নলবাৰীঃ অাৰ্শীবাদ থিযেটাৰ কৰ্তৃপক্ষই ৰঙিয়াৰ চেপ্তিত অাখৰা গৃহৰ কাৰ্যালয় মুকলি কৰা হয়৷ লগতে এখন অন্তৰংগ অালাপ অনুষ্ঠিত কৰে।

অসমৰ ভ্ৰাম্যমান জগতত সুদীৰ্ঘ ৩ বছৰৰ বিৰতিৰ মূৰকত নতুন-ৰূপত আত্মপ্ৰকাশ কৰা নাট্যদলটোৱে দেওবাৰে অন্তৰংগ অালাপ অনুষ্ঠিত কৰে৷

পৰিচালন সঞ্চালক কংকন গোস্বামীয়ে অাঁত ধৰা অনুষ্ঠান নাট্যদলটোৰ মুখ্য পৃষ্ঠপোষক হিতেশ ডেকা, স্বপন সিংহ, প্ৰযোজক সৌৰভ গোস্বামী, তন্ময় বৰ্মন, কুলেন্দ্ৰ ডেকা, ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, ভ্ৰাম্যমানৰ বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, অভিনেতা প্ৰানজিৎ দাস, কৌতুক অভিনেতা ধৰ্মেশ্বৰ তালুকদাৰ, নাট্য কৰ্মী নৰেন্দ্ৰ শৰ্মা, ৰঙিয়া অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমানন্দ কলিতাৰ লগতে ২০খনৰো অধিক অাহ্বায়ক সমিতিৰ লগতে দল-সংগঠন সহ ৰঙিয়াৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন জনে গীত-মাত, নৃত্যৰে জীপাল কৰি তোলে৷