newsnextone.com | গুৱাহাটীঃ এইবাৰ টুইটাৰত বোমা বিস্ফোৰণৰ ভাবুকি দিলে এগৰাকী লোকে৷ শনিবাৰে তথা এতিয়াৰ পৰা ৮ ঘণ্টা পূৰ্বে জাকিৰ চেনেল নামৰ টুইটাৰ একাউণ্ট যোগে টুইট কৰি এই ভাবুকি দিয়ে অসম আৰক্ষীক৷ অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই অহা ১৫ আগষ্টত বোমা বিস্ফোৰণৰ ভাবুকি দি পাৰিলে ৰখাই চাবৰ বাবে কয়৷

টুইটত কৰি জাকিৰ চেনেল নামৰ একাউণ্টৰ পৰা কয় ‘‘মই গুৱাহাটী চহৰত ১৫ আগষ্ট ২০১৮ বোমা ব্লাষ্ট কৰিম৷ অসম আৰক্ষীৰ ক্ষমতা আছে যদি আহ৷’’ এই টুইটৰ কথা প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ আনহাতে আন এটা টুইটত তেওঁ কয় যে মই আপোনাক হত্যা কৰিম মই আলফা৷ ইয়াৰ পূৰ্বেও কেইটামান টুইটত এনআৰচি সন্দৰ্ভত বিভিন্ন কথা প্ৰচাৰ চলাই আহিছে টুইটাৰ একাউণ্ট যোগে৷ একাউণ্টটো ভুৱা বুলি সন্দেহ কৰা হৈছে৷ আনহাতে ২০১৮ বৰ্ষতে খোলা একাউণ্টত থকা প্ৰফাইল ফটো খনত জাকিৰ হুছেইন বুলি লিখা আছে৷ 

উল্লেখ্য যে, বৰপেটা জিলাৰ সৰভোগৰ দৰিদ্ৰ ব্ৰইলাৰ ব্যৱসায়ী অহেদুল আলী নামৰ লোকজনৰ ফেচবুক একাউণ্টৰ পৰা দিয়া আপডেটে ৰাজ্যত হৈচৈ লগাইছিল৷ তাৰ পিছত সমগ্ৰ ৰাজ্যত উত্তেজনাৰ সৃষ্টি হৈছিল৷ উত্তেজিত লোকে জ্বলাই দিছিল অহেদুলৰ দোকানখন৷ সাধাৰণ দোকান খন দি পৰিয়াল চলাই থকা অহেদুলৰ জীৱনলৈ অহা বিপৰ্যয়ে তেওঁৰ সকলো শেষ কৰি পেলাইছিল মুহূৰ্ততে৷ অহেদুলে গমকে নাপালে তেওঁৰ জীৱনত হঠাৎ হ’ল এয়া কি৷ অহেদুলক আটক কৰি হ'ল৷ ৰাইজে উচিত শাস্তি দিয়াৰ দাবীক প্ৰতিবাদ আৰম্ভ কৰিলে৷ 

অহেদুলৰ ফাঁচী দিয়াৰ দাবী উত্থাপন হ’ল৷ ছচিয়েল মিডিয়া গৰম হৈ পৰিল৷ পাকিস্তানৰ জাৰজ সন্তান বুলি কোৱা হ’ল৷ পাকিস্তানত অহেদুলক পঠিয়াই দিব লাগে বুলি প্ৰচাৰ হ’ল আৰু দেশদ্ৰোহী, জাতিদ্ৰোহী আখ্যা দিয়া হ’ল৷ কিন্তু আৰক্ষীয়ে তদন্ত কোনো ক্ৰুতি কৰা নাছিল৷ আৰক্ষীয়ে নিখুঁত তদন্তৰ অন্তত জ্যোতিষ নাথ নামৰ এগৰাকী লোকক আটক কৰি এৰি দিছিল অহেদুলক৷ প্ৰকৃততে ফেচবুকত দিয়া পোষ্টটো দিছিল জ্যোতিষ নাথ নামৰ এজনে এইটো তেনেকুৱা কাণ্ডই হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে৷

আনহাতে একাউণ্টত উদ্ধাৰ হোৱা এখ ফটোত তেওঁৰ নাম জাকৰি হুছেইন, পিতাৰ নাম ছফিকুল ইছলাম, নগাওঁ জিলাৰ জুৰিয়াৰ জামগুৰি বুলি ঠিকনা উল্লেখ আছে৷