ছুৰী মাৰিছিল। অৱশ্যে মোক নোৱাৰিলে, মই বাচি আছোঁ। মই তেওঁক এদিন হ’লেও মাৰিমেই।’’ 

তেজপুৰত সাংবাদিকৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিজেপিয়ে ধনৰ লেনদেনেৰে নিৰ্বাচন খেলিছে। তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীক সমলোচনা কৰি তেওঁৰ মন্তব্য গোস্বামীয়ে ধন আৰু মন্ত্ৰিত্বৰ আশাতেই বিজেপিৰে হোৱা মিত্ৰতাত হাত মিলাছে।

তেদপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানু সন্দৰ্ভত গগৈৰ মন্তব্য, বিজেপিয়ে ভানুক অনাঅসমীয়া বুলি কৈ আছে। কিন্তু ভানুৱে ৩৮ বছৰ ধৰি অসমত কাম কৰিছে। গতিকে তেওঁ কেনেকৈ অনাঅসমীয়া হ’ব বুলিও সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।