ডিজিটেল ডেস্কঃ যিসময়ত চিকিৎসালয়ত তেজৰ বাবে ৰোগীয়ে আৰ্তনাদ কৰিবলগীয়া হৈছে সেই সময়তে প্ৰায় ৬ লাখ লিটাৰ তেজ উটি গ’ল নৰ্দমাত৷ বছৰি প্ৰায় লক্ষাধিক লিটাৰ তেজ মিলি যায় আৱৰ্জনাৰ লগত৷

নেশ্যনেল এইডছ কন্ট্ৰ’ল অৰ্গেনাইজেশ্যনে (এন এ চি অ) প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ চেতন কোঠাৰী নামৰ এজন ব্যাক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কৰা এক আবেদনৰ ভিত্তিত এন এ চি অ'য়ে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য৷

বিগত প্ৰায় ৫ বছৰত দেশৰ ব্লাড বেংকসমূহৰদ্বাৰা প্ৰায় ৬ লক্ষ লিটাৰ তেজ পেলাই দিয়া হৈছে৷ মুঠতে প্ৰায় ২৮ লাখ ইউনিট তেজ, প্লাজমা আৰু প্লেটিলেট পেলাই দিয়া হৈছে নৰ্দমাত৷

মূলত ব্লাডবেংক আৰু চিকিৎসালয়সমূহৰ মাজত সমন্বয়ৰ অভাৱৰ বাবেই এনেদৰে নষ্ট হৈছে জীৱন দায়িনীস্বৰূপ তেজ৷ ইণ্ডিয়ান ৰেড ক্ৰস ছচাইটিৰ চিকিৎসক জাৰিন ভাৰুচাই প্ৰকাশ কৰিছে যে এবাৰত কেৱল ৫০০ ইউনিট ৰক্ত সংৰক্ষণ কৰিব পাৰে ব্লাড বেংকসমুহে৷

সেইবাবে দেশত অধিক ব্লাড বেংকৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে৷ উল্লেখযোগ্য যে দেশত প্ৰায় প্ৰত্যেকবছৰে চিকিৎসাত প্ৰয়োজনীয় তেজৰ অভাৱৰ বাবে মৃত্যু হয় বহুতো ৰোগীৰ৷