পুণেঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে ভাৰতৰ। ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ দিশে তীব্ৰ গতিত ধাৱিত হৈছে। ইয়াৰ মাজতো সকলোৱে দেখিছে যুদ্ধ জয়ৰ আশা। এই আশাক আৰু অধিক সজীৱ কৰি তুলিছে এগৰাকী মহিলা ভাইৰ'লজিষ্টে। দেশবাসীৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই এইগৰাকী মহিলা ভাইৰ'লজিষ্টে মনৰ পৰা নিলগাই ৰাখিছিল নিজৰ স্বাস্থ্যৰ কথা। আনকি আহিবলগীয়া সন্তানৰ কথাও পাহৰি তেওঁ ব্যস্ত হৈ পৰিছিল কেৱল গৱেষণাত। 

যোৱা বৃহস্পতিবাৰে ভাৰতত থলুৱাভাৱে নিৰ্মিত কৰ’না টেষ্টিং কিট বজাৰত মুকলি কৰি দিয়া হৈছে। এই টেষ্টিং কিটৰ জৰিয়তে কভিড-১৯ৰ ৰোগীসকলক অতি কম সময়ৰ ভিতৰত আৰু কম খৰচতে ধৰা পেলাব পৰা যাব বুলি জনাইছে বিশেষজ্ঞসকলে। পুণেৰ মায়’লেব ডিস্কভাৰী নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা এই টেষ্টিং কিটে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰাও প্ৰয়োজনীয় অনুমতি আৰু অনুমোদন লাভ কৰিছে।

প্ৰতিষ্ঠানটোৱে শনিবাৰলৈকে পুণে, মুম্বাই, দিল্লী, গোৱা আৰু বাংগালুৰুৰ কেবাখনো চিকিৎসালয়লৈ ইতিমধ্যে ১৫০ টাকৈ টেষ্ট কিট প্ৰেৰণ কৰিছে। প্ৰতিষ্ঠানটোৰ নিৰ্দেশক ডাঃ গৌতম ৱাংখেড়েই বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছে, 'আমাৰ মেনুফেকচাৰিং ইউনিটে এইকেইদিন দিনে-নিশাই কাম কৰি আছে। আমি সোমবাৰলৈকে আৰু অধিক কিট প্ৰেৰণ কৰিব পাৰিম।’

এই প্ৰতিষ্ঠানটোৱে এইছআইভি, হেপাটাইটিছ বি আৰু চিৰ লগতে আন একাধিক ৰোগৰ টেষ্টিং কিট প্ৰস্তুত কৰি আহিছে। নিৰ্দেশকগৰাকীয়ে জনোৱা মতে প্ৰতিষ্ঠানটোৱে অহা এসপ্তাহৰ ভিতৰত ১ লাখ কভিড-১৯ টেষ্টিং কিট সাজু কৰি তুলিব পাৰিব। প্ৰয়োজনত ২ লাখ কিট প্ৰস্তুতৰ বাবেও সকলো ব্যৱস্থা কৰা হৈছে বুলিও জনায় নিৰ্দেশকগৰাকীয়ে।

সন্তান জন্ম দিয়াৰ আগলৈকে গৱেষণা কৰি যোৱা মিনল

মায়’লেবৰ প্ৰতিটো কিটৰ জৰিয়তে ১০০টা নমুনা পৰীক্ষা কৰিব পৰা যায়। নমুনা পৰীক্ষা কৰোতে খৰচ হয় মাত্ৰ ১২০০ টকা। বিপৰীতে বিদেশৰ পৰা আমদানি কৰা টেষ্টিং কিটত এটা টেষ্টৰ বাবদ খৰছ হয় অতিকমেও ৪৫০০ টকা।

প্ৰতিষ্ঠানটোৰ ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্টৰ মূৰব্বী ভাইৰ'লজিষ্ট মিনল দখাৱে ভোছলেৰ মতে এই কিটৰ জৰিয়তে কম সময়ৰ ভিতৰতে ফলাফল পোৱা যায়। 'আমাৰ কিটৰ জৰিয়তে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰীক্ষা মাত্ৰ আধাঘণ্টাতে কৰিব পাৰি। কিন্তু বিদেশৰ পৰা অহা কিটত সেয়া ৬-৭ ঘণ্টা পৰ্যন্ত সময় লয়।’-এইদৰে কয় সন্তান জন্ম দিয়াৰ কেই ঘণ্টামান আগলৈকে  কেৱল কাম আৰু কাম কৰি যোৱা মিনলে।

প্ৰতিষ্ঠানটোৰ শীৰ্ষ সূত্ৰই জনোৱা মতে মিনলৰ নেতৃত্বতেই সম্ভৱ হৈ উঠিছে এই টেষ্টিং কিট। যিটো টীমে এই টেষ্টিং কিট তৈয়াৰ কৰিছে সেই টীমটোৰ নেতৃত্বত আছিল মিনল। সাধাৰণতে এনে এটা কিট গৱেষণা আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সম্পূৰ্ণৰূপে সাজু কৰি তুলিবলৈ প্ৰয়োজন হয় অতিকমেও ৪ মাহ। কিন্তু মিনলৰ সাহস, ধৈৰ্য আৰু পৰিশ্ৰমৰ বাবে এয়া মাত্ৰ ৬ সপ্তাহ অৰ্থাৎ ৪২ দিনতেই সম্ভৱ হৈ উঠে। 

আশ্চৰ্যজনক কথা এয়ে যে যি সময়ত কোটি কোটি ভাৰতীয়ক কৰ’নাৰ পৰা ৰক্ষা কৰিবলৈ যিমান পাৰে সিমান কম সময়ৰ ভিতৰত টেষ্টি কিটৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিবলৈ চেষ্টা চলাবলগীয়া হৈছিল সেই সময়তে আন এক 'ডেডলাইন’ক লৈও নিজকে সাজু কৰি আছিল ভাইৰ'লজিষ্ট মিনলে। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত তেওঁ হাতত লৈছিল টেষ্টি কিট নিৰ্মাণৰ প্ৰজেক্টটো। তেতিয়া তেওঁ আছিল ৭ কি ৮ মাহৰ অন্তসত্বা। ইচ্ছা কৰিলেই তেওঁ নিজৰ স্বাস্থ্য আৰু আহিবলগীয়া সন্তানৰ ভৱিষ্যতৰ কথা ভাবি এই দায়িত্ব নলবও পাৰিলেহেতেন। কিন্তু সেয়া নকৰি দেশবাসীক কৰ’নাৰ পৰা সুৰক্ষিত কৰাৰ স্বাৰ্থতেই একপ্ৰকাৰ অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ উঠি-পৰি লাগিছিল দৃঢ়মনা মিনলে।

'এয়া হৈছে  জৰুৰীকালীন অৱস্থা। সমগ্ৰ বিশ্বতে কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া মই নিজ চকুৰেই দেখিছো। সেয়ে মই এই প্ৰজেক্টটোক চেলেঞ্জ হিচাপে লৈছিলো। কিয়নো মোৰ অন্তৰ আত্মায়ো দেশৰ হৈ কিবা এটা কৰিবলৈ বিচাৰে। অৱশেষত মই চেলেঞ্জ সম্পূৰ্ণ কৰিলো। এই কামত মোক সহায় কৰা আৰু সাহস দিয়া আমাৰ টীমটোৰ প্ৰতিজন গৱেষক বিজ্ঞানী আৰু কৰ্মীক ধন্যবাদ জনাইছো।’-তেওঁৰ টীমটোত ১০ জন গৱেষক আছিল বুলি উল্লেখ কৰি এইদৰে কয় মিনলে। 

নিৰ্দেশক ডাঃ ৱাংখেড়েই জনোৱা মতে, ১৯ মাৰ্চত মিনলে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে। ইয়াৰ এদিন পূৰ্বে টেষ্টিং কিটৰ সকলো কাম সম্পূৰ্ণ কৰি প্ৰয়োজনীয় অনুমোদনৰ বাবে আৰ্হি কিট মিনলে নেশ্যনেল ইনষ্টিটিউত অব বায়’লজিলৈ প্ৰেৰণ কৰিছিল। ইমানেই নহয় চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বেই সন্ধিয়াৰ ভাগত ভাৰত চৰকাৰৰ ফুড এণ্ড ড্ৰাগছ কণ্ট্ৰ’ল অথ’ৰিটিলৈকো ব্যৱসায়িক অনুমতিৰ বাবে কিট সম্পৰ্কে সবিশেষ বিৱৰণ দাঙি ধৰি সেয়া প্ৰেৰণৰ সকলো কাম কৰিছিল মিনলে।

'আমাৰ হাতত সময় তেনেই কম আছিল। চৰকাৰৰ তৰফৰ পৰা ডেডলাইন বান্ধি দিয়া আছিল। আনফালে আমাৰ টীমটোক নেতৃত্ব দিয়া মিনলে নিজেও আন এক ডেডলাইনৰ সন্মুখীন হৈছিল। তাৰ মাজতো তেওঁ সকলো নিয়াৰিকৈ কৰি গৈছিল। মাজে মাজে মোৰ ভয় হৈছিল যদিও মিনলৰ উৎসাহ আৰু ধৈৰ্য দেখি সাহস পাইছিলো। অৱশেষত মিনলে প্ৰথমবাৰতে সফলতা অৰ্জন কৰিছিল আৰু সকলো ভবামতেই হৈছিল।’-সন্তান জন্ম দিয়াৰ কেইঘণ্টামান আগলৈকে কাম কৰি যোৱা মিনলৰ সাহস আৰু দৃঢ়তাক প্ৰশংসা কৰি এইদৰে কয় প্ৰতিষ্ঠানটোৰ নিৰ্দেশকগৰাকীয়ে।

টেষ্টিং কিটৰ অভাৱ পূৰণৰ আশা

বিশেষজ্ঞসকলৰ মতে ভাৰতত টেষ্টিং কম হোৱা বাবেই বহু কৰ’নাত আক্ৰান্ত লোকৰ বিষয়ে জানিব পৰা হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থায়ো কৈছে যে পৰ্যাপ্ত টেষ্টিং অবিহনে কেৱল লকডাউনেই কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত ভাৰতত যিমান পাৰি সিমান লোকৰ টেষ্ট কৰাতো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। 

কিন্তু ভাৰতত এই পৰ্যন্ত মাত্ৰ ১১৮ টাহে চৰকাৰী কৰ’না টেষ্টিং কেন্দ্ৰ আছে। শেহতীয়াকৈ ২২ টা ব্যক্তিগত লেবক টেষ্টিং কৰিবলৈ অনুমোদন জনোৱা হৈছে যদিও সেয়া ব্যয়বহুল হোৱাত সৰ্বসাধাৰণ লোকসকলৰ পক্ষে উক্ত লেবসমূহত টেষ্ট কৰোৱাতো সম্ভৱ নহয়। ভাৰতৰ দৰে জনবহুল দেশ এখনত ইমান কম সংখ্যাক টেষ্টিং কেন্দ্ৰ থকাৰ বিপৰীতে তেনেই সৰু দেশ দক্ষিণ কোৰিয়াত কৰ’না টেষ্ট কৰা লেবৰ সংখ্যা হৈছে ৬৫০টা।

দক্ষিণ কোৰিয়াত যিমান পাৰি সিমান সংখ্যক লোকৰ টেষ্ট কৰা বাবেই অতি কম সময়ৰ ভিতৰতে তেওঁলোকে ৰোগবিধক নিয়ন্ত্ৰণলৈ আনিবলৈ সমৰ্থ হৈছে। বিপৰীতে যিসমূহ দেশে টেষ্টিং কৰাত অধিক সময় লৈছে সেই দেশসমূহত কৰ’নাই ধাৰণ কৰিছে সংহাৰ ৰূপ। আমেৰিকাত সকলো ব্যৱস্থা থকাৰ পিছতো টেষ্টিং কৰাত সময় লোৱা বাবে শেহতীয়া টেষ্টত দেখা গৈছে যে দেশখনত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই চীনকো অতিক্ৰম কৰিছে। 

'সৰু দেশ দক্ষিণ কোৰিয়াত ৬৫০ টা লেব আছে। অথচ ১৩০ কোটিৰ দেশ ভাৰতত কিমানটা লেব আছে? আমাৰ ইয়াত লেবৰ সংখ্যা বঢ়াব লাগিব। সেই লেবসমূহত টেষ্টিং কিট লাগিব। তাৰ পিছত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত টেকনিচিয়ান লাগিব। এইবোৰ কৰোতে সময় লাগিব। গতিকে পৰিস্থিতি যিকোনো মুহূৰ্ততে আৰু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে।’-চৰকাৰক কেৱল লকডাউন কৰিয়েই আত্মসন্তুষ্টি নলবলৈ আহ্বান জনাই এইদৰে কয় দেশৰ প্ৰাক্তন স্বাস্থ্য সচিব সুজাতা ৰাওৱে।

টেষ্ট চেণ্টাৰক লৈ আমাৰ দেশত দেখা দিয়া এনে সমস্যাক ভাইৰ'লজিষ্ট মিনলৰ সাহসী আৰু দৃঢ় প্ৰচেষ্টাৰ অন্তত পুণেৰ গৱেষণা প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিওৱা টেষ্টিং কিটে বহু পৰিমাণে সমাধান কৰিব পাৰিব বুলি আশা কৰিব পাৰি। কৰ'না হাৰিব, আমি জিকিম!