বিশেষ প্ৰতিবেদনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ চৰ্চা! এয়া আচলতে কোনো নতুন কথা নহয়। কিন্তু নতুন নোহোৱাকৈ এইবাৰ যি ধৰণে চৰ্চা চলিছে সেই চৰ্চাক মোদীৰ সমালোচকসকলে অভবূতপূৰ্ব আখ্যা দিয়া দেখা গৈছে। কিয়নো প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত মোদীৰ কোনো ভাষণক লৈ নেটিজেনসকলে নেতিবাচক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

সাধাৰণতে ছ’চিয়েল মিডিয়াৰ প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয় মোদীৰ যিকোনো ভাষণ বা ফটোতেই লাইক, কমেণ্ট, শ্বেয়াৰৰ সংখ্যা মুহূৰ্ততে অধিক হৈ পৰে। পিছে ব্যতিক্ৰম আছিল যোৱা দেওবাৰ অৰ্থাৎ ৩০ আগষ্টৰ দিনটো। প্ৰতিটো মাহৰ শেষৰটো দেওবাৰৰ দৰেকৈ ৩০ আগষ্টৰ দিনটোতো দিনৰ ১১ বজাত আকাশবাণীযোগে সম্প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকীৰ 'মন কী বাত’ অনুষ্ঠান। 

আকাশবাণীযোগে দেওবাৰে সম্প্ৰচাৰিত হৈ অহা এই অনুষ্ঠানটো দূৰদৰ্শনৰ লগতে প্ৰায় প্ৰতিটো ব্যক্তিগত ছেটেলাইট আৰু কেবল চেনেল তথা ডিজিটেল সংবাদ মাধ্যমসমূহেও পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আহিছে। ইয়াৰ লগতে পিআইবি, বিজেপি আৰু পিএম মোদীৰ ইউটিউব চেনেলযোগেও প্ৰধানমন্ত্ৰীৰ 'মন কী বাত’ৰ ভাষণ সম্প্ৰচাৰ হৈ আহিছে। 

ইউটিউব চেনেলযোগে সম্প্ৰচাৰ হোৱা উক্ত দিনৰ 'মন কী বাত’ক লৈয়ে এতিয়া চলিছে ছ’চিয়েল মিডিয়াত ইতিবাচকতকৈ নেতিবাচক চৰ্চা অধিক চলা দেখা গৈছে। পিআইবি, বিজেপি আৰু পিএম মোদী এই তিনিওটাৰে ইউটিউব চেনেলত সম্প্ৰচাৰ কৰা মোদীৰ 'মন কী বাত’ৰ ভিডিঅ’ত লাইকৰ তুলনাত কেবাগুণে অধিক হৈছে ডিছলাইক। আনকি প্ৰধানমন্ত্ৰী মোদীৰ নিজা ইউটিউব চেনেলতো লাইকতকৈ বাঢ়িছে ডিছলাইকৰ সংখ্যা।

ছ’চিয়েল মিডিয়া বিশ্লেষকসকলে ইয়াক অভূতপূৰ্ব আখ্যা দিছে। কিয়নো ইয়াৰ পূৰ্বে মোদীৰ 'মন কী বাত’ক সকলোৱে ইতিবাচক হিচাপে গ্ৰহণ কৰি আহিছিল আৰু সকলোতে লাইকৰ তুলনাত ডিছলাইক আছিল আঙুলিৰ মূৰত গণিব পৰা বিধৰ। এনে পৰিপ্ৰেক্ষিতত বহুতেই দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে আখ্যা দি অহা মোদীৰ অনুষ্ঠানটোক লৈ নেটিজেনসকল হঠাৎ বিতুষ্ট হৈ পৰাৰ অন্তৰালত কি কাৰণ থাকিব পাৰে বুলি সৰৱ চৰ্চা চলিছে।

বাঢ়িয়েই আছে ডিছলাইকৰ সংখ্যা

৩০ আগষ্ট, দেওবাৰে 'মন কী বাত’ৰ ভিডিঅ’ ইউটিউবযোগে মুকলি কৰাৰ পিছতে প্ৰতিক্ৰিয়াই নতুন ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। অনুষ্ঠানটো সম্প্ৰচাৰ হৈছিল পুৱাৰ ভাগত। কিন্তু যিমানেই সময় অতিবাহিত হৈছিল সিমানেই বাঢ়িবলৈ লৈছিল ডিছলাইকৰ সংখ্যা। 

এই বাতৰি যুগুতোৱা পৰত অৰ্থাৎ সোমবাৰে দিনৰ ৩ বজালৈকে ভাৰতীয় জনতা পাৰ্টীৰ অফিচিয়েল ইউটিউব চেনেলত 'মন কী বাত’ অনুষ্ঠানৰ ভিডিঅ’ত ভিউজ হৈছে ২২ লাখ। এই চেনেলটোত উক্ত ভিডিঅ’টো মাত্ৰ ৮৪ হাজাৰ লোকে লাইক কৰাৰ বিপৰীতে ডিছলাইক কৰিছে ৫লাখ ৬৪ হাজাৰৰো অধিক লোকে। 

একেদৰে পিএমঅ’ৰ ইউটিউব চেনেলত অনুষ্ঠানটোৰ ভিউজ হৈছে ৯লাখ ২৯ হাজাৰ। ইয়াত লাইকৰ সংখ্যা হৈছে ৪০ হাজাৰ আৰু ডিছলাইকৰ সংখ্যা হৈছে ৯৩ হাজাৰ। তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজা ইউটিউব চেনেলত 'মন কী বাত’ত ভিউজ হৈছে মাত্ৰ ৯ লাখ ৭৬ হাজাৰ। মোদীৰ নিজা চেনেলটোত মাত্ৰ ৫৪ হাজাৰ হে 'মন কী বাত’ লাইক কৰিছে। এই চেনেলটোত ভিডিঅ’টোত ডিছলাইক হৈছে ১ লাখ ৫৪ হাজাৰৰো অধিক।

আনহাতে পিআইবিৰ ইউটিউব চেনেলত ভিডিঅ’টোৰ ভিউৱাৰ্ছ হৈছে মাত্ৰ ১ লাখ ১৯ হাজাৰ। পিআইবিৰ চেনেলটোতো মাত্ৰ ৪.৪ হাজাৰ লাইকৰ বিপৰীতে ডিছলাইক হৈছে ১৩ হাজাৰ।

এনে পৰিপ্ৰেক্ষিতত এতিয়া মোদীৰ সমালোচকসকলৰ বহুতেই মন্তব্য কৰিছে যে যি ছ’চিয়েল মিডিয়াক সাৰথি হিচাপে লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ অৱস্থা লাভ কৰিছে সেই ছ’চিয়েল মিডিয়াই কৃত কৰ্মৰ বাবে তেওঁক আকৌ আগৰ অৱস্থালৈ লৈ যাব পাৰে। একাংশ লোকে এয়া মোদীৰ জনপ্ৰিয়তা হ্ৰাস পোৱা পৰ্বৰ আৰম্ভণি বুলিও দাবী কৰিছে। বিপৰীতে সমৰ্থকসকলে বিষয়টোক এৰাই চলা পৰিলক্ষিত হৈছে। দুই-এগৰাকী সমৰ্থকে ইউটিউবৰ শেহতীয়া ডিছলাইকৰ মোদীৰ জনপ্ৰিয়তাৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও দাবী কৰিছে।

এইবাৰৰ 'মন কী বাত’ত কি কৈছিল মোদীয়ে?

প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ 'মন কী বাত’ত কৰ’না মহামাৰীৰ সময়ত উৎসৱসমূহ কিদৰে পালন কৰিছে সেই বিষয়ে উল্লেখ কৰে। ইয়াৰ লগতে পিএম মোদীয়ে ভাৰতীয় উদ্যোগীসকলক খেলনাৰ ব্যৱসায়ত নিহিত হৈ থকা প্ৰচুৰ সম্ভাৱনাসমূহৰ সন্ধান কৰিবলৈকো পৰামৰ্শ আগবঢ়ায়। নিজৰ ভাষণত তেওঁ অসমৰ ধুবুৰী জিলাৰ পুতলা উদ্যোগৰ কথাও উল্লেখ কৰে।

স্বদেশী পুতলা বা শিশুৰ খেলনা নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে কয়, 'বিশ্বৰ খেলনাৰ বজাৰখন ৭ লাখ কোটি টকাৰো অধিক। কিন্তু ইমান বৃহৎ ব্যৱসায়ত ভাৰতৰ অংশীদাৰিত্ব তেনেই সামান্য।’

প্ৰধানমন্ত্ৰীয়ে খেলনাৰ লগতে ডেভলপাৰ্ছসকলক ভাৰততে কম্পিউটাৰ গেম ডেভলপ কৰিবলৈকো আহ্বান জনায়। তেওঁ কয়, 'আমাৰ দেশত আইডিয়া আৰু কনচেপ্টৰ অভাৱ নাই। ভাৰ্ছুৱেল গেম আৰু খেলনাৰ ক্ষেত্ৰখনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ আৰু স্বদেশী খেলনা ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।’

ৰাহুল গান্ধীৰ সমালোচনা

লাইকতকৈ ডিছলাইকৰ সংখ্যা বৃদ্ধি পোৱা মোদীৰ 'মন কী বাত’ক লৈ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ো আক্ৰমণাত্মক হৈ পৰিছিল। 'মন কী বাত’ত শিশুৰ খেলনাৰ কথা কোৱাক লৈ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয় যে যি সময়ত জেইই আৰু নিট পৰীক্ষাৰ্থীসকল কৰ’না কালৰ পৰীক্ষাক লৈ উদ্বিগ্ন হৈ আছে সেই সময়ত প্ৰধানমন্ত্ৰীয়ে খেলনাক লৈ আলোচনা কৰাতো শোভা নাপায়।

'জেইই আৰু নিট পৰীক্ষাৰ্থীসকলে এতিয়া পৰীক্ষাক লৈ চৰ্চা বিচাৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে চৰ্চা কৰিছে খেলনাক লৈ।’-#Mann_Ki_Nahi_Students_Ki_Baat হেছটেগ ব্যৱহাৰ কৰি মোদীৰ 'মন কী বাত’ৰ পিছতে এইদৰে টুইট কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।